পদূনাৰ এইসমূহ উপকাৰিতাৰ বিষয়ে জানেনে আপুনি?

05 May 2025

TV9 ASSAM

গ্ৰীষ্মকালত তাপৰ প্ৰভাৱ দূৰ কৰিবলৈ ঘৰুৱাভাৱে নিৰ্মিত শীতল পানীয়ত সকলোৱে চুমুক দিয়ে। এই পানীয়ত যদি কেইখিলামান পদূনা পাত থাকে, সেয়া হৈ পৰে অমৃত।

সঞ্জীৱনি পদূনা

গৰমৰ দিনত পদূনা খোৱাটো অত্যন্ত উপকাৰী, এয়া আমি সততে শুনো। পিছে এই উপকাৰিতাসমূ কি, সেই বিষয়ে বিশেষজ্ঞসকলৰ মত চাওঁ আহক।

পদূনাৰ উপকাৰিতা

বহু লোকে গৰমৰ দিনত পদূনা চাটনি কৰি খায়। পদূনাত প্ৰটিন, ভিটামিন এ, কপাৰ, কাৰ্বহাইড্ৰেট আদি পুষ্টিকৰ উপাদান থাকে।

পদূনাৰ পুষ্টি

পুষ্টিবিদ মোহিনী ডাংগ্ৰেৰ মতে গ্ৰীষ্মকালত দৈনিক ৫-৬ টা পদিনা পাত চোবাই খালে স্বাস্থ্যৰ বাবে অতি উপকাৰী বিবেচিত হয়।

বিশেষজ্ঞৰ মত

পদূনা পাতত কেলৰিৰ মাত্ৰা অত্যন্ত কম। সেয়েহে প্ৰতিদিনে পদূনা পাত চোবাই খালে শৰীৰৰ চৰ্বি সোনকালে হ্ৰাস পায়।

কম কেলৰি

পদূনা পাতত থকা এণ্টিচেপ্টিক আৰু এণ্টিবেক্টেৰিয়েল গুণে ছাল ভাল কৰি ৰখাত সহায় কৰে। ইয়াৰ উপৰিও ই ছালৰ আৰ্দ্ৰতা ধৰি ৰখাত সহায় কৰে।

ছালৰ স্বাস্থ্য

পদূনা পাত চোবাই খালে পাচনতন্ত্ৰৰ সমস্যা দূৰ হয়। ইয়াৰ উপৰিও বদহজম আৰু এচিডিটিৰ সমস্যাৰ পৰাও সকাহ দিয়ে।

পাচনতন্ত্ৰৰ স্বাস্থ্য

পদূনা পাত পুৱা খালী পেটত চোবাই খালে অধিক ফল পায় বুলি কোৱা হয়। পদূনা পাত খোৱাৰ লগে লগে বা পিছতে পানী খাব নালাগে।

খোৱাৰ নিয়ম

পঢ়িবলৈ ক্লিক কৰক 

নৰসিংহ পাতৰ আছে এনে উপকাৰিতা