শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Assam News: মুখ্যমন্ত্ৰীৰ কংগ্ৰেছক সমালোচনাৰ পৰা ক্ৰিকেট বিশ্বলৈ দিনটোৰ শীৰ্ষ খবৰ

Assam News: মুখ্যমন্ত্ৰীৰ কংগ্ৰেছক সমালোচনাৰ পৰা ক্ৰিকেট বিশ্বলৈ দিনটোৰ শীৰ্ষ খবৰ

Manas Borah
Manas Borah | Published: 07 Jul 2025 21:23 PM

বিটিআৰত ব্যাপকভাৱে সক্ৰিয় হৈ পৰা দেখা গৈছে বিজেপি দলক। সম্প্ৰতি বিটিআৰ ভ্ৰমণত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজি উপস্থিত হয় কোকৰাঝাৰ জিলাত। এক জনসভাত পুনৰ এবাৰ বিৰোধী দল কংগ্ৰেছক কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ইয়াৰ লগতে চাওক দিনটোৰ শীৰ্ষ খবৰ।

বিটিআৰ নিৰ্বাচনৰ পূৰ্বে বিটিআৰত ব্যাপকভাৱে সক্ৰিয় হৈ পৰা দেখা গৈছে বিজেপি দলক। সম্প্ৰতি বিটিআৰ ভ্ৰমণত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজি উপস্থিত হয় কোকৰাঝাৰ জিলাত। বড়ো শান্তি চুক্তিৰ পাছত বিটিআৰত কোনো এনকাউণ্টাৰ, বোমা বিস্ফোৰণ হোৱা নাই বুলি দাবী কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বড়োভূমিলৈ বিজেপি চৰকাৰৰ প্ৰচেষ্টাত শান্তি ঘূৰি আহিছে।

কোকৰাঝাৰত পুনৰ এবাৰ বিৰোধী দল কংগ্ৰেছক কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে যে অসমত ক’তো কংগ্ৰেছ নাই, কংগ্ৰেছ পাকিস্তানত আছে। নিৰ্বাচনী বতাহ লাহে লাহে বলিবলৈ ধৰা সময়তে মুখ্যমন্ত্ৰীৰ এই মন্তব্য যথেষ্ট তাৎপৰ্য বহন কৰিছে।

ইয়াৰ লগতে চাওক দিনটোৰ শীৰ্ষ খবৰ…