শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

অসমত এতিয়া এটাই সমস্যা, গৌৰৱ গগৈৰ সন্তান দেশী নে বিদেশী?

মুখ্যমন্ত্ৰীৰ পৰা মন্ত্ৰী-বিধায়কলৈকে শাসকীয় দল এটা বিষয়ক লৈ ব্যস্ত হৈ পৰা কথাটো বহুতেই চৰ্চা কৰিছে । সেই বিষয়টো হ'ল গৌৰৱ গগৈ । একাংশই অভিযোগ কৰিছে যে ৰাজ্যৰ মূল সমস্যাৱলীৰ পৰা ৰাইজৰ দৃষ্টি আঁতৰ কৰাৰ বাবে বিজেপিয়ে এই কৌশল গ্ৰহণ কৰিছে ।

অসমত এতিয়া এটাই সমস্যা, গৌৰৱ গগৈৰ সন্তান দেশী নে বিদেশী?
হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈImage Credit source: X handle
raj-saikia
Raj Saikia | Updated On: 05 May 2025 15:26 PM

শেহতীয়াকৈ অসমৰ ৰাজনীতিত এটা বিষয়ে ব্যাপক চৰ্চা লাভ কৰিছে । পঞ্চায়ত নিৰ্বাচনৰ এই ভৰপক সময়ত ৰাজ্যৰ জনতাই সন্মুখীন হৈ অহা সমস্যাৰ বিষয়ে যিমান আলোচনা হৈছে, তাতোকৈ বেছি আলোচনা হৈছে আন এটা বিষয়ক লৈহে । সেয়া হৈছে কংগ্ৰেছৰ সাংসদ তথা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈৰ সপত্নীক পাকিস্তান ভ্ৰমণ আৰু তেওঁৰ পত্নী-সন্তানৰ নাগৰিকত্ব । ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি সাধাৰণ লোক এজনলৈকে প্ৰায় সকলোৰে মুখত এই একেটাই বিষয় ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী সভাত, সংবাদ মাধ্যমৰ সমুখত সিমান চৰকাৰী আঁচনি বা ৰাইজ প্ৰতি আগবঢ়োৱা সুবিধাৰ কথা কোৱা নাই, যিমান গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণ আৰু তেওঁৰ পত্নী-সন্তানৰ নাগৰিকত্বৰ কথা কৈছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এজন যাদুকৰতকৈ কোনো গুণে কম নহয় । তেওঁ নিজেও জানে, যেতিয়া তেওঁ মুখ খোলে, তেওঁৰ মন্তব্যক লৈ দীঘলীয়া চৰ্চা সংবাদ মাধ্যমৰ পৰা সামাজিক মাধ্যমলৈ সকলোতে হ’বই । সেয়ে ইয়াৰ সম্পূৰ্ণ সুযোগ তেওঁ গ্ৰহণ কৰে ।

শেহতীয়াকৈ ইয়াৰ প্ৰতিফলন দেখা গৈছে গৌৰৱ গগৈৰ বিষয়টোক লৈ । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অভিযোগ তুলিছিল যে গৌৰৱ গগৈৰ পত্নী এলিজাবেথ ক’লবাৰ্ণ গগৈয়ে পাকিস্তানৰ চোৰাংচোৱা সংস্থা আইএছআইৰ সৈতে সম্পৰ্কিত এক এন জি অ’ৰ হৈ কাম কৰিছিল আৰু পাক চোৰাংচোৱাৰে সৈতে জড়িত ব্যক্তিৰ সৈতে তেওঁৰ সম্পৰ্ক আছে । গৌৰৱ গগৈয়ে পত্নীৰ সৈতে পাকিস্তানত ১৫ দিন কটোৱাৰো অভিযোগ তুলিছিল মুখ্যমন্ত্ৰীয়ে ।

মুখ্যমন্ত্ৰীৰ এই অভিযোগৰ ভিত্তিত গঠন কৰা হয় এছ আই টি আৰু গৌৰৱ গগৈক সোধা-পোছা কৰা বুলিও জানিব পৰা গৈছে । ইয়াৰ লগতে মুখ্যমন্ত্ৰীয়ে আন এক অভিযোগো তোলে । সেয়া হৈছে গৌৰৱৰ পত্নী আৰু সন্তানৰ নাগৰিকত্ব । অভিযোগ তোলা হৈছে যে গৌৰৱ গগৈৰ পত্নী আৰু সন্তানে ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰা নাই ।

