শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ক্ৰিকেট বিশ্বত গুজৰিল অভিষেক আৰু স্মৃতিৰ সুনাম, লাভ কৰিলে এনে সন্মান

পুৰুষৰ ক্ৰিকেটত ভাৰতৰ অভিষেক শৰ্মাৰ দৰেই মহিলা ক্ৰিকেটত ভাৰতৰে স্মৃতি মান্ধানা নিজৰ বিস্ফোৰক বেটিঙৰ বাবে বিশেষভাৱে পৰিচিত। এই দুয়োগৰাকী তাৰকা ক্ৰিকেটাৰে এতিয়া পুনৰ এবাৰ নিজৰ প্ৰদৰ্শনৰ বাবে ক্ৰিকেট বিশ্বত চৰ্চিত হৈ পৰিছে।

ক্ৰিকেট বিশ্বত গুজৰিল অভিষেক আৰু স্মৃতিৰ সুনাম, লাভ কৰিলে এনে সন্মান
অভিষেক শৰ্মা আৰু স্মৃতি মান্ধানাImage Credit source: PTI
monjit-dutta
Monjit Dutta | Published: 16 Oct 2025 22:29 PM

সাম্প্ৰতিক ক্ৰিকেট বিশ্বত নিজৰ বেটিং ধুমুহাৰে এক অনন্য পৰিচয় গঢ়ি তুলিছে ভাৰতৰ যুৱ অপেনাৰ অভিষেক শৰ্মাই। নিজৰ বিস্ফোৰক বেটিঙৰ বাবে যুৱ তাৰকাগৰাকী ক্ৰীজত প্ৰতিপক্ষৰ বাবে ত্ৰাস হৈ পৰে। পুৰুষৰ ক্ৰিকেটৰ দৰেই মহিলা ক্ৰিকেটত ভাৰতৰে স্মৃতি মান্ধানা নিজৰ বিস্ফোৰক বেটিঙৰ বাবে বিশেষভাৱে পৰিচিত। এই দুয়োগৰাকী তাৰকা ক্ৰিকেটাৰে এতিয়া পুনৰ এবাৰ নিজৰ প্ৰদৰ্শনৰ বাবে ক্ৰিকেট বিশ্বত চৰ্চিত হৈ পৰিছে। দুয়োগৰাকী ভাৰতীয় খেলুৱৈয়ে এতিয়া লাভ কৰিছে বিশেষ সন্মান।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ, চমুকৈ আইচিচিয়ে বিগত ছেপ্টেম্বৰ মাহৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰৰ বঁটা বিজয়ী খেলুৱৈৰ নাম ঘোষণা কৰিছে। এই বঁটাৰ দৌৰত শীৰ্ষস্থান লাভ কৰি মাহৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হৈছে অভিষেক শৰ্মা আৰু স্মৃতি মান্ধানাই। এয়া স্বাভাৱিকতেই ভাৰতীয় ক্ৰিকেটৰ বাবে হৈ পৰিছে গৌৰৱৰ কথা।

ছেপ্টেম্বৰ মাহৰ শ্ৰেষ্ঠ পুৰুষ ক্ৰিকেটাৰৰ বাবে বঁটাৰ দৌৰত আছিল অভিষেক শৰ্মা, ভাৰতৰে তাৰকা স্পিনাৰ কুলদীপ যাদৱ আৰু জিম্বাবুৱেৰ বেটছমেন ব্রায়ান বেনেট। অৱশেষত সতীৰ্থ কুলদীপ আৰু জিম্বাবুৱেৰ বেনেটক পিছ পেলাই প্ৰথমবাৰৰ বাবে এই সন্মান লাভ কৰে অভিষেকে। তেওঁ হৈছে আইচিচিৰ মাহৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰ হিচাপে নিৰ্বাচিত হোৱা দশম ভাৰতীয় ক্ৰিকেটাৰ।

অভিষেক শৰ্মাৰ প্ৰদৰ্শন

ভাৰতীয় দলৰ যুৱ তাৰকাগৰাকীয়ে বিস্ফোৰক বেটিঙেৰে ছেপ্টেম্বৰ মাহত শিৰোনাম দখল কৰিছিল। বিগত মাহত অনুষ্ঠিত হোৱা এছিয়া কাপত ভাৰতৰ খিতাপ জয়ত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। এছিয়া কাপত তিনিটা অৰ্ধশতককে ধৰি ৭ খন মেচত মুঠ ৩১৪ ৰান সংগ্ৰহ কৰিছিল। এই প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰা অভিষেক বৰ্তমান আইচিচি টি-২০ ৰেংকিঙৰ শীৰ্ষস্থানৰ বেটাৰ।

মহিলাৰ শাখাত শ্ৰেষ্ঠত্ব স্মৃতি মান্ধানাৰ

আনহাতে ভাৰতীয় মহিলা দলৰ অপেনিং বেটাৰ স্মৃতি মান্ধানা মহিলা ক্ৰিকেটৰ মাহৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হৈছে। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ঘৰুৱা এদিনীয়া শৃংখলাত উজ্জীৱিত প্ৰদৰ্শন আগবঢ়োৱা মান্ধনাই বিগত মাহত চাৰিখন এদিনীয়াত ৩০৮ ৰান সংগ্ৰহ কৰিছিল। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তিনিখন মেচৰ শৃংখলাত তেওঁৰ স্ক’ৰ আছিল ক্ৰমে ৫৮, ১১৭ আৰু ১২৫ ৰান।

অষ্ট্ৰেলিয়াৰ বিপক্ষে এই শৃংখলাৰ তৃতীয়খন মেচত মান্ধানাই এক অভিলেখ ৰচিছিল। মেচখনত মাত্ৰ ৫০টা বলত শতক অৰ্জন কৰি স্মৃতি মান্ধানাই ভাৰতীয় বেটাৰৰ দ্বাৰা দ্ৰুততম শতক অৰ্জনৰ অভিলেখ গঢ়িছিল। এনে সন্মান লাভৰ পিছত এতিয়া চলিত মহিলা বিশ্বকাপত দায়িত্ব বাঢ়িল তাৰকা খেলুৱৈগৰাকীৰ।