শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

মানস ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া হাতী হত্যা কৰাৰ অপৰাধত ৩ চোৰাং চিকাৰীক গ্ৰেপ্তাৰ

শুকুৰবাৰে মানস ৰাষ্ট্ৰীয় উদ্যানত তিনিটা বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ হৈছিল । এই হাতী কেইটা চোৰাং চিকাৰীয়ে হত্যা কৰাৰ অভিযোগ উত্থাপন হয়। ইয়াৰ পাছত আজি সোমাবাৰে সেই তিনিটা হাতীৰ হত্যাৰ সৈতে জড়িত থকাৰ অভিযোগত তিনিজন লোকক আটক কৰিছে আৰক্ষীয়ে ।

মানস ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া হাতী হত্যা কৰাৰ অপৰাধত ৩ চোৰাং চিকাৰীক গ্ৰেপ্তাৰ
প্ৰতীকী ফটোImage Credit source: GettyImage
manas-borah
Manas Borah | Published: 05 May 2025 20:09 PM

মানস ৰাষ্ট্ৰীয় উদ্যানত তিনিটাকৈ বনৰীয়া হাতী হত্যাৰ ঘটনাৰ সৈতে জড়িত থকাৰ অপৰাধত তিনি চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰাৰ খবৰ লাভ কৰা গৈছে । সূত্ৰৰ খবৰ অনুসৰি চিৰাং জিলাৰ পৰা গ্ৰেপ্তাৰ কৰা এই তিনিজন লোকৰ পৰা বন্দু, কাৰ্টিজ, ৱাকি টকি চেট আৰু চোৰাং চিকাৰৰ সামগ্ৰী জব্দ কৰে আৰক্ষীয়ে । ইয়াৰ লগতে দুটা হাতীৰ দাঁত জব্দ কৰা বুলিও জানিব পৰা গৈছে ।

উল্লেখ্য় যে, যোৱা শুকুৰবাবে মানস ৰাষ্ট্ৰীয় উদ্যানত তিনিটা বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ কৰিছিল বনৰক্ষীয়ে । উদ্ধাৰ হোৱা হাতী কেইটাক চোৰাং চিকাৰীয়ে হত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰা হৈছিল । ইয়াৰ পাছতে তদন্ত আৰম্ভ কৰিছিল আৰক্ষীয়ে ।

এই তদন্তৰ অংশ হিচাপে চিৰাং জিলাৰ পৰা এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত তিনিজনক আটক কৰে আৰক্ষীয়ে । তেওঁলোকৰ পৰা দুটা লোডিং বন্দুক, কাৰ্টিজ, ৱাকি টকি চেট আৰু চোৰাং চিকাৰৰ সামগ্ৰী জব্দ কৰে আৰক্ষীয়ে। আটক কৰাৰ পাছত অভিযুক্তক লগত লৈ চলোৱা অভিযানত দুটা দাঁত উদ্ধাৰ কৰে আৰক্ষীয়ে।

বনৰীয়া হাতী হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা চোৰাং চিকাৰী কেইজনৰ নাম হৈছে জাবিদ বৰগৈয়াৰী, মহেশ ইছলাৰী আৰু জাৰণ বসুমতাৰী।

মানস ৰাষ্ট্ৰীয় উদ্যানখনৰ পশ্চিম অংশৰ পানবাৰী ৰেঞ্জৰ অন্তৰ্গত পালেংশী বিট এলেকাৰ সমীপত শুকুৰবাৰে টহল দি থকা সময়ত বনৰক্ষী বাহিনীয়ে উদ্ধাৰ কৰিছিল তিনিটা বনৰীয়া হাতীৰ মৃতদেহ। এই হাতী কেইটা চোৰাং চিকাৰীয়ে হত্যা কৰা বুলি অভিযোগ উত্থাপন হয় ।