শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ভাৰতক শিৰ নত কৰাৰ চেষ্টা! পাকিস্তানৰ সৈতে বাণিজ্যিক চুক্তি স্বাক্ষৰ আমেৰিকাৰ, ট্ৰাম্পে ক’লে…

ভাৰতৰ সৈতে শত্ৰুতা ইফালে পাকিস্তানৰ প্ৰতি বন্ধুত্বৰ ভাব প্ৰকাশ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ। আমেৰিকাই ভাৰতৰ ওপৰত ২৫শতাংশ শুল্ক আৰোপ কৰাৰ বিপৰীতে পাকিস্তানৰ সৈতে বাণিজ্যিক চুক্তি স্বাক্ষৰ কৰে।

ভাৰতক শিৰ নত কৰাৰ চেষ্টা! পাকিস্তানৰ সৈতে বাণিজ্যিক চুক্তি স্বাক্ষৰ আমেৰিকাৰ, ট্ৰাম্পে ক’লে…
ভাৰত-পাকিস্তান-আমেৰিকাImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 31 Jul 2025 09:28 AM

দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে ড’নাল্ড ট্ৰাম্পে শপত গ্ৰহণ কৰাৰ পাছৰে পৰা শুল্ক বিষয়টোৱে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। ভাৰতৰ ওপৰত তেওঁ ২৫ শতাংশ শুল্ক আৰোপ কৰাৰ বিপৰীতে পাকিস্তান সন্দৰ্ভত ডাঙৰ ঘোষণা কৰিছে। ট্ৰাম্পৰ ঘোষণা অনুসৰি, আমেৰিকাই পাকিস্তানৰ সৈতে এনে এক বাণিজ্যিক চুক্তি স্বাক্ষৰ কৰিছে যাৰ অধীনত পাকিস্তানৰ সৈতে দক্ষিণ এছিয়াৰ দেশৰ তেলৰ মজুত উন্নয়নৰ বাবে কাম কৰিব। ট্ৰাম্পে পাকিস্তানত তেলৰ মজুত উন্নয়নৰ বাবে যৌথ পদক্ষেপৰ প্ৰতিশ্ৰুতি দিছে। লগতে কয় যে, কোনে জানে এদিন পাকিস্তানে হয়তো ভাৰতক তেল বিক্ৰী কৰিব।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘ট্ৰুথ’ত এই সন্দৰ্ভত পোষ্ট কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। তেওঁ কয় যে, আমি মাত্ৰ পাকিস্তানৰ সৈতে এক চুক্তিত স্বাক্ষৰ কৰিছো, যাৰ অধীনত পাকিস্তান আৰু আমেৰিকাই একেলগে কাম কৰি তেওঁলোকৰ বিশাল তেলৰ মজুত উন্নয়ন সাধন কৰিব। এই অংশীদাৰিত্বত কোনটো তেল কোম্পানীয়ে নেতৃত্ব দিব সেই সম্পৰ্কে বৰ্তমান বাছনি প্ৰক্ৰিয়া চলি আছে। কোনে জানে, হয়তো এদিন পাকিস্তানে ভাৰতক তেল বিক্ৰী কৰিব।

ভাৰতৰ ওপৰত শুল্ক আৰোপ আৰু ৰাছিয়াৰ সামৰিক সঁজুলি আৰু শক্তি ক্ৰয়ৰ ওপৰত অতিৰিক্ত জৰিমনা বিহাৰ ঘোষণা কৰাৰ কিছুসময় পাছতে ট্ৰাম্পে এই পোষ্ট কৰে। তেওঁ লগতে কয় যে, হোৱাইট হাউচ বৰ্তমান বাণিজ্যিক চুক্তিৰ কামত ব্যস্ত হৈ আছে। আমি বহু দেশৰ নেতাৰ সতে কথা পাতিছো আৰু তেওঁলোক আটাইয়ে আমেৰিকাক সুখী কৰিব বিচাৰিছে। তেওঁ কয় যে, আজি দুপৰীয়া দক্ষিণ কোৰিয়াৰ বাণিজ্যিক প্ৰতিনিধি দলটোক সাক্ষাৎ কৰিম। দক্ষিণ কোৰিয়াই বৰ্তমান ২৫% শুল্কত আছে যদিও এই শুল্ক হ্ৰাস কৰাৰ প্ৰস্তাৱ তেওঁলোকৰ আছে। গতিকে ইয়াৰ ওপৰত কথা পাতিবলৈ মই আগ্ৰহী।

তেওঁ লগতে কয় যে বৰ্তমান বহু দেশে আমেৰিকাক শুল্ক হ্ৰাসৰ প্ৰস্তাৱ আগবঢ়াইছে। এই সকলোবোৰে আমাৰ বাণিজ্যিক ঘাটি বহু পৰিমাণে হ্ৰাস কৰাত সহায় কৰিব। উপযুক্ত সময়ত সম্পূৰ্ণ প্ৰতিবেদন প্ৰকাশ কৰা হ’ব। এই বিষয়ত গুৰুত্ব দিয়াৰ বাবে ধন্যবাদ। আমেৰিকাক আকৌ মহান কৰি তোলক।

উল্লেখ্য যে, বুধবাৰ (২৯ জুলাই)য়ে  আমেৰিকাই ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰিছিল। এই সন্দৰ্ভত ট্ৰাম্পে সামাজিক মাধ্যমত পোষ্ট দি ভাৰতক কঠোৰ বাৰ্তা দিছিল। তেওঁ কৈছিল যে, ৰাছিয়াৰ সৈতে ভাৰতৰ থকা সম্পৰ্কৰ বাবে অতিৰিক্ত জৰিমণাও বিহা হ’ব। এই শুল্ক ১ আগষ্টৰ পৰা  কাৰ্যকৰী হ’ব।

 

অন্য খবৰ পঢ়কঃ কঠোৰ সিদ্ধান্ত ট্ৰাম্পৰ! ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ আমেৰিকাৰ…