ছিন্ন-ভিন্ন ইৰাণৰ পাৰমাণৱিক শক্তিৰ সপোন ! আমেৰিকাই আক্ৰমণ কৰা ৩টা স্থান কিমান গুৰুত্বপূৰ্ণ ?
শুকুৰবাৰে গভীৰ নিশা আমেৰিকাই ইৰাণৰ তিনিটা পাৰমাণৱিক স্থানত আক্ৰমণ সংঘটিত কৰে। এই অভিযান আমেৰিকাই সফলতাৰে সম্পূৰ্ণ কৰা বুলি দাবী কৰিছে ট্ৰাম্পে। ইৰাণৰ পাৰমাণৱিক শক্তিৰ সপোন সম্পূৰ্ণৰূপে ধ্বংস কৰিবলৈ আমেৰিকাই ফৰ্ডো, নাটাঞ্জ আৰু ইছফাহান নামৰ তিনিটা পাৰমাণৱিক স্থানত আক্ৰমণ চলায়। এই তিনিটা স্থান কিমান গুৰুত্বপূৰ্ণ ?

ইৰাণ আৰু ইজৰাইলৰ মাজত চলি থকা যুদ্ধত এতিয়া জপিয়াই পৰিছে আমেৰিকা। এই যুদ্ধত প্ৰত্যক্ষভাৱে আমেৰিকাই অংশগ্ৰহণ কৰিব নেকি সেইলৈ উত্থাপিত হৈছিল বহু প্ৰশ্ন। এই প্ৰশ্নৰ উত্তৰ সামাজিক মাধ্যমৰ জৰিয়তে নিজে দিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।
শুকুৰবাৰে গভীৰ নিশা আমেৰিকাই ইৰাণৰ তিনিটা পাৰমাণৱিক স্থানত আক্ৰমণ সংঘটিত কৰে। এই অভিযান আমেৰিকাই সফলতাৰে সম্পূৰ্ণ কৰা বুলি দাবী কৰিছে ট্ৰাম্পে। ইৰাণৰ পাৰমাণৱিক শক্তিৰ সপোন সম্পূৰ্ণৰূপে ধ্বংস কৰিবলৈ আমেৰিকাই ফৰ্ডো, নাটাঞ্জ আৰু ইছফাহান নামৰ তিনিটা পাৰমাণৱিক স্থানত আক্ৰমণ চলায়।
ইৰাণ আৰু ইজৰাইলৰ মাজত চলি থকা যুদ্ধৰ সন্দৰ্ভত ৰাষ্ট্ৰপতি ট্ৰাম্প আৰম্ভণিৰে পৰাই এক্টিভ মোডত আছিল। ইয়াৰ লগতে তেওঁ ইতিমধ্যে ইৰাণক আত্মসমৰ্পণ কৰিবলৈ কৈছিল। কিন্তু এতিয়া ট্ৰাম্পে নিজেই নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত পোষ্ট কৰি আক্ৰমণৰ বিষয়ে অৱগত কৰে।
কি ক’লে ট্ৰাম্পে?
ট্ৰাম্পে পোষ্ট কৰি কয়,”ইৰাণৰ ফৰ্ডো, নাটাঞ্জ, ইছফাহানকে ধৰি তিনিটা পাৰমাণৱিক স্থানত আমি আমাৰ অতি সফল আক্ৰমণ সম্পূৰ্ণ কৰিছোঁ। সকলো বিমান এতিয়া ইৰাণৰ আকাশমাৰ্গৰ বাহিৰত। প্ৰাথমিক ছাইট ফৰ্ডোত বমবছৰ(BOMBS) সম্পূৰ্ণ পেলোড নিক্ষেপ কৰা হৈছিল। সকলো বিমান নিৰাপদে ঘৰলৈ যোৱাৰ পথত। আমাৰ মহান আমেৰিকান ৱাৰিয়ৰ্ছলৈ অভিনন্দন। বিশ্বত আন কোনো সামৰিক বাহিনী নাই যিয়ে এই কাম কৰিব পাৰিলেহেঁতেন। এতিয়া শান্তিৰ সময়!”
ইৰাণৰ তিনিওটা ছাইট কিমান গুৰুত্বপূৰ্ণ?
ফৰ্ডো: ইৰাণৰ অন্যতম গুৰুত্বপূৰ্ণ পাৰমাণৱিক উদ্যোগ ফৰ্ডো নিউক্লিয়াৰ প্লাণ্ট। ই তেহৰাণৰ পৰা ১২৫ মাইল দূৰত ক’ম চহৰৰ ওচৰত। এই প্লাণ্ট পাহাৰৰ তলত প্ৰায় ৩০০ ফুট গভীৰতাত নিৰ্মাণ কৰা হৈছে। ইয়াক ইৰাণৰ “মাউণ্ট ডুম” বুলি কোৱা হয়, কাৰণ ই ইমানেই নিৰাপদ যে ইয়াক ধ্বংস কৰাটো প্ৰায় অসম্ভৱ বুলি গণ্য কৰা হয়। পাৰমাণৱিক বোমা নিৰ্মাণৰ বাবে অতি গুৰুত্বপূৰ্ণ ফৰ্ডোত অতি সমৃদ্ধ ইউৰেনিয়াম উৎপাদন কৰা হয়।
শেহতীয়াকৈ IAEA ৰ প্ৰতিবেদনত দেখা গৈছে যে, ইৰাণে ফৰ্ডোত ইউৰেনিয়ামৰ উৎপাদন ৬০ শতাংশ স্তৰলৈ বৃদ্ধি কৰিছে। আনহাতে ইজৰাইলৰ বিষয়াসকলে ফৰ্ডো পাৰমাণৱিক স্থানৰ বিষয়ে দাবী কৰিছিল যে, আমেৰিকাৰ বাহিৰে আন কোনো দেশেই এই স্থানক আক্ৰমণ কৰিব নোৱাৰে কাৰণ ইয়াক এইদৰে প্ৰস্তুত কৰা হৈছে।
নাটাঞ্জ : নাটাঞ্জৰ ওপৰত হোৱা আক্ৰমণে ইৰাণৰ পাৰমাণৱিক কাৰ্যকলাপত প্ৰভাৱ পেলাব পাৰে। এনটিআইৰ মতে, নাটাঞ্জৰ মাটিৰ ওপৰত ৬টা অট্টালিকা আৰু তিনিটা মাটিৰ তলত আছে, ইয়াৰে দুটাত ৫০ হাজাৰ চেণ্ট্ৰিফিউজ থাকিব পাৰে।
ইছফাহানঃ ইৰাণৰ এইটো আন এক গুৰুত্বপূৰ্ণ পাৰমাণৱিক স্থান, য’ত ইজৰাইলেও আক্ৰমণ কৰিছে। ইছফাহানৰ আক্ৰমণৰ ফলত ইৰাণৰ পাৰমাণৱিক কাৰ্যকলাপৰ ক্ষতি হ’ব পাৰে। ই দেশখনৰ সৰ্ববৃহৎ পাৰমাণৱিক গৱেষণা কমপ্লেক্স। এনটিআইৰ তথ্য অনুসৰি, ইছফাহানত ৩ হাজাৰ বিশেষজ্ঞই কাম কৰি আছে।