জুবিন গাৰ্গকলৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ…
জুবিন গাৰ্গক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। এই সন্দৰ্ভত ইতিমধ্যে সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
জুবিন দাৰ বিয়োগত আজিও শোকস্তব্ধ ৰাজ্যবাসী। কাইলৈ শেষকৃত্য সম্পন্ন হ’ব অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ। অশ্ৰুসিক্ত নয়নেৰে মৰমৰ জুবিন দাক বিদায় দিবলৈ সাজু হৈছে অসমবাসী। ইফালে জুবিন দাকলৈ ৰাজ্য চৰকাৰৰ ফালৰ পৰা আজি সোমবাৰৰ দিনটোত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা দেখা গৈছে। মুখ্যমন্ত্ৰীয়েও এই বিষয়ে সংবাদ মাধ্যমৰ আগত অৱগত কৰিছে।
এই সিদ্ধান্তসমূহ হৈছে-
- জুবিন গাৰ্গৰ পৰিয়ালৰ সৈতে আলোচনাৰ অন্তত কামৰূপ (ম)ৰ কমাৰকুছি গাঁৱৰ হাতীমূৰাৰ প্ৰায় ১০ বিঘা ভূমিত শিল্পীগৰাকীৰ অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰি সমাধি ক্ষেত্ৰ নিৰ্মাণ কৰা হ’ব।
- যোৰহাটবাসীৰ অনুৰোধ তথা জুবিন গাৰ্গ আৰু যোৰহাটৰ সম্পৰ্কক সন্মান জনাই শিল্পীগৰাকীৰ ভস্ম যোৰহাটলৈ লৈ যোৱা হ’ব আৰু তাতো এক সমাধি ক্ষেত্ৰ নিৰ্মাণ কৰা হ’ব।
- ৰাজ্য চৰকাৰৰ সকলোবিলাক পূর্ব নির্ধাৰিত কাৰ্যসূচী সাময়িকভাৱে বাতিল। অনুষ্ঠিতব্য নতুন তাৰিখ সম্পৰ্কত পৰৱৰ্তী সময়ত অৱগত কৰা হ’ব।
- পুনৰ মৰণোত্তৰ পৰীক্ষা হ’ব জুবিন গাৰ্গৰ। সামাজিক মাধ্যম জুবিন গাৰ্গৰ মৰণোত্তৰ পুনৰ অসমত হ’ব লাগে বুলি দাবী কৰাৰ সময়ত এই কথা সংবাদমেলত সদৰী কৰে মুখ্যমন্ত্ৰীয়ে। কাইলৈ পুৱা ৭.৩০ বজাত জিএমচিএইচত হ’ব মৰণোত্তৰ।
- জুবিন অনুৰাগীৰ নামত পৰিৱেশ বিনষ্ট কৰিব বিচৰাসকলৰ বিৰুদ্ধে বা ইচ্ছাকৃতভাৱে খেলিমেলি কৰাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে। ইতিমধ্যে ভিডিঅ’-ফটো সংৰক্ষণ কৰিছে সংশ্লিষ্ট কৰ্তৃপক্ষই।
- জুবিন দাৰ অন্ত্যেষ্টিক্ৰিয়াৰ ভিডিঅ’ ৰেকৰ্ডিং কৰা হ’ব। সৰুসজাইৰ পৰা সোণাপুৰৰ অন্ত্যেষ্টিক্ৰিয়াস্থলীলৈ জুবিন গাৰ্গৰ শেষ যাত্ৰা সম্পূৰ্ণ ভিডিঅ’ ৰেকৰ্ডিং কৰা সদৰী কৰিছে মুখ্যমন্ত্ৰীয়ে।
- সোণাপুৰৰ শেষকৃত্য অনুষ্ঠানত ৫ৰ পৰা ৭ হাজাৰ মানুহ উপস্থিত থাকিব পাৰিব। গতিকে নিজ নিজ স্থানতে জুবিন গাৰ্গৰ শেষকৃত্য অনুষ্ঠান চাবলৈ অনুৰাগী আহ্বান। লগতে স্ক্ৰীণৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ কৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে।
- আজি আৰু কাইলৈ(সোমবাৰ আৰু মঙলবাৰ) DRY DAY ঘোষণা। জুবিনক সন্মান জনাই এই সিদ্ধান্ত লোৱা হৈছে।
- সোমবাৰে ৰাজ্যৰ সকলো বিদ্যালয়-মহাবিদ্যালয়-বিশ্ববিদ্যালয়কে ধৰি শৈক্ষিক অনুষ্ঠান বন্ধ থাকিব। ইফালে, কামৰূপ মহানগৰীত বন্ধ থাকিব সকলো চৰকাৰী কাৰ্যালয়। মুখ্যমন্ত্ৰীয়ে সদৰী কৰিছে।
- যোৰহাটত অনুষ্ঠিত হ’ব অসমীয়াৰ প্ৰাণৰ জুবিন গাৰ্গৰ ১৩ দিনীয়া মাংগলিক অনুষ্ঠান। উপস্থিত থাকিব গৰিমা গাৰ্গকে ধৰি পৰিয়াল, আত্মীয়-স্বজন। সেই দিনাই জুবিন গাৰ্গৰ চিতা-ভষ্ম যোৰহাটবাসীক প্ৰদান কৰা হ’ব।
- মঙলবাৰে ২ বজাৰ ভিতৰত সম্পন্ন হ’ব জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া। ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন কৰা হ’ব জুবিনৰ শেষকৃত্য।
- মঙলবাৰে পুৱা ৭ বজাৰ পৰা দিনৰ ২ বজালৈ এফালে জাগীৰোড আৰু আনফালে যোৰবাটলৈ বন্ধ থাকিব সকলো যান-বাহনৰ চলাচল।
- সোমবাৰে নিশা ১২ বজাত বন্ধ হ’ব সৰুসজাইৰ প্ৰৱেশদ্বাৰ। জুবিনৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে এই সিদ্ধান্ত। সদৰী কৰিলে মুখ্যমন্ত্ৰীয়ে।