মুখ্যমন্ত্ৰীৰ অভিযোগৰ আঁত ধৰি বিজেপিৰ আন কেবাগৰাকীও নেতা-মন্ত্ৰীয়েও গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণ বা পত্নী-সন্তানৰ নাগৰিকত্বৰ বিষয়ক লৈ সংবাদ মাধ্যমত মন্তব্য কৰি আহিছে । বিৰোধী দুই-এক নেতাই এই বিষয়ত মন্তব্য কৰি পাকিস্তান ভ্ৰমণ কৰাতো কোনো দোষৰ কথা নহয় বুলি উল্লেখ কৰাৰ লগতে, বিজেপি চৰকাৰে ভ্ৰমণৰ ভিছাত কিয় অনুমোদন জনাইছিল বুলিও প্ৰশ্ন তুলিছে ।

কথা হ’ল গৌৰৱ গগৈয়ে পাকিস্তান ভ্ৰমণৰ সময়ত কোনো দেশ বিৰোধী কাৰ্যত লিপ্ত হৈছিল নেকি? এই বিষয়ত অনুসন্ধান সংস্থাই তদন্ত কৰি প্ৰয়োজনত গৌৰৱ গগৈৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে । কিন্তু কথা হ’ল মুখ্যমন্ত্ৰীৰ পৰা মন্ত্ৰী-বিধায়কলৈকে শাসকীয় দল এই এটা বিষয়ক লৈ ব্যস্ত হৈ পৰা কথাটোও বহুতে চৰ্চা কৰিছে । একাংশই অভিযোগ কৰিছে যে ৰাজ্যৰ মূল সমস্যাৱলীৰ পৰা ৰাইজৰ দৃষ্টি আঁতৰ কৰাৰ বাবে বিজেপিয়ে এই কৌশল গ্ৰহণ কৰিছে ।

কেইদিনমান পূৰ্বে নলবাৰীত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱাৰ সময়ত গৌৰৱ গগৈক ক’লা পতাকা দেখুৱাই প্ৰতিবাদ কৰিছিল একাংশ লোকে । তেওঁলোকে গৌৰৱ গগৈক পাকিস্তানী, পাকিস্তানৰ সমৰ্থক আদি বিভিন্ন বাক্যৰে বিৰোধ কৰে । এই বিৰোধৰ কাৰণ কি বাৰু? অৱশ্যেই ক’ব পাৰি যে মুখ্যমন্ত্ৰীয়ে তোলা অভিযোগ আৰু বিজেপিৰ একাংশ মন্ত্ৰী-বিধায়কে এই বিষয়ত কৰা মন্তব্যৰ বাবেই ৰাইজৰ মনতো গৌৰৱ গগৈৰ প্ৰতি তেনে এক মনোভাৱ গঢ়ি উঠিছে ।

আমি গৌৰৱ গগৈক কোনো সমৰ্থন কৰিবলৈ যোৱা নাই । সামাজিক মাধ্যমত বিভিন্নজনে প্ৰকাশ কৰা মন্তব্য লক্ষ্য কৰিহে এই বিষয়ৰ অৱতাৰণা কৰা হৈছে । যদি গৌৰৱ গগৈয়ে পাকিস্তানত গৈ কোনো দেশ বিৰোধী কাৰ্য কৰিছে তেন্তে অৱশ্যেই অনুসন্ধানৰ অন্তত তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা উচিত । কিন্তু এই বিষয়টোক লৈ যিদৰে ৰাইজ ব্যস্ত হৈ পৰিছে, তালৈ চাই বিজেপি নিজৰ উদ্দেশ্যত সফল হোৱা যেন অনুমান হয় ।

পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ পূৰ্বে বিশ্বনাথত এখন নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰীয়ে ভাষণৰ মাজতে এ পি এছ চি কেলেংকাৰী সন্দৰ্ভত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনত উল্লিখিত এগৰাকী সাক্ষীৰ ভাষ্যৰ উদ্ধৃতি দি কংগ্ৰেছৰ শাসনকালত অসমৰ মহিলাই চাকৰিৰ বাবে ‘আপোচ’ কৰিবলগীয়া হৈছিল বুলি এক মন্তব্য কৰে ।

মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ কিন্তু কোনেও বিৰোধিতা কৰা দেখা নগ’ল । কংগ্ৰেছৰ সময়ত চাকৰি পোৱা মহিলাসকলেও কিন্তু সজোঁৰে দাবী নকৰিলে যে তেওঁলোকৰ বিৰুদ্ধে এয়া মিছা বক্তব্য কৰা হৈছে । মহিলা কংগ্ৰেছে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অসমৰ মহিলাৰ ‘সতীত্ব’ক অপমান কৰাৰ অভিযোগ তুলি এজাহাৰ দাখিল কৰি ইয়াৰ তদন্তৰ দাবী জনাইছে । কিন্তু গৌৰৱক লৈ যি চৰ্চা চলি আহিছে, তাৰ বিপৰীতে মুখ্যমন্ত্ৰীৰ এই মন্তব্যক লৈ কোনো চৰ্চা দেখা নগ’ল ।

গৌৰৱ গগৈৰ বিষয়ক লৈ মুখ্যমন্ত্ৰী বা বিজেপি যিমান সৰব হৈ পৰিছে, বিৰোধী কিন্তু সিমানেই নিস্প্ৰভ হৈ ৰোৱা দেখা গৈছে । নিয়মমাফিক প্ৰত্যুত্তৰৰ বাহিৰে মুখ্যমন্ত্ৰীক কঠোৰ প্ৰত্যাহ্বান জনাব পৰা নাই বিৰোধীয়ে । এই কথা মুখ্যমন্ত্ৰীয়েও নজনা নহয় । কাৰণ অন্তঃকন্দলত জৰ্জৰিত বিৰোধীয়ে কেতিয়াও একেলগে মাৰ বান্ধি ঠিয় দি তেওঁক প্ৰত্যাহ্বান জনাবলৈ নাহে বুলি মুখ্যমন্ত্ৰীয়েই নহয়, সাধাৰণ ৰাইজেও ধাৰণা কৰিব পৰা হৈছে ।

এই ধৰণৰ বিতৰ্কৰ বাবে মুখ্যমন্ত্ৰীকো অৱশ্যে কোনেও জগৰীয়া কৰিব নোৱাৰে । কাৰণ তেওঁ সুযোগৰ সদ্ব্যৱহাৰ কৰিছে । বিৰোধীয়ে যেতিয়া সজোৰে মুখ্যমন্ত্ৰীৰ অভিযোগসমূহক প্ৰত্যাহ্বান জনাব পৰা নাই, গতিকে মুখ্যমন্ত্ৰীৰ মন্তব্যক বহুতেই হয়তো সত্য বুলিও মানি ল’বলৈ আৰম্ভ কৰিছে ।

দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ আজি অন্তিম দিন । বিজেপিয়ে জিলাই জিলাই প্ৰচাৰ চলাই বিভিন্ন আঁচনি প্ৰদান, ৰেচন প্ৰদান আদিৰ প্ৰতিশ্ৰুতি দিছে ৰাইজক । ৰাইজৰ আধৰুৱা সমস্যা সমাধান কৰাৰো প্ৰতিশ্ৰুতি দিছে শাসক পক্ষই । কংগ্ৰেছ বা আন দলেও ৰাইজক বিভিন্ন প্ৰতিশ্ৰুতি প্ৰদান কৰি নিজৰ প্ৰতি আকৃষ্ট কৰাৰ চেষ্টা কৰিছে । কিন্তু ইয়াত কেতবোৰ দিশ লক্ষ্য কৰা হৈছে । ৰাইজৰ সমস্যাৰ বিষয়ে আলোচনা কৰাতকৈ এজন নেতাৰ বিৰুদ্ধে আন এজন নেতাৰ কটুক্তি, কটাক্ষ আদিহে বেছিকৈ দেখা গৈছে । সামাজিক মাধ্যমত বহুতেই মন্তব্য কৰিছে যে ৰাজ্যত এতিয়া আন কোনো সমস্যা নাই, সেয়ে শাসক-বিৰোধী উভয়েই ব্যস্ত হৈছে ইজনে-সিজনক কটাক্ষ কৰাত ।

