বহুবিবাহ বন্ধ কৰাৰ বাবে বিধানসভাত বিধেয়ক উত্থাপন মুখ্যমন্ত্ৰীৰ, দাখিল কৰা হ’ল মেহতা আয়োগৰ প্ৰতিবেদন
অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুক লৈ আলোচনা হোৱাৰ পাছতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বহুবিবাহ নিষিদ্ধ কৰাৰ বাবে বিধানসভাত বিধেয়ক দাখিল কৰে। মুখ্যমন্ত্ৰী শৰ্মাই ১৯৮৩ চনৰ নিৰ্বাচনী হিংসাৰ সন্দৰ্ভত মেহতা আয়োগৰ প্ৰতিবেদন প্ৰকাশ কৰে।
অসমত নিষিদ্ধ কৰা হ’ব বহুবিবাহ! আজিৰে পৰা আৰম্ভ হোৱা পাঁচদিনীয়া অসম বিধানসভা শীতকালীন অধিৱেশনত এই বিষয়ত বিধেয়ক দাখিল কৰে মুখ্যমন্ত্ৰীয়ে। মঙলবাৰে পুৱা ভাগত অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুক লৈ আলোচনা হোৱাৰ পাছতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বহুবিবাহ নিষিদ্ধ কৰাৰ বাবে বিধানসভাত বিধেয়ক দাখিল কৰে।
অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ অনুমতি সাপেক্ষে মুখ্য়মন্ত্ৰী শৰ্মাই “অসম বহুবিবাহ প্ৰতিৰোধ বিধেয়ক, ২০২৫” উত্থাপন কৰে। জুবিন গাৰ্গৰ মৃত্যুক লৈ আলোচনাৰ অন্তত ৱাকআউট কৰা বিৰোধী কংগ্ৰেছ, চি পি আই (এম) আৰু ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ অনুপস্থিতিত বিধেয়কখন বিধানসভাত দাখিল কৰা হয়।
শীতকালীন অধিবেশনৰ প্ৰথম দিনাই বিধেয়কখন দাখিল কৰা হয় আৰু পৰৱৰ্তী সময়ত এই বিধেয়কখন আলোচনা আৰু গৃহীত কৰাৰ বাবে লোৱা হ’ব।
ইফালে, মঙলবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ১৯৮৩ চনৰ নিৰ্বাচনী হিংসাৰ সন্দৰ্ভত মেহতা আয়োগৰ প্ৰতিবেদন প্ৰকাশ কৰে। ১৯৮৩ চনৰ ফেব্ৰুৱাৰী মাহত বিধানসভা নিৰ্বাচনৰ সময়ত ব্যাপক হিংসাৰ সাক্ষী হৈছিল ৰাজ্যবাসী। ইয়াৰ পাছত মুক্তি যুঁজাৰু সন্মিলন আৰু অসম আন্দোলনৰ আন্দোলনকাৰীসকলে ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) টি ইউ মেহতা আয়োগ গঠন কৰে।
১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ ৰাজ্যৰ পৰা বিদেশী বহিষ্কাৰ বাবে হোৱা অসম আন্দোলনৰ সময়ত ১৯৮৩ চনৰ কুখ্যাত নেলী হত্যাকাণ্ডত এটা নিশাতে ২১০০ৰো অধিক লোকৰ মৃত্যু হৈছিল। অৱশ্যে মুখ্যমন্ত্ৰী শৰ্মাই মেহতা ন্যায়িক তদন্ত আয়োগৰ প্ৰতিবেদন দাখিল কৰে যদিও এইলৈ আলোচনা হোৱা নাই।
একে সময়তে ১৯৮৩ চনত নেলী হত্যাকাণ্ড আৰু সেই বছৰত সংঘটিত হিংসাত্মক পৰিস্থিতিৰ তদন্ত কৰা তেৱাৰী আয়োগৰ প্ৰতিবেদন বিধানসভাত বিতৰণ কৰে অসম চৰকাৰে। কাৰ্য্যবিধিৰ সময়ত বিধায়কৰ ডেস্কত প্ৰতিবেদনৰ ছপা কপি ৰখা হৈছিল।
১৯৮৩ চনৰ ১৪ জুলাইত সেই বছৰ ৰাজ্যখনত সংঘটিত হোৱা হিংসাত্মক পৰিস্থিতিৰ তদন্তৰ বাবে তেৱাৰী আয়োগ গঠন কৰা হৈছিল। ১৯৮৪ চনৰ মে’ মাহত তেতিয়াৰ কংগ্ৰেছ চৰকাৰক চূড়ান্ত প্ৰতিবেদন দাখিল কৰা হয় আৰু পৰৱৰ্তী অসম গণ পৰিষদ (অগপ) নেতৃত্বাধীন চৰকাৰে ১৯৮৭ চনত বিধানসভাত দাখিল কৰে।
বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছিল যে, প্ৰতিবেদনৰ কোনো প্ৰতিলিপি বিধায়কক দিয়া হোৱা নাছিল, মাত্ৰ এটাহে অধ্যক্ষক গতাই দিয়া হৈছিল। অগপ অংশীদাৰ হৈ থকা বৰ্তমানৰ বিজেপি চৰকাৰখনৰ শেহতীয়া কেবিনেট সিদ্ধান্তত উল্লেখ কৰা হৈছে যে, শীতকালীন অধিৱেশনৰ সময়ত বিধানসভাত প্ৰতিবেদনৰ হাৰ্ড আৰু চফ্ট কপি বিতৰণ কৰা হ’ব। অৱশ্যে সদনে এই সন্দৰ্ভত আলোচনা নকৰে বুলি কৈছিল মুখ্যমন্ত্ৰী শৰ্মাই।