শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ছাত্ৰৰ ছুৰিকাঘাতত মৃত্যু হ’ল শিক্ষকৰ, কেনেকৈ সংঘটিত হ’ল এই চাঞ্চল্যকৰ হত্যাকাণ্ড… ?

চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰি গৈছে শিৱসাগৰ জিলাৰ লগতে সমগ্ৰ ৰাজ্য । সূত্ৰ খবৰ অনুসৰি, শিৱসাগৰৰ নগৰৰ বি জি ৰোডত থকা সাই বিকাশ একাডেমীত শনিবাৰে বিয়লি এক চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হয় । জানিব পৰা মতে, এজন একাদশ শ্ৰেণীৰ ছাত্ৰৰ আক্ৰমণত মৃত্যুক আকোৱালি লয় একাডেমীখনৰ অধ্যক্ষগৰাকীয়ে ।

ছাত্ৰৰ ছুৰিকাঘাতত মৃত্যু হ’ল শিক্ষকৰ, কেনেকৈ সংঘটিত হ’ল এই চাঞ্চল্যকৰ হত্যাকাণ্ড… ?
ছাত্ৰৰ আক্ৰমণত শিক্ষকৰ মৃত্যু
manas-borah
Manas Borah | Published: 07 Jul 2024 08:19 AM

এক চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰি গৈছে শিৱসাগৰ জিলাৰ লগতে সমগ্ৰ ৰাজ্য । সূত্ৰ খবৰ অনুসৰি, শিৱসাগৰৰ নগৰৰ বি জি ৰোডত থকা সাই বিকাশ একাডেমীত শনিবাৰে বিয়লি এক চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হয় । জানিব পৰা মতে, এজন একাদশ শ্ৰেণীৰ ছাত্ৰৰ আক্ৰমণত মৃত্যুক আকোৱালি লয় একাডেমীখনৰ অধ্যক্ষগৰাকীয়ে ।

ঘটনাৰ বিৱৰণ অনুসৰি, ছাত্ৰজনৰ আক্ৰমণত একাডেমীৰ অধ্যক্ষ ৰাজেশ বেজৱাৰাৰ মৃত্যু হয় । জানিব পৰা মতে, ৰাজেশ বেজৱাৰাৰ ঘৰ অন্ধ্ৰপ্ৰদেশত । শনিবাৰে বিয়লি ৰাসায়ন বিজ্ঞানৰ পাঠদান চলি থকাৰ সময়তে ছাত্ৰ জনৰ বিৰুদ্ধে বিভিন্ন অভিযোগ তুলি অধ্যক্ষগৰাকীয়ে ছাত্ৰজনক শ্ৰেণী কোঠাৰ পৰা বহিষ্কাৰ কৰে ।

ইয়াৰ পাছতে ছাত্ৰজনে ইউনিফৰ্ম সলনি কৰি পুনৰ বিদ্যালয়ত উপস্থিত হয় । সেই সময়ত ছাত্ৰজনক শ্ৰেণী কোঠাত প্ৰৱেশ কৰাত বাধা দিয়াত ছাত্ৰজনে লগত লৈ অনা ছুৰীৰে অধ্যক্ষগৰাকীৰ মুখ আৰু বুকুত উপৰ্যুপৰি আঘাত কৰে । এই ঘটনা সংঘটিত হোৱাৰ লগে লগে বিদ্যালয়ত এক হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হয় ।

ছাত্ৰজনৰ আক্ৰমণত গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত অধ্যক্ষজনক স্থানীয় এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হয় । চিকিৎসকে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰিছিল যদিও স্বাস্থ্যৰ অধিক অৱনতি ঘটাত স্থানীয় চুকাফা হাস্পতালত ভৰ্তি কৰা হয় । ইয়াতে অধ্যক্ষ গৰাকীক মৃত ঘোষণা কৰে চিকিৎসকে ।

ইফালে, এজাহাৰ ভিত্তিত এই আক্ৰমণ সংঘটিত কৰা ছাত্ৰজনক আটক কৰিছে শিৱসাগৰ আৰক্ষীয়ে । ইয়াৰ লগতে শিৱসাগৰ আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে । উল্লেখ্য যে, অধ্যক্ষ ৰাজেশ বেজৱাৰাৰ বয়স ৪৫ বছৰ ।