তুলসীৰ পাত পানীত সিজাই খালে লাভ কৰিব এনে উপকাৰিতা

05 May 2025

TV9 ASSAM

আয়ুৰ্বেদত তুলসীক অতি উপকাৰী বুলি গণ্য কৰা হয়। ধৰ্মীয় বিশ্বাস অনুসৰি পূজাৰ লগতে ঘৰুৱা ঔষধ হিচাপেও অতীজৰে পৰা তুলসীৰ ব্যৱহাৰ কৰি আহিছে।

তুলসীৰ ঔষধি গুণ

তুলসী বিভিন্ন ধৰণে সেৱন কৰা হয়। পানীত উতলায়ো তুলসী খাব পাৰে। ইয়াৰ দ্বাৰা কি লাভ হয়, সেই বিষয়ে জানো আহক।

তুলসীৰ ব্যৱহাৰ

আয়ুৰ্বেদ বিশেষজ্ঞ কিৰণ গুপ্তাই কয় যে তুলসী পানীত উতলাই খোৱাটো ব্যক্তিৰ স্বাস্থ্যৰ লগতে ছালৰ বাবেও উপকাৰী।

বিশেষজ্ঞৰ মত

তুলসীত বহুতো এণ্টিঅক্সিডেণ্ট থাকে। সেয়ে দৈনিক পানীত উতলাই পান কৰিলে শৰীৰ বিষমুক্ত হয়, যাৰ ফলত ছালৰ উজ্জলতাও বৃদ্ধি পায়।

ছালৰ উজ্জলতা

এই অভ্যাসে ব্যক্তিৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে। যাৰ ফলত ঋতুভিত্তিক ৰোগ যেনে চৰ্দি, কাহ, জ্বৰ আদিৰ পৰা ৰক্ষা পাব।

ৰোগ প্ৰতিৰোধ ক্ষমতা

প্ৰতিদিনে পুৱা তুলসীৰ পাত পানীত সিজাই পান কৰিলে বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰাত সহায়ক হয়। ফলত ওজন নিয়ন্ত্ৰণত সহায়ক হয়।

ওজন হ্ৰাস

এই অভ্যাসে শৰীৰত শ্বেত আৰু ৰক্তকণিকা গঠন হোৱাতো সহায় কৰে। সেয়েহে ৰক্তহীনতাত আক্ৰান্ত লোকসকলে ইয়াৰ দ্বাৰা বহু উপকৃত হয়।

ৰক্তকণিকা তৈয়াৰ

পঢ়িবলৈ ক্লিক কৰক 

পদূনাৰ এইসমূহ উপকাৰিতাৰ বিষয়ে জানেনে