Today Top News : পলকতে পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ…
এক জনসভাত অংশগ্ৰহণ কৰি পুনৰ এবাৰ বিৰোধী দল কংগ্ৰেছক কটাক্ষ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। একে সময়তে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাং ৰংহাঙক প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কৰা সমালোচনা সন্দৰ্ভত কংগ্ৰেছ সাংসদগৰাকীক উভতি ধৰিছে মুখ্যমন্ত্ৰীয়ে। ইয়াৰ লগতে পঢ়ক দিনটোৰ শীৰ্ষ খবৰসমূহ...

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাImage Credit source: X Handle
আজি বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। ৰাজনৈতিক ক্ষেত্ৰখনলৈ লক্ষ্য কৰিলে দেখা যায় যে, বিটিআৰ নিৰ্বাচনৰ পূৰ্বে বিটিআৰত ব্যাপকভাৱে সক্ৰিয় হৈ পৰা দেখা গৈছে বিজেপি দলক। এক জনসভাত অংশগ্ৰহণ কৰি পুনৰ এবাৰ বিৰোধী দল কংগ্ৰেছক কটাক্ষ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। একে সময়তে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাং ৰংহাঙক প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কৰা সমালোচনা সন্দৰ্ভত কংগ্ৰেছ সাংসদগৰাকীক উভতি ধৰিছে মুখ্যমন্ত্ৰীয়ে। ইয়াৰ লগতে পঢ়ক দিনটোৰ শীৰ্ষ খবৰসমূহ…
দিনটোৰ শীৰ্ষ খবৰ
- বিটিআৰ নিৰ্বাচনৰ পূৰ্বে বিটিআৰত ব্যাপকভাৱে সক্ৰিয় হৈ পৰা দেখা গৈছে বিজেপি দলক। সম্প্ৰতি বিটিআৰ ভ্ৰমণত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজি উপস্থিত হয় কোকৰাঝাৰ জিলাত। বড়ো শান্তি চুক্তিৰ পাছত বিটিআৰত কোনো এনকাউণ্টাৰ, বোমা বিস্ফোৰণ হোৱা নাই বুলি দাবী কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বড়োভূমিলৈ বিজেপি চৰকাৰৰ প্ৰচেষ্টাত শান্তি ঘূৰি আহিছে।
- কোকৰাঝাৰত পুনৰ এবাৰ বিৰোধী দল কংগ্ৰেছক কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে যে অসমত ক’তো কংগ্ৰেছ নাই, কংগ্ৰেছ পাকিস্তানত আছে। নিৰ্বাচনী বতাহ লাহে লাহে বলিবলৈ ধৰা সময়তে মুখ্যমন্ত্ৰীৰ এই মন্তব্য যথেষ্ট তাৎপৰ্য বহন কৰিছে।
- কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাং ৰংহাঙক প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কৰা সমালোচনা সন্দৰ্ভত কংগ্ৰেছ সাংসদগৰাকীক উভতি ধৰিছে মুখ্যমন্ত্ৰীয়ে। পাকিস্তানৰ সৈতে সম্পৰ্ক থকা ব্যক্তিয়ে ৰংহাঙক সমালোচনা কৰি তেওঁৰ প্ৰগতিৰ মনোভাৱক ম্লান পেলাব নোৱাৰে বুলি কয় ডঃ শৰ্মাই।
- পুনৰ ডিমা হাছাওত ভূমিস্খলন। লামডিং-বদৰপুৰ লাইনত পুনৰ ব্যাহত হৈ পৰিছে ৰে’ল চলাচল। দিহাখো আৰু মুপা ষ্টেচনৰ মাজত ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত হৈছে ৰেলপথছোৱা। যোৱা ২৩ জুনত এই ৰেলপথ ক্ষতিগ্ৰস্ত হোৱাৰ পাছত ব্যাহত হৈ আছিল ৰে’ল চলাচল।
- নৰেন্দ্ৰ মোদীৰ ১১ বছৰীয়া শাসনকালত দেশৰ আন প্ৰান্তৰ লগতে উত্তৰ-পূবেও লাভ কৰিছে অগ্ৰগতি। সোমবাৰে এক সংবাদমেলত এই মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। তেওঁ লগতে কয় যে, ২০২৯ চনৰ ভিতৰত ভাৰতক বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হিচাপে প্ৰধানমন্ত্ৰীৰ নেতৃত্বত প্ৰতিটো মন্ত্ৰণালয় আগবঢ়িছে।
- যোৰহাটত দুদিনত উদ্ধাৰ তিনিজনকৈ যুৱকৰ মৃতদেহ। দেওবাৰে প্ৰথমটো মৃতদেহ উদ্ধাৰ হৈছিল দিচৈনগৰত। ভোগদৈ নৈৰ পাৰত উদ্ধাৰ হোৱা মৃতদেহটো আছিল অনিমেষ বৰাৰ। সোমবাৰে পুনৰ মালৌ আলিৰ সমীপৰ ঢেকৰগড়া মথাউৰিৰ কাষত উদ্ধাৰ হয় দীপাংকৰ বৰাৰ মৃতদেহ। একেদিনাই গেলাবিলত ভোগদৈ নৈত উদ্ধাৰ হয় জিত দাসৰ মৃতদেহ।
- পুনৰ গোৱালপাৰাত চলিব উচ্ছেদ অভিযান। অহা ১১ জুলাইত পাইকান সংৰক্ষিত বনাঞ্চলৰ ১৩৮ হেক্টৰ ভূমিত চলোৱা হ’ব উচ্ছেদ অভিযান। বনবিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে এই কথা। ইতিমধ্যে সেই অঞ্চলত অবৈধভাৱে বাস কৰা লোকসকল ঠাই এৰি দিবলৈ জাননী জাৰি কৰিছে বন বিভাগে।
- পঞ্জাৱৰ হোছিয়াৰপুৰত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা। এখন যাত্ৰীবাহী বাছ আৰু আন এখন বাহনৰ মাজত হোৱা সংঘৰ্ষত নিহত হয় প্ৰায় ৮ গৰাকী যাত্ৰী। এই দুৰ্ঘটনাত আন ২০ গৰাকী যাত্ৰী আহত হয়। বাহনখনত খুন্দা মৰাৰ পাছত পথৰ ওপৰত বাগৰি পৰে বাছখন।
- অভিলেখ নৰচাকৈয়ে অভিলেখৰ গৰাকী হ’ল দক্ষিণ আফ্ৰিকাৰ এগৰাকী খেলুৱৈ। জিম্বাব’ৱে আৰু দক্ষিণ আফ্ৰিকাৰ মাজত চলি আছে টেষ্ট শৃংখলাৰ দ্বিতীয়খন মেচ। এই মেচত দঃ আফ্ৰিকাৰ অধিনায়ক ভিয়ান মুল্ডৰে ব্ৰায়ান লাৰাৰ ঐতিহাসিক ৪০০ ৰাণৰ অভিলেখ ভংগৰ কাষ চাপিছিল যদিও তেওঁ সেই অভিলেখ অক্ষুণ্ণ ৰাখি ইনিংছ সমাপ্তি ঘোষণা কৰে। মুল্ডৰে ৩৬৭ ৰাণ সংগ্ৰহ কৰে এই ইনিংছত।