শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

হিমন্ত বিশ্ব মুখ্যমন্ত্ৰী হৈ থাকিলে ২৬’ত কংগ্ৰেছে চৰকাৰ গঠন কৰা খাটাংঃ ৰকিবুল

অৰ্জিনেল বিজেপি নেতাসকলে দুপ্লিকেট বিজেপি নেতাসকলৰ অত্যাচাৰ সহিব নোৱাৰি আহিব বিচাৰিছে।  সেই সকলক আহিলে আমি আকোৱালি ল'ম

হিমন্ত বিশ্ব  মুখ্যমন্ত্ৰী হৈ থাকিলে ২৬’ত কংগ্ৰেছে চৰকাৰ গঠন কৰা খাটাংঃ ৰকিবুল
হিমন্ত-ৰকিবুল
barasha-sarma
Barasha Sarma | Updated On: 15 Jul 2024 10:06 AM

ৰাজ্যিক বিজেপিত অন্তৰ্কন্দল। বিজেপিৰ কেইবাগৰাকী জ্যেষ্ঠ নেতা, প্ৰাক্তন বিধায়কে দলৰ শীৰ্ষ নেতাৰ প্ৰতি ক্ষুব্ধ হৈ যোগদান কৰিব ওলাইছে কংগ্ৰেছত। খবৰ অনুসৰি কংগ্ৰেছৰ লগতে ৰাইজৰ দলৰ লগতো একাংশ বিজেপিৰ জ্যেষ্ঠ কৰ্মীয়ে যোগাযোগ ৰাখিছে। এই কথা পোহৰলৈ অহাৰ পাছতেই এতিয়া চিন্তিত হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব  শৰ্মা।

বিজেপি নেতাৰ কংগ্ৰেছ গমন সন্দৰ্ভত মত পোষণ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, কংগ্ৰেছত এক প্ৰকাৰ মানুহ নায়েই।  কংগ্ৰেছৰ মানুহ বিজেপিলৈ আহিয়েই থাকে, ঠিক তেনেদৰে বিজেপিৰো কোনোবা যাব পাৰে। ৰাজনীতিত অহা- যোৱা চলি থাকে। কিন্তু এটা কথা  ঠিক যে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ আগত কংগ্ৰেছ দলত কোনো নাথাকে।

মুখ্যমন্ত্ৰীগৰাকীৰ এই কথাৰ প্ৰত্যুত্তৰ দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। তেওঁ কয় যে, বিভিন্ন ৰাজনৈতিক দলৰ নেতা কৰ্মীৰ লগতে বিজেপি আৰু অগপৰ নেতা- কৰ্মী কংগ্ৰেছৰ লগত যোগাযোগত আছে। ইয়াৰ পৰা এটা কথাই স্পষ্ট হৈ পৰিছে যে মানুহে বিজেপিৰ শাসনৰ পৰা পৰিত্ৰান বিচাৰিছে। মুখ্যমন্ত্ৰীয়ে কৈছে কংগ্ৰেছলৈ গ’লে বাতৰি হয়, বিজেপিলৈ গ’লে নহয়। বৰাই কয়, শাসকীয় দললৈ  নেতা যোৱাতো স্বাভাৱিক কথা। কিন্তু বিধানসভা নিৰ্বাচনলৈ ২ বছৰ থকাৰ মাজতে কংগ্ৰেছত যোগদান কৰিব বিচৰাটোৱে কি ইংগিত বহন কৰিছে সেয়া মুখ্যমন্ত্ৰীয়ে জানে।

ইয়াৰোপৰি বিজেপিত থাকিব নিবিচৰা সকলো নেতা- কৰ্মীক কংগ্ৰেছত যোগদান কৰিবলৈ আহ্বান জনাইছে ৰকিবুল হুচেইনে। বজালীত সংবাদ মাধ্যমক সম্বোধন কৰি নেতাগৰাকীয়ে কয় যে- অৰ্জিনেল বিজেপি নেতাসকলে দুপ্লিকেট বিজেপি নেতাসকলৰ অত্যাচাৰ সহিব নোৱাৰি আহিব বিচাৰিছে।  সেই সকলক আহিলে আমি আকোৱালি ল’ম। বহু জ্য়েষ্ঠ নেতা, প্ৰাক্তন বিধায়ক, বৰ্তমানৰ বিধায়ক কংগ্ৰেছত যোগদান কৰাৰ সম্ভাৱণা আছে। এটা কথা স্পষ্ট হৈ ২০২৬ চনত অসমত বিজেপি চৰকাৰ নাথাকে। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থাকিলে ২০২৬ চনত ৰাজ্যত কংগ্ৰেছ চৰকাৰ গঠন হোৱাতো খাটাং।

উল্লেখ্য যে, ন- পুৰণি বিজেপিৰ যুঁজখন আজিৰ নহয়। লোকসভা নিৰ্বাচনৰ পূৰ্বেও বিজেপিৰ ভিতৰচৰাত হোৱা সংঘাত চৰ্চালৈ আহিছিল। বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজেন গোহাঁই, প্ৰাক্তন বিধায়ক অশোক শৰ্মা, বিধায়ক মৃণাল শইকীয়াই আদিয়ে মুকলিলৈ শাসকীয় দলটোৰ বিৰুদ্ধে আঙুলি টোৱাইছিল। একাংশ জ্যেষ্ঠ বিজেপি নেতাৰ মতে পুৰণি বিজেপিৰ কোনো স্থান নাই দলত।  নতুন বিজেপি নেতাৰ দপদপনি দেখাৰ পাছতেই একাংশ পুৰণি বিজেপি নেতাই ক্ষোভৰ বহিঃপ্ৰকাশ কৰিছিল।

মন কৰিবলগীয়া যে আগৰে পৰাই ৰাজ্যিক বিজেপিত দলীয় সংঘাত চলি আহিছে। এই সংঘাতে এতিয়া চূড়ান্ত পৰ্যায় পাইছেগৈ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও এক প্ৰকাৰ মানি ল’বলৈ বাধ্য হৈছে যে বিজেপি এৰিব পাৰে একাংশ নেতা। গতিকে এই সংঘাত কি পৰ্যায় পাইগৈ সেয়া হ’ব লক্ষণীয়। এই সংঘাত নিৰ্মূল কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি পদক্ষেপ গ্ৰহণ কৰে সেয়া সময়ে ক’ব।এটা কথা ক’ব পাৰি যে লোকসভা নিৰ্বাচনত বিজেপিৰ দুৰ্বল প্ৰদৰ্শনৰ পাছত হয়তো কোনো পধ্যেই দলটোৰ শীৰ্ষ নেতাই নিবিচাৰিব পুনৰ এখন ৰাজ্যত বিজেপি সংকতলৈ অহাতো…