মুখ্যমন্ত্ৰীৰ অভিযোগৰ প্ৰত্যুত্তৰ গৌৰৱ গগৈয়েও নিদিয়াকৈ থকা নাই । তথাপিও কিন্তু এই বিতৰ্ক যেন অব্যাহত ৰাখিব খুজিছে মুখ্যমন্ত্ৰী আৰু বিজেপি শিবিৰে । যাৰ বাবে এটাৰ পাচত আন এটা বিষয় এৰি দিয়া হৈছে চৰ্চাৰ বাবে । পুনৰ আমি উল্লেখ কৰিছোঁ, অনুসন্ধানত যদি গৌৰৱ গগৈৰ বিৰুদ্ধে কোনো অভিযোগৰ সত্যতা পোৱা যায়, তেন্তে অৱশ্যেই তেওঁ শাস্তিৰ সন্মুখীন হ’ব লাগিব ।

মুখ্যমন্ত্ৰীৰ দেধাৰ অভিযোগৰ মাজতে এইবাৰ গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অভিযোগ তুলি তেওঁক ক্ষমা খুজিবলৈ দাবী জনাইছে । সংবাদ সংস্থা পিটিআয়ে উল্লেখ কৰা মতে, বিশ্বনাথৰ সেই সভাখনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যক আপত্তিজনক বুলি দাবী কৰিছে গৌৰৱ গগৈয়ে । এক্সৰ এটা পোষ্টত গগৈয়ে কয় যে কংগ্ৰেছৰ কাৰ্যকালত অসমৰ মহিলাসকলে চাকৰি লাভৰ বাবে “আপোচ” কৰা বুলি তোলা শৰ্মাৰ অভিযোগ “লজ্জাজনক” ।

দেওবাৰে নিশা কংগ্ৰেছৰ সাংসদগৰাকীয়ে কয়, “চলিত পঞ্চায়ত নিৰ্বাচনৰ সময়ত মুখ্যমন্ত্ৰীয়ে ৰাজনৈতিক সভাত এই বক্তব্য আগবঢ়োৱাটোৱে অসমৰ ৰাজনৈতিক ভাষণৰ এক নতুন নিম্ন স্তৰৰ ৰূপ প্ৰতিফলিত কৰিছে ।” তেওঁ কয় যে অসমীয়া মহিলা সবল আৰু উপযুক্ত সন্মান তেওঁলোকক দিয়া হয় । স্বাধীনতা সংগ্ৰামৰ পৰা বৰ্তমানলৈকে অসমীয়া মহিলাই আমাক গৌৰৱান্বিত কৰি আহিছে । মুখ্যমন্ত্ৰীয়ে সেয়া বুজি পোৱা উচিত আৰু ইয়াৰ বাবে ক্ষমা খুজিব লাগে বুলি কয় গৌৰৱ গগৈয়ে ।

নিৰ্বাচন আহিব নিৰ্বাচন যাব । কোনো দলৰ জয় কোনো দলৰ পৰাজয়, সেয়া চলি থাকিব । কিন্তু এই যে ৰাজনৈতিক বক্তব্য আৰু ভাষণবোৰ সিয়ে যে জনমানসত কিছু পৰিমানে হ’লেও নেতিবাচক প্ৰভাৱ নেপেলাব তাৰ নিশ্চয়তা কোনেও দিব নোৱাৰে । মৌলিক সমস্যাবোৰৰ পৰা আঁতৰাই ৰাইজ, সংবাদ মাধ্যম, সামাজিক মাধ্যম সকলোকে যদি এনেদৰে এটা বা দুটা নিৰ্দিষ্ট বিষয়ত আবদ্ধ কৰি ৰাখিব পৰা যায়, তেন্তে ইয়াৰ পৰা কোন লাভান্বিত হ’ব সেয়া সহজেই অনুমেয় ।

তাৰ মাজত হেৰাই যাব মূল কথাবোৰ, সমস্যাৰ বিষয়ে সাধাৰণ জনতাৰ সজাগতা, সমস্যা সমাধানৰ বাবে তোলা দাবীবোৰ । একাংশ লোকৰ মনত ৰাজনৈতিক ব্যৱস্থাটোৰ প্ৰতিও বিৰাগ জন্মাইছে এনে ধৰণৰ বিতৰ্কবোৰে । সামাজিক মাধ্যমত চকু ফুৰালে অৱশ্যেই ইয়াৰ উমান পোৱা যায় । অসমত যেন এতিয়া আন কোনো সমস্যা নাই, সমস্যা মাথোঁ এটাই গৌৰৱ গগৈ । সমাজিক মাধ্যমত বিভিন্নজনে প্ৰকাশ কৰা নিজৰ মনোভাৱত ওপৰত উল্লেখ কৰা কথাবোৰৰ প্ৰতিফলন দেখা গৈছে ।