TV9 ASSAM
জিংক আমাৰ শৰীৰৰ বাবে গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদান। ই শৰীৰৰ বিভিন্ন কাৰ্য যেনে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি, ঘাঁ ভাল হোৱা চুলি, ছাল আৰু দৃষ্টিশক্তি সুস্থ কৰি ৰখা, জ্ঞানমূলক কাৰ্য নিয়ন্ত্ৰণ কৰে।
গৰ্ভাৱস্থা আৰু শৈশৱৰ সময়ত বৃদ্ধি আৰু বিকাশৰ বাবেও জিংক গুৰুত্বপূৰ্ণ। যেতিয়া শৰীৰত জিংকৰ অভাৱ হয় তেতিয়া কিছুমান লক্ষণে দেখা দিয়ে। জিংকৰ অভাৱৰ ফলত ডায়েৰিয়া, মেলেৰিয়া, মিজিলছ আৰু নিউমোনিয়া আদি কৰিব পাৰে।
স্নায়ুজনিত কাৰ্যক্ষমতা হ্ৰাস জিংকৰ অভাৱৰ লক্ষণ। ই জ্ঞানশক্তি, শিক্ষণ আৰু সজাগতা হ্ৰাস কৰে। জিংকৰ অভাৱত কেঁচুৱাৰ চলন-ফুৰণৰ বিকাৰ আৰু মনোযোগৰ সমস্যা হয় যি প্ৰাপ্তবয়স্ক হোৱালৈকে থাকিব পাৰে।
জিংকৰ অভাৱৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায়। ইয়াৰোপৰি জিংকৰ অভাৱত হিষ্টামিনৰ মাত্ৰা বৃদ্ধি পায়। যাৰ ফলত এলাৰ্জীৰ দৰে সমস্যা হ'ব পাৰে।
চুলি সৰাৰ এটা প্ৰধান কাৰণ হ’ল হাইপ’থাইৰয়ডিজমৰ সৈতে জড়িত জিংকৰ অভাৱ। জিংক শোষণৰ বাবে থাইৰয়ড হৰম’ন গুৰুত্বপূৰ্ণ। গতিকে জিংকৰ অভাৱৰ ফলত চুলি সৰা সমস্যা বৃদ্ধি হ'ব পাৰে।
জিংকে নখত থকা প্ৰটিনকে ধৰি আমাৰ শৰীৰৰ প্ৰটিনবোৰ বৃদ্ধি কৰাত সহায় কৰে। ইয়াৰ অভাৱত নখ ভাঙি যোৱা,নখৰ বৃদ্ধি কমি যোৱা, নখ বগা হোৱা,নখৰ কাষত খজুৱতি আদি হ'ব পাৰে। ইয়াৰোপৰি ঘাঁ বা ছালৰ আন সমস্যা হ'ব পাৰে।
জিংকৰ অভাৱৰ ফলক ভোক কমি যাব পাৰে।জিংকে আপোনাৰ ৰুচি আৰু ঘ্ৰাণশক্তিতো প্ৰভাৱ পেলাব পাৰে। গতিকে এনে সমস্যাৰ সৃষ্টি হ'লে শীঘ্ৰেই বিশেষজ্ঞৰ সহায় ল'ব লাগে।
পঢ়িবলৈ ক্লিক কৰক