প্ৰেম প্ৰত্যাখ্যানৰ ভয়ংকৰ ৰূপ! ভনী-জোঁৱাই চাহাবুদ্দিনৰ হাতত প্ৰাণ গ’ল মহিলাৰ…
গুৱাহাটী মহানগৰীত সংঘটিত হৈছে চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা। চাহাবুদ্দিনৰ হাতত প্ৰাণ হেৰুৱালে এগৰাকী মহিলাই। জানিব পৰা মতে, মহিলাগৰাকীয়ে অভিযুক্তৰ প্ৰেম প্ৰত্যাখ্যান কৰি আহিছিল।

দিনক দিনে অপৰাধীৰ হাবলৈ যেন পৰিণত হৈছে গুৱাহাটী মহানগৰী। নিতৌ গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ পৰা কিছুমান অনাকাংক্ষিত ঘটনা পোহৰলৈ আহে। শেহতীয়াকৈ গুৱাহাটী মহানগৰীৰ বামুণীমৈদামত সংঘটিত হৈছে আন এক নৃশংস হত্যাকাণ্ডৰ ঘটনা। জানিব পৰা মতে, এগৰাকী মহিলাই প্ৰেম প্ৰত্যাখ্যান কৰাৰ বাবে ভনী-জোঁৱায়েকে ডিঙি কাটি হত্যা কৰে। বামুণীমৈদামৰ বিজি য়াৰ্ডত সংঘটিত হৈছে এই নৃশংস কাণ্ড। মৃত মহিলাগৰাকী গলেজা বিবি বুলি চিনাক্ত হোৱাৰ বিপৰীতে অভিযুক্ত ছাহাবউদ্দিন মণ্ডল বুলি চিনাক্ত হৈছে।
জানিব পৰা মতে দেওবাৰ (৬ জুলাই)য়ে নিশা প্ৰায় ১০ মান বজাত চাহাবুদ্দিন মণ্ডল (৪০)নামৰ লোকজনে চোকা অস্ত্ৰৰে মহিলাগৰাকীক আক্ৰমণ কৰে। যাৰ ফলত ২সন্তানৰ মাতৃ তথা মহিলাগৰাকীয়ে থিতাতে মৃত্যুক সাৱতি লয়। চাহাবুদ্দিনে এজন কাঠমিস্ত্ৰী হিচাপে কাম কৰে।
অভিযোগ অনুসৰি, দীৰ্ঘদিন ধৰি চাহাবুদ্দিনে মহিলাগৰাকীক প্ৰেমৰ প্ৰস্তাৱ আগবঢ়াই আহিছিল। কেইবাবাৰ বিয়াৰ প্ৰস্তাৱ দিছে যদিও সেই প্ৰস্তাৱ বাৰে বাৰে মহিলাগৰাকীয়ে নাকচ কৰি আহিছে। এনেবোৰ কাৰণতে চাহাবুদ্দিনে মহিলাগৰাকীক দীৰ্ঘদিন ধৰি হাৰাশাস্তি কৰি আহিছিল। কিন্তু তাৰ পাছতো মহিলাগৰাকীয়ে যেতিয়া তেওঁৰ প্ৰস্তাৱ গ্ৰহণ কৰা নাছিল তেতিয়া এই জঘন্য কাণ্ড সংঘটিত কৰে।
জানিব পৰা মতে, ইয়াৰ পূৰ্বেও চাহাবুদ্দিনে মহিলাগৰাকীক আক্ৰমণ কৰিছিল। পূৰ্বে চাহাবুদ্দিনে কৰা আক্ৰমণত মহিলাগৰাকী আঘাতপ্ৰাপ্ত হৈছিল, যাৰ বাবে তেওঁ চানমাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল।
ঘটনাৰ বিৱৰণী অনুসৰি, কালি নিশা নিজ সন্তান আৰু অন্য এগৰাকী যুৱতীৰ সৈতে মহিলাগৰাকী বজাৰৰ পৰা আহি আছিল। দেওবাৰ হোৱা বাবে বেছিভাগ দোকান বন্ধ আৰু ৰাস্তাও প্ৰায় খালী আছিল। তেতিয়াই তেওঁলোকৰ আগত আহি ওলাই চাহাবুদ্দিন। তেওঁ লগে লগে মহিলাগৰাকী তেওঁৰ ওচৰলৈ টানি নিব খোজে কিন্তু মহিলাগৰাকীয়ে বাধা দিয়ে। এই কথাত ক্ষোভিত হৈ চাহাবুদ্দিনে পকেটৰ পৰা চোকা ছুৰী উলিয়াই মহিলাগৰাকীৰ ডিঙি কাটি হত্যা কৰে।
এই আক্ৰমণত মহিলাগৰাকীৰ অধিক ৰক্তক্ষৰণ হয়, যাৰ ফলত তেওঁৰ থিতাতে মৃত্যু হয়। ইফালে চাহাবুদ্দিনে হত্যাকাণ্ড সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে। ঘটনা সন্দৰ্ভত আৰক্ষী অৱগত হোৱাৰ লগে লগে উক্তস্থানত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে। ইফালে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত। বৰ্তমান চাহাবুদ্দিন পলাতক অৱস্থাত আছে। আৰক্ষীয়ে তেওঁক বিচাৰি অভিযান অব্যাহত ৰাখিছে।
অন্য খবৰ পঢ়কঃ যোৰহাটত চাঞ্চল্য! উদ্ধাৰ ৩ যুৱকৰ মৃতদেহ, কেনেকৈ মৃত্যু হ’ল অনিমেষ, দিপাংকৰ আৰু জিতৰ?