শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

জৈৱিক কৃষিৰ পৰা সৌৰ শক্তিৰ প্ৰসাৰলৈ… পৰিৱেশ সুৰক্ষাত পতঞ্জলিয়ে লৈছে এনে ভূমিকা

পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদানৰ কথা উল্লেখ কৰি পতঞ্জলিয়ে দাবী কৰে যে স্বামী ৰামদেৱৰ নেতৃত্বত কোম্পানীটোৱে কেৱল আয়ুৰ্বেদিক সামগ্ৰীৰ প্ৰচাৰ কৰাই নহয়, বহনক্ষম কৃষি, নবীকৰণযোগ্য শক্তি, আৱৰ্জনা ব্যৱস্থাপনা আদি খণ্ডতো কেইবাটাও উদ্ভাৱনীমূলক পদক্ষেপ গ্ৰহণ কৰিছে।

জৈৱিক কৃষিৰ পৰা সৌৰ শক্তিৰ প্ৰসাৰলৈ… পৰিৱেশ সুৰক্ষাত পতঞ্জলিয়ে লৈছে এনে ভূমিকা
পতঞ্জলি
monjit-dutta
Monjit Dutta | Updated On: 25 Nov 2025 14:16 PM

সাম্প্ৰতিক সময়ত উদ্বেগজনক হাৰত বৃদ্ধি পাইছে পৰিৱেশ প্ৰদূষণৰ মাত্ৰা। ইয়াৰ পৰিপ্ৰেক্ষিতত পৰিৱেশ সুৰক্ষাৰ দাবীও সজোৰে উত্থাপিত হৈছে। ব্যক্তি বিশেষৰ লগতে ভিন্ন সংস্থাই এইক্ষেত্ৰত সজাগতাৰ সৃষ্টি কৰি আহিছে। এনে এক পদক্ষেপেই আগবঢ়াই নিছে পতঞ্জলি আয়ুৰ্বেদে। জৈৱিক সাৰ প্ৰস্তুত কৰা, সৌৰশক্তিৰ প্ৰসাৰ, আৱৰ্জনাৰ জৰিয়তে পচন সাৰ প্ৰস্তুত কৰা আদি কামৰ জৰিয়তে পৰিৱেশ সুৰক্ষাৰ দিশত সক্ৰিয়ভাৱে জড়িত হৈ আছে বুলি কোম্পানীটোৱে দাবী কৰিছে।

পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদানৰ কথা উল্লেখ কৰি পতঞ্জলিয়ে দাবী কৰে যে স্বামী ৰামদেৱৰ নেতৃত্বত কোম্পানীটোৱে কেৱল আয়ুৰ্বেদিক সামগ্ৰীৰ প্ৰচাৰ কৰাই নহয়, বহনক্ষম কৃষি, নবীকৰণযোগ্য শক্তি, আৱৰ্জনা ব্যৱস্থাপনা আদি খণ্ডতো কেইবাটাও উদ্ভাৱনীমূলক পদক্ষেপ গ্ৰহণ কৰিছে। এই পদক্ষেপসমূহৰ লক্ষ্য হৈছে পৰিৱেশৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলোৱা আৰু ভৱিষ্যত প্ৰজন্মৰ সুস্থ ভৱিষ্যত নিশ্চিত কৰা।

জৈৱিক কৃষিক প্ৰসাৰ কৰা

পতঞ্জলিয়ে উল্লেখ কৰে যে জৈৱিক কৃষিৰ প্ৰসাৰৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰা হৈছে। পতঞ্জলি জৈৱ গৱেষণা প্ৰতিষ্ঠান (PORI)ৰ জৰিয়তে কোম্পানীটোৱে জৈৱিক সাৰ আৰু জৈৱিক কীটনাশক প্ৰস্তুত কৰিছে, ইয়াৰ ফলত ৰাসায়নিক সাৰৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস পায়। এই সামগ্ৰীসমূহে মাটিৰ উৰ্বৰতা বৃদ্ধি কৰাৰ লগতে শস্যৰ গুণাগুণ বৃদ্ধি কৰে।

