শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Imran Khan: কি হ’ব ইমৰান খানৰ? ‘মানসিক বিকাৰগ্ৰস্ত’ ঘোষণা পাকিস্তানী সেনাৰ…

বিগত কেইটামান দিন ধৰি চৰ্চাত আছে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান। পৰিয়ালৰ লোকে দীৰ্ঘদিন ধৰি জেলত বন্দী হৈ থকা খানক লগ কৰিব পোৱা নাই। ইয়াৰ মাজতে সেনাই তেওঁক মানসিক বিকাৰগ্ৰস্ত ঘোষণা কৰে।

Imran Khan: কি হ’ব ইমৰান খানৰ? ‘মানসিক বিকাৰগ্ৰস্ত’ ঘোষণা পাকিস্তানী সেনাৰ…
ইমৰান খান- অসীম মুনিৰ
Barasha Sarma
Barasha Sarma | Published: 07 Dec 2025 16:07 PM

বিগত কেইটামান দিনৰ পৰা চৰ্চাত আছে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান। পাকিস্তানৰ জেলৰ ভিতৰতে ইমৰান খানক হত্যা কৰা বুলি একাংশই দাবী উত্থাপন কৰিছিল। ইয়াৰ মাজতে ইমৰান খান সন্দৰ্ভত আন এক খবৰ পোহৰলৈ আহিছে। আদিয়ালা কাৰাগাৰত বন্দী হৈ থকা প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক পাকিস্তানী সেনাই ‘মানসিক বিকাৰগ্ৰস্ত’ ঘোষণা কৰে। সেনাবাহিনীৰ এগৰাকী মুখপাত্ৰই এক বিবৃতি প্ৰকাশ কৰি কয় যে ইমৰান খান এতিয়া মানসিকভাৱে অসুস্থ হৈ পৰিছে। তেওঁ দেশদ্ৰোহীৰ দৰে কথা কৈ আছে।

সেনাই অভিযোগ কৰিছে যে, ইমৰান খানে জেলৰ ভিতৰৰ পৰাই সাধাৰণ নাগৰিকক সামৰিক বাহিনীৰ বিৰুদ্ধে উচতনি দিয়াৰ চেষ্টা চলাই আছে। সেনাৰ এই নতুন ঘোষণাৰ পাছতে এতিয়া পাকিস্তানৰ ৰাজনীতিত উত্তাল পৰিস্থিতিৰ সৃষ্টি হৈছে। গতিকে এতিয়া প্ৰশ্ন হয়, ইমৰান খানৰ এতিয়া কি হ’ব?

কি হ’ব পাৰে

পাকিস্তানৰ তথ্য মন্ত্ৰী আতাউল্লাহ তাৰাৰে স্পষ্টকৈ কৈছে যে, কোনো লোককে ইমৰান খানক লগ কৰিবলৈ দিয়া নহয়। অধিবক্তা, পৰিয়াল, দলৰ নেতা কোনোৱে জেলত প্ৰৱেশ কৰি তেওঁক লগ কৰিব নোৱাৰে। এনে অৱস্থাত ইমৰান খানৰ বাহিৰৰ সৈতে সংযোগ একেবাৰে নোহোৱা হৈ যাব। তেওঁ জেলত কেনে আছে, কি হৈ আছে কোনোৱে জানিবলৈ সুযোগ নাপাব। ইমৰান খানৰ ৰাজনৈতিক কাৰ্যকলাপ সম্পূৰ্ণৰূপে নষ্ট কৰাৰ বাবে পাকিস্তান চৰকাৰ আৰু সেনাই এই সিদ্ধান্ত লোৱা বুলি ক’ব পাৰি।

পাকিস্তান চৰকাৰ আৰু সেনাৰ আন এটা ডাঙৰ পদক্ষেপ নহয়, দেশখনত ইমৰান খানৰ বিৰুদ্ধে কোনো ডাঙৰ প্ৰতিবাদ হোৱাত বাধা প্ৰদান কৰা। পিটিআই সমৰ্থকক দমন কৰি কোনো ধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰাত বাধা প্ৰদান কৰিবলৈ ছ’চিয়েল মিডিয়া আৰু ডিজিটেল প্লেটফৰ্মত চোৰাংচোৱাগিৰি বৃদ্ধি কৰা হ’ব, ইয়াৰোপৰি  নিৰাপত্তা বৃদ্ধি কৰা হ’ব পাৰে।

ইমানেই নহয়, দলৰ নেতাসকলক গ্ৰেপ্তাৰ কৰিব পাৰে। যোৱা ৯মে’ৰ দৰে কোনো হিংসাত্মক প্ৰতিবাদ হব নিদিয়াৰ লক্ষ্য চৰকাৰৰ। ইমৰান খানৰ সৈতে জড়িত সকলো সংগঠনৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰিবলৈ সাজু হৈছে চৰকাৰ আৰু সেনা। এক কথাত ইমৰান খানৰ অস্তিত্ব নোহোৱা কৰাৰ চেষ্টা কৰিছে পাকিস্তানে।

 

 

অন্য় খবৰ পঢ়কঃ ভাৰতত পুটিন! ইফালে ৩০ খনৰো অধিক দেশৰ ওপৰত আমেৰিকাৰ ভ্ৰমণ নিষেধাজ্ঞা…