শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
ৰাজ্যৰ পৰা বিশ্বলৈ, পঢ়ক আজিৰ দিনটোৰ ৯টা গুৰুত্বপূৰ্ণ খবৰ...

ৰাজ্যৰ পৰা বিশ্বলৈ, পঢ়ক আজিৰ দিনটোৰ ৯টা গুৰুত্বপূৰ্ণ খবৰ…

barasha-sarma
Barasha Sarma | Updated On: 26 Aug 2025 22:47 PM

আজিৰ দিনটোত ৰাজ্যৰ পৰা বিশ্বলৈ বিভিন্ন ঘটনা সংঘটিত হয়। আজি বিটিচি নিৰ্বাচনৰ দিন ঘোষণা হয়. ইয়াৰ বিপৰীতে হিমন্ত বিশ্ব শৰ্মাই চলাই গৈছে প্ৰচাৰ।

১. আজি ঘোষণা হয় বিটিচি নিৰ্বাচনৰ দিন। অহা ২২ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব বিটিচি নিৰ্বাচন।

২. নিৰ্বাচনী প্ৰচাৰ চলাই গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে, বিটিচি নিৰ্বাচনত বিজেপিয়ে ২৪খনতকৈ অধিক আসনত প্ৰতিদ্বন্দ্বিতা কৰিব।

৩. ছৈয়দা হামিদৰ মন্তব্য সন্দৰ্ভত সাংসদ অজিত কুমাৰ ভূঞাক কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

৪. অজিত ভূঞা, লুৰীণজ্যোতি গগৈ, হীৰেন গোহাঁইহঁতৰ ঘোঁৰাগাড়ীত উঠিলে এক্সিডেণ্ট হ’বই- এই মন্তব্য মুখ্যমন্ত্ৰীৰ।

৫. বাংলাদেশী অনুপ্ৰৱেশকাৰীক লৈ গৌৰৱ গগৈৰ প্ৰশ্ন।

৬.ছৈয়দা হামিদৰ মন্তব্যকলৈ অজিত ভূঞাৰ প্ৰতিক্ৰিয়া। এই মন্তব্যক গৰিহনা দিয়ে।

৭. ৰাজ্যৰ জনতাৰ বাবে ভাল খবৰ। প্ৰতিখন চৰকাৰী হাস্পতালত এতিয়াৰে পৰা উপলব্ধ হ’ব ১০০ শতাংশ বিনামূলীয়া ঔষধ।

৮. পুনৰ আম আদমী পাৰ্টীৰ নেতাৰ ঘৰত অভিযান ইডিৰ।  প্ৰায় ৫৫৯০ কোটি টকাৰ কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ।

৯. কালিলৈ গণেশ চতুৰ্থী। চাৰিওফালে চলিছে মহা আয়োজন।