শুল্ক সন্দৰ্ভত চাৰিবাৰকৈ ফোন কৰিছিল ট্ৰাম্পে, কিন্তু কথা নাপাতিলে মোদীয়ে! জাৰ্মানীৰ সংবাদ পত্ৰৰ চাঞ্চল্যকৰ দাবী
এখন জাৰ্মান আলোচনীৰ মতে, আমেৰিকা আৰু ভাৰতৰ মাজত শুল্ক বিবাদৰ সময়ত ৰাষ্ট্ৰপতি ট্ৰাম্পে প্ৰধানমন্ত্ৰী মোদীক চাৰিবাৰকৈ ফোন কৰিছিল যদিও মোদীয়ে তেওঁৰ ফোন গ্ৰহণ কৰা নাছিল। এই ঘটনাই দুয়োখন দেশৰ সম্পৰ্কক লৈ নতুন জল্পনা-কল্পনাৰ সৃষ্টি কৰিছে।

ভাৰত আৰু আমেৰিকাৰ মাজত চলি থকা শুল্ক বিবাদৰ সময়তে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক চাৰিবাৰকৈ ফোন কৰিছিল যদিও ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে কোনো উত্তৰ নিদিলে। জাৰ্মানীৰ এখন বাতৰি কাকতে ট্ৰাম্প আৰু নৰেন্দ্ৰ মোদীৰ মাজত সম্পৰ্ক ঠিক নহয় বুলি দাবী কৰাৰ পিছত এই বিষয়ক লৈ আলোচনা বাঢ়িছে।
জাৰ্মানীৰ এখন প্ৰখ্যাত আলোচনীৰ তথ্য অনুসৰি শুল্ক বিবাদৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে চাৰিবাৰ টেলিফোনযোগে কথা পাতিবলৈ চেষ্টা কৰিছিল যদিও প্ৰধানমন্ত্ৰীয়ে কথা নাপাতিলে। অৱশ্যে এই বিষয়ত আনুষ্ঠানিকভাৱে আমেৰিকা বা ভাৰত চৰকাৰে একো কোৱা নাই।
FAZ claims that Trump tried to call Modi four times in recent weeks but that Modi refused the calls. pic.twitter.com/ey4qq7qqWA
— Thorsten Benner (@thorstenbenner) August 25, 2025
যদি FAZৰ এই খবৰ সঁচা হয়, তেন্তে স্পষ্ট যে ট্ৰাম্পৰ হেঁচাৰ বলি নোহোৱা নৰেন্দ্ৰ মোদী বিশ্বৰ একমাত্ৰ নেতা।
জে ডি ভ্যান্সৰ ফোনৰো কোনো উত্তৰ দিয়া নাছিল
প্ৰধানমন্ত্ৰী মোদীয়ে আমেৰিকাৰ কোনো নেতাৰ সৈতে কথা নপতাটো প্ৰথম নহয়। পাকিস্তানৰ সৈতে সংঘাতৰ সময়ত হোৱা এক ঘটনাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে লোকসভাত কয় যে যুদ্ধবিৰতিৰ এদিন আগত ৯ মে’ৰ নিশা “আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতিয়ে মোৰ সৈতে ৩-৪ বাৰ যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু মই সশস্ত্ৰ বাহিনীৰ সৈতে বৈঠকত ব্যস্ত আছিলো”।
প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু কয়, “মই যেতিয়া তেওঁক ফোন কৰিছিলো তেতিয়া আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতিয়ে মোক পাকিস্তানৰ পৰা বৃহৎ আক্ৰমণৰ কথা সকীয়াই দিছিল। মই তেওঁক কৈছিলো যে যদি পাকিস্তানে ভাৰতত আক্ৰমণ কৰে তেন্তে আমাৰ আক্ৰমণ বহুত ডাঙৰ হ’ব কাৰণ গুলীৰ প্ৰতি আমি কামানেৰে সঁহাৰি দিম।”
আমেৰিকাই ভাৰতৰ ওপৰত শুল্ক আৰোপ কৰিলে
দীৰ্ঘদিন ধৰি ভাৰত আৰু আমেৰিকাৰ সু-সম্পৰ্ক আছে যদিও ট্ৰাম্প পুনৰ হোৱাইট হাউছলৈ অহাৰ পিছত বিভাজনৰ সৃষ্টি হৈছে। ট্ৰাম্প প্ৰশাসনে ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰু ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ ক্ষেত্ৰত অতিৰিক্ত ২৫ শতাংশ শুল্ক আৰোপ কৰিছে। ইয়াৰ পিছত দুয়োখন দেশৰ সম্পৰ্কত দূৰত্ব দেখা গৈছে। অৱশ্যে ভাৰতে কয় যে ভাৰতৰ প্ৰতিনিধি দলে এতিয়াও এই শুল্ক সন্দৰ্ভত ট্ৰাম্প প্ৰশাসনৰ সৈতে আলোচনা কৰি আছে।