শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বৰযাত্ৰীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত, থিতাতে প্ৰাণ হেৰুৱালে ৮জনে, আহত ২জন…

এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৮ জনকৈ লোকে লগতে আহত হয় ২ জন। জানিব পৰা মতে ট্ৰেক্টৰৰ লগত সংঘৰ্ষ হৈ এই ঘটনা সংঘটিত হয়। মৃত আটাইকেইজন বিয়ালৈ গৈ আছিল।

বৰযাত্ৰীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত, থিতাতে প্ৰাণ হেৰুৱালে ৮জনে, আহত ২জন…
পথ দুৰ্ঘটনাImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 06 May 2025 08:56 AM

এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৮ জনকৈ লোকে লগতে আহত হৈছে ২ জন। জানিব পৰা মতে, মৃত্যু হোৱা আটাইকেইজন লোক বৰযাত্ৰী আছিল। নিশা বিয়ালৈ বুলি গৈ থকা অৱস্থাত ট্ৰেক্টৰৰ লগত এখন স্ক’ৰপিঅ’ৰ হোৱা সংঘৰ্ষৰ ফলত এই ভয়ংকৰ ঘটনা সংঘটিত হয়। তথ্য লাভ কৰাৰ লগতে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে আহত দুজনক সংকটজনক অৱস্থাত হাস্পাতালত ভৰ্তি কৰে। এই ঘটনা সংঘটিত হৈছে বিহাৰৰ কাটিহাৰত।

এই ঘটনা ইমানেই ভয়ংকৰ আছিল যে ট্ৰেক্টৰৰ সৈতে খুন্দা মৰাৰ ফলত স্ক’ৰপিঅ’ গাড়ীখন ছিন্নভিন্ন হৈ পৰে। দুৰ্ঘটনাৰ লগে লগে ঘটনাস্থলীত চিঞৰ-বাখৰ আৰম্ভ হয়। স্থানীয়লোকসকল উপস্থিত হৈ তেওঁলোকক উদ্ধাৰ কৰাৰ চেষ্টা কৰে যদিও মৃত্যুক সাৱতি লয় ৮ জনে। জানিব পৰা মতে, তীব্ৰ বেগত গৈ থকা গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই ৰখাই থোৱা ট্ৰাকত খুন্দা মাৰে। ৰাস্তাত কুঁহিয়াৰ সিঁচৰিত হৈ আছিল যাৰ বাবে গাড়ীখন পিছলি যায় আৰু কুঁহিয়াৰ ভৰ্তি ট্ৰাকখনত খুন্দা মাৰে।

পৰৱৰ্তী সময়ত স্থানীয়লোকে আৰক্ষীক খবৰ দিয়ে। আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে আহতসকলক হাস্পাতালত ভৰ্তি কৰে। চিকিৎসাধীন অৱস্থাত থকা দুজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে জনাই যে, মৃতসকলৰ মৰণোত্তৰ পৰীক্ষা কৰা হ’ব। ইতিমধ্য তেওঁলোকৰ পৰিয়ালক ঘটনাৰ বিষয়ে অৱগত কৰা হৈছে।

কাটিহাৰৰ কুৰ্চেলা থানা এলেকাৰ চান্দপুৰ হনুমান মন্দিৰৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা। জানিব পৰা মতে স্ক’ৰপিঅ’ বাহনথন ৰূপাউলী থানা এলেকাৰ ধীবৰা গাঁৱৰ পৰা পূৰ্ণিয়া জিলাৰ কোস্কিপুৰলৈ গৈ থকা বিবাহ যাত্ৰীৰ বাহন আছিল। কিন্তু ৰাস্তাত সিঁচৰিত হৈ থকা কুঁহিয়াৰত পিছলি গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয় আৰু প্ৰাণ হেৰুৱাই কেইবাজনে।

এই  দুৰ্ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে। নিহতসকলৰ ভিতৰত আছে টুনটুন কুমাৰ, জ্যোতিষ কুমাৰ, প্ৰিন্স কুমাৰ, অজয় ​​কুমাৰ, ছিক্কু কুমাৰ আৰু তিনিজন যুৱক। আনহাতে, দুজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। এই ঘটনাৰ পাছতে বিয়াৰ আনন্দ শোকলৈ ৰূপান্তৰিত হয়। বৰ্তমান আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত কৰি আছে। তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

 

অন্য খবৰ পঢ়়কঃ ২৬ বছৰ পূৰ্বে ভাৰতে কৰি দিছিল মুকলি, পহলগাম কাণ্ডত নাম সাঙোৰ খোৱা সন্ত্ৰাসবাদী মুস্তাক আহমেদ কোন? জানক সকলো…