TV9 ASSAM
সাধাৰণতে ডায়েবেটিছ ৰোগীৰ বাবে আম ক্ষতিকাৰক বুলি সততে কোৱা হয়। আমত প্ৰাকৃতিক চেনি (ফ্ৰুক্ট’জ) থাকে বাবে তেজত চেনিৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে বুলি কোৱা হয়।
পিছে আম সঠিকভাৱে খালে ডায়েবেটিছ ৰোগীৰ বাবেও উপকাৰী হ’ব পাৰে। আয়ুৰ্বেদ, আধুনিক পুষ্টি বিজ্ঞানৰ মতে পকা আমৰ কিছুমান বিশেষ গুণে ডায়েবেটিছ ৰোগীক ভিন্ন ধৰণে সহায় কৰে।
আমত থকা প্ৰাকৃতিক ফাইবাৰে হজম শক্তিত সহায় কৰে আৰু চেনি শোষণ নিয়ন্ত্ৰণত সহায় কৰে। ফাইবাৰে চেনিৰ শোষণ লেহেমীয়া কৰে বাবে তেজত চেনিৰ মাত্ৰা হঠাতে বৃদ্ধি নহয়।
আমত থকা বিটা-কেৰটিন, ভিটামিন চি আৰু ফাইটোকেমিকেলে শৰীৰৰ কোষক সুৰক্ষা প্ৰদান কৰাৰ লগতে ইনচুলিনৰ সংবেদনশীলতা বৃদ্ধিত সহায় কৰে। ফলত ডায়েবেটিছ ৰোগীৰ জটিলতা হ্ৰাস পাব পাৰে।
আয়ুৰ্বেদ মতে আমৰ পাত আৰু কেঁচা আমে ইনচুলিন উৎপাদন আৰু কাৰ্যক্ষমতা বৃদ্ধিত সহায় কৰে। চেনি নিয়ন্ত্ৰণৰ বাবে বহুলোকে পুৱা সেয়ে আমৰ ৰস খায়।
ডায়েবেটিছ ৰোগীৰ হৃদযন্ত্ৰ আৰু চকুত বেছিকৈ আক্ৰান্ত হয়। আমলখিত থকা ভিটামিন এ, চি আৰু ই এই অংগসমূহৰ সুৰক্ষা প্ৰদানত সহায় কৰে বুলি কোৱা হয়।
অৱশ্যে দিনটোত সামান্য পৰিমাণৰ আম খাব লাগে। ভৰপূৰ পেটত খোৱাৰ পৰিৱৰ্তে লঘু আহাৰ খোৱাৰ পিছত খাব। বিলাতী আমৰ পৰিৱৰ্তে স্থানীয় জাতৰ আম খাব।
অৱশ্যে অনিয়ন্ত্ৰিত চেনিৰ মাত্ৰা থকা বা ইনচুলিনৰ ওপৰত নিৰ্ভৰশীল ৰোগী সকলে চিকিৎসকৰ পৰামৰ্শ লোৱাৰ পিছতহে আম খাব লাগে।
পঢ়িবলৈ ক্লিক কৰক
খালী পেটত গ্রীণ টী খালে কি প্ৰভাৱ পৰে?