শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

কূটনৈতিক জয়! পুটিনৰ পাছত ভাৰত ভ্ৰমণৰ সম্ভাৱনা ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ…

Zelensky: পুটিনৰ পাছত এইবাৰ ভাৰত ভ্ৰমণ কৰিব পাৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কি। যদি তেওঁ ভাৰতলৈ আহে তেন্তে কূটনৈতিক ক্ষেত্ৰত ভাৰতৰ এয়া হ'ব ডাঙৰ জয়। ভাৰতে সদায় কৈ আহিছে যে, ভাৰত সদায় শান্তিৰ পক্ষত।

কূটনৈতিক জয়! পুটিনৰ পাছত ভাৰত ভ্ৰমণৰ সম্ভাৱনা ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ…
মোদী-জেলেনস্কিImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 09 Dec 2025 11:25 AM

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ পাছত এইবাৰ ভাৰত ভ্ৰমণ কৰিব পাৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভোলেডিমিৰ জেলেনস্কি (Zelensky)। যদি সকলো ঠিকে থাকে তেন্তে ২০২৬ চনৰ প্ৰথমভাগত জেলেনস্কিয়ে ভাৰত ভ্ৰমণ কৰিব পাৰে। বৰ্তমান দিল্লীয়ে তাৰিখ নিৰ্ধাৰণৰ কাম কৰি আছে। এতিয়ালৈকে ইয়াৰ আনুষ্ঠানিক ঘোষণা হোৱা নাই যদিও পুটিনৰ পাছত জেলেনস্কীৰ ভ্ৰমণ গুৰুত্বপূৰ্ণ বুলি ক’ব পাৰি। ইয়াৰোপৰি কূটনৈতিক ভাৰসাম্য বজাই ৰখাৰ ক্ষেত্ৰত এয়া হ’ব দিল্লীৰ এক ডাঙৰ পদক্ষেপ।

ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ভাৰত আৰু ইউক্ৰেইনৰ কূটনীতিবিদসকলৰ মাজত আলোচনা চলি আছে। পুটিনৰ দুদিনীয়া ভ্ৰমণৰ অন্ত পৰাৰ লগে লগে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীক নতুন দিল্লীলৈ আনিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে। অৱশ্যে এতিয়াও ভ্ৰমণৰ সময়সূচী নিৰ্ধাৰণ হোৱা নাই। সকলোবোৰ এতিয়া প্ৰাৰম্ভিক পৰ্যায়ত আছে। যদি জেলেনস্কিয়ে ভাৰত ভ্ৰমণ কৰে তেন্তে ই দেশ দুখনৰ মাজত সম্পৰ্ক মজবুত কৰিব আৰু ভাৰতৰ সন্তুলিত বৈদেশিক নীতিৰ প্ৰভাৱ বিশ্বত বৃদ্ধি পাব।

খবৰ অনুসৰি, ৰাছিয়াৰ সৈতে ভাৰতৰ সম্পৰ্কই ইউৰোপৰ দৃষ্টি আকৰ্ষণ কৰিছে। বহু নেতা, আমোলা, কূটনৈতিকবিদে দিল্লীক ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধত হস্তক্ষেপ কৰিবলৈ অনুৰোধ জনাইছে। একাংশই বিচাৰিছে শান্তি প্ৰতিষ্ঠাৰ বাবে ভাৰতে এই পদক্ষেপ গ্ৰহণ কৰক। ইফালে পুটিনৰ ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেই শান্তি প্ৰতিষ্ঠা কৰাৰ বিষয়টো উত্থাপন কৰা দেখা গৈছিল। তেওঁ কৈছিল- ভাৰত নিৰপেক্ষ নহয়, শান্তিৰ পক্ষত।

একাংশৰ মতে, সেই উদ্দেশ্য আগত ৰাখিয়েই জেলেনস্কিক ভাৰত আনিবৰ বাবে চেষ্টা কৰা হৈছে। যদি এনে হয়, তেন্তে এয়া হ’ব জেলেনস্কিৰ প্ৰথম কূটনৈতিক ভাৰত ভ্ৰমণ। ইয়াৰ পূৰ্বে ১৯৯২, ২০০২, ২০১২ চনত ইউক্ৰেইনৰ তদানীন্তন ৰাষ্ট্ৰপতি ভাৰতলৈ আহিছিল। কিন্তু জেলেনস্কি ক্ষমতালৈ অহাৰ পাছত ভাৰত ভ্ৰমণ কৰা নাই। অৱশ্যে ২০২৪ চনৰ আগষ্ট মাহত মোদী ইউক্ৰেইনলৈ গৈছিল। য’ত তেওঁ জেলেনস্কিৰ সৈতে বৈঠকত মিলিত হৈছিল। গতিকে এতিয়া যদি জেলেনস্কি ভাৰতলৈ আহে তেন্তে কূটনৈতিক ক্ষেত্ৰত ভাৰতৰ এয়া ডাঙৰ জয় বুলি ক’ব পাৰি।

 

অন্য খবৰ পঢ়কঃ কি হ’ব ইমৰান খানৰ? ‘মানসিক বিকাৰগ্ৰস্ত’ ঘোষণা পাকিস্তানী সেনাৰ…