শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

৬ মাহত ৬ খন যুদ্ধ বন্ধ কৰিলে! ড’নাল্ড ট্ৰাম্পক শান্তিৰ নোবেল বঁটা দিয়াৰ দাবী হোৱাইট হাউচৰ…

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পক শান্তিৰ নোবেল বঁটা দিয়াৰ দাবী হোৱাইট হাউচৰ। এই সন্দৰ্ভত হোৱাইট হাউচে কয় যে, যোৱা ৬ মাহত ৬ খনকৈ যুদ্ধ বন্ধ কৰিছে ট্ৰাম্পে।

৬ মাহত ৬ খন যুদ্ধ বন্ধ কৰিলে! ড’নাল্ড ট্ৰাম্পক শান্তিৰ নোবেল বঁটা দিয়াৰ দাবী হোৱাইট হাউচৰ…
ড'নাল্ড ট্ৰাম্পImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 01 Aug 2025 08:29 AM

পুনৰ একেই দাবী। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক পুনৰবাৰ শান্তিৰ নোবেল বঁটা দিয়াৰ দাবী উত্থাপন হৈছে। এইবাৰ এই দাবী উত্থাপন কৰিছে হোৱাইট হাউচে। বৃহস্পতিবাৰে হোৱাইট হাউছৰ প্ৰেছ সচিব কেৰ’লিন লেভিটে দাবী কৰে যে ট্ৰাম্পে বিশ্বৰ বহু সংঘাতপূৰ্ণ অঞ্চলত বিভিন্ন শান্তি চুক্তি আৰু যুদ্ধবিৰতিত মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰিছে। গড় হিচাপত চাব গ’লে প্ৰতিমাহতে শান্তি চুক্তি হৈছে। এনে কাৰণত ট্ৰাম্পে শান্তিৰ নবেল বঁটা পাব লাগে।

তেওঁ কয় যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দ্বিতীয় কাৰ্যকালৰ ৬ মাহত ৬খন যুদ্ধ বন্ধ কৰিছে। সেইবাবেই ট্ৰাম্পক শান্তিৰ নোবেল বঁটা দিয়াৰ সময় আহি পৰিছে। এই সময়চোৱাত  কেৰ’লিন লেভিটে ট্ৰাম্পে ভাৰত-পাকিস্তানৰ যুদ্ধ বন্ধ কৰা বুলিও দাবী কৰে। কিন্তু ভাৰতে এই দাবী সম্পূৰ্ণৰূপে নাকচ কৰি আহিছে।

থাইলেণ্ড-কোম্বোডিয়া

তেওঁ কয় যে, ৰাষ্ট্ৰপতি ট্ৰাম্পে থাইলেণ্ড আৰু কম্বোডিয়াৰ মাজত তাৎক্ষণিক আৰু নিঃচৰ্ত যুদ্ধবিৰতি কৰাত সহায় কৰিছিল। দুয়োখন দেশৰ মাজত যুদ্ধই চৰম সীমা পাইছিল। প্ৰায় ৩ লাখ লোকক স্থানান্তৰ কৰা হৈছিল। কিন্তু ট্ৰাম্পে এই যুদ্ধ বন্ধ কৰি দিছে।

শান্তিৰ নোবেল বঁটাৰ দাবী

ৰাষ্ট্ৰপতি ট্ৰাম্পে থাইলেণ্ড-কম্বোডিয়া, ইজৰাইল-ইৰাণ, ৰুৱাণ্ডা-কংগো, ভাৰত-পাকিস্তান, ছাৰ্বিয়া-কোছ’ভ’ আৰু ইজিপ্ত-ইথিওপিয়াৰ সংঘাতৰ অন্ত পেলাইছে। অৰ্থাৎ গড়ে ট্ৰাম্পে ছমাহৰ কাৰ্যকালত প্ৰতিমাহে শান্তি চুক্তি বা যুদ্ধবিৰতি কৰিছে। গতিকে ট্ৰাম্পক শান্তিৰ নোবেল বঁটা দিয়া উচিত।

ভাৰত-পাকিস্তানৰ যুদ্ধ

ভাৰত-পাকিস্তানৰ যুদ্ধবিৰতিৰ কৰ্তৃত্ব বাৰে বাৰে ট্ৰাম্পে গ্ৰহণ কৰি আহিছে। ট্ৰাম্পে দাবী কৰিছিল যে তেওঁৰ নিৰ্দেশত যুদ্ধ বন্ধ হৈছিল। পুনৰ আমেৰিকাই দাবী উত্থাপন কৰি কয় যে,ভাৰত আৰু পাকিস্তানৰ মাজত পাৰমাণৱিক যুদ্ধ হ’লহেতেন। কিন্তু ট্ৰাম্পে এয়া ৰখাই দিয়ে। এনেবোৰ কাৰণত তেওঁ শান্তিৰ নোবেল বঁটা লাভ কৰিব লাগে।

কিন্তু আমেৰিকাৰ এই দাবী বাৰে বাৰে নাকচ কৰি আহিছে ভাৰতে। শেহতীয়াকৈ সদনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, বিশ্বৰ কোনো নেতাই যুদ্ধ বিৰতিৰ বাবে কোৱা নাছিল। অপাৰেশ্যন সেন্দূৰৰ সময়ত পাকিস্তানৰ DGMO য়ে যোগাযোগ কৰিছিল। তেওঁলোকে কৈছিল যে অপাৰেশ্যন সেন্দূৰৰ ফলত যথেষ্ঠ ক্ষতিসাধন হৈছে। গতিকে যুদ্ধ বন্ধ কৰিব লাগে। তেওঁলোকৰ আহ্বান আৰু আলোচনাৰ পাছত এই যুদ্ধবিৰতি হৈছিল। ট্ৰাম্পৰ এই দাবীক লৈ বিৰোধিয়ে মোদী চৰকাৰক প্ৰায়ে প্ৰশ্ন কৰি আহিছে।

উল্লেখ্য যে, এয়াই প্ৰথম হয়, ইয়াৰ পূৰ্বেও ট্ৰাম্পক শান্তিৰ নোবেল বঁটা দিয়াৰ দাবী উত্থাপন হৈ আহিছে। আনকি পাকিস্তানেও দাবী কৰিছে যে ট্ৰাম্পে নোবেল বঁটা পোৱাৰ যোগ্য।

 

অন্য খবৰ পঢ়কঃ ভাৰতক শিৰ নত কৰাৰ চেষ্টা! পাকিস্তানৰ সৈতে বাণিজ্যিক চুক্তি স্বাক্ষৰ আমেৰিকাৰ, ট্ৰাম্পে ক’লে…