পতঞ্জলি জৈৱ গৱেষণা প্ৰতিষ্ঠানে দেশৰ আঠখন ৰাজ্যৰ ৮,৪১৩ জন কৃষকক প্ৰশিক্ষণ দি জৈৱিক কৃষি গ্ৰহণ কৰাত সহায় কৰিছে বুলি প্ৰকাশ কৰা হৈছে। ইয়াৰ ফলত মাটি, পানী আৰু বায়ু প্ৰদূষণ হ্ৰাস পাইছে, লগতে জৈৱ বৈচিত্ৰ্যও প্ৰসাৰিত হৈছে বুলি পতঞ্জলি আয়ুৰ্বেদে উল্লেখ কৰে।

সৌৰশক্তি খণ্ডত সক্ৰিয়তা

সৌৰশক্তি খণ্ডতো সক্ৰিয় হৈ আছে পতঞ্জলি। কোম্পানীটোৱে সৌৰশক্তি, ইনভাৰ্টাৰ, বেটাৰীৰ দৰে সামগ্ৰী অধিক সুলভ কৰি তুলিছে আৰু ইয়াৰ ফলত গ্ৰাম্য অঞ্চলত স্বচ্ছ শক্তিৰ প্ৰসাৰ ঘটিছে বুলি পতঞ্জলিয়ে কয়। কোম্পানীটোৰ মতে, প্ৰতিখন গাঁও আৰু চহৰত ‘পতঞ্জলি শক্তি কেন্দ্ৰ’ স্থাপন স্বামী ৰামদেৱৰ অন্যতম লক্ষ্য।

পতঞ্জলিৰ এই পদক্ষেপে কাৰ্বন নিৰ্গমন হ্ৰাস কৰাত সহায় কৰিব বুলি উল্লেখ কৰা হৈছে। এই পদক্ষেপে কেৱল পৰিৱেশৰ উপকাৰ কৰাই নহয়, গ্ৰাম্য অঞ্চলত সুলভ মূল্যৰ বিদ্যুতৰ ব্যৱস্থাও প্ৰদান কৰে।

আৱৰ্জনা ব্যৱস্থাপনাৰ ক্ষেত্ৰত উদ্ভাৱন

পতঞ্জলিয়ে উল্লেখ কৰা মতে পতঞ্জলি বিশ্ববিদ্যালয়ে আৱৰ্জনা ব্যৱস্থাপনাৰ এক অনন্য পদক্ষেপ আৰম্ভ কৰিছে। ইয়াৰ জৰিয়তে শুকান আৱৰ্জনাক পচন সাৰলৈ ৰূপান্তৰিত কৰা হয় আৰু গৰুৰ গোবৰৰ পৰা যাগ্য সামগ্ৰী প্ৰস্তুত কৰা হয়। এই পদক্ষেপ প্ৰাচীন জ্ঞান আৰু আধুনিক প্ৰযুক্তিৰ এক অনন্য মিশ্ৰণ হিচাপে পৰিগণিত হৈছে।

এনে উদ্ভাৱনে আৱৰ্জনা হ্ৰাস কৰাত সহায় কৰাৰ লগতে বহনক্ষম সামগ্ৰী সৃষ্টি কৰে। পতঞ্জলিৰ এই পদক্ষেপে পৰিবেশ পৰিষ্কাৰ কৰি ৰখাৰ সমান্তৰালকৈ সাংস্কৃতিক মূল্যবোধকো প্ৰসাৰিত কৰিছে।

পতঞ্জলিয়ে উল্লেখ কৰে যে কোম্পানীটোৱে পানী সংৰক্ষণ আৰু বৃক্ষৰোপণৰ দৰে পদক্ষেপকো অগ্ৰাধিকাৰ দিছে। কোম্পানীটোৱে পানী ৰাহি কৰাৰ কৌশল গ্ৰহণ কৰি বৃহৎ পৰিসৰত বৃক্ষৰোপণৰ অভিযান চলাইছে। পৰিৱেশ্ৰ ভাৰসাম্য বজাই ৰখা আৰু জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে এই পদক্ষেপসমূহ অত্যন্ত গুৰুত্বপূৰ্ণ।