শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বাংলাদেশৰ নদীত মৃতদেহৰ দ’ম! ৭৫০টা উদ্ধাৰ, ক’ৰ পৰা কেনেকৈ আহিল?

বাংলাদেশৰ ৩খন নদীৰ পৰা উদ্ধাৰ হৈছে ৭৫০টা মৃতদেহ। প্ৰতিদিনে এই নদীসমূহৰ পৰা কমেও ২-৩টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। এতিয়া এই মৃতদেহবোৰ কাৰ আৰু ক’ৰ পৰা আহিছে এই প্ৰশ্ন উত্থাপন হৈছে। সমগ্ৰ বিষয়টো ঢাকি ৰখাত ব্যস্ত বাংলাদেশ আৰক্ষী।

বাংলাদেশৰ নদীত মৃতদেহৰ দ’ম! ৭৫০টা উদ্ধাৰ, ক’ৰ পৰা কেনেকৈ আহিল?
Bangladesh River Body
trishna-kalita
Trishna Kalita | Updated On: 26 Aug 2025 12:54 PM

আকৌ চুবুৰীয়া বাংলাদেশত সংঘটিত  হৈ অনাকাংশিত ঘটনা। দেশখনৰ ৩খন নদীৰ পৰা অবিৰতভাৱে মৃতদেহ ওলাই অহাৰ খবৰ পোহৰলৈ আহিছে। বুৰিগংগা, শীতলাক্ষ্য আৰু মেঘনা নদীৰ পৰা ৭৫০টা মৃতদেহ উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে বাংলাদেশ আৰক্ষীয়ে। এনে বহু মৃতদেহ আছে যাৰ বিষয়ে আৰক্ষীৰ হাতত কোনো তথ্য নাই।

ইফালে নদীৰ পৰা ধাৰাবাহিকভাৱে  উদ্ধাৰ হোৱা মৃতদেহবোৰে বৃদ্ধি কৰিছে প্ৰশাসনৰ উত্তেজনা। চৰকাৰ তথা প্ৰশাসনে মৃতদেহ চিনাক্তকৰণ কৰি তদন্ত আৰম্ভ কৰিব বুলি জানিবলৈ দিছে। আৰক্ষী বিষয়াসকলে কয় যে এনে বহু মৃতদেহ আছে যিবোৰ চিনাক্ত কৰাটোও কঠিন।

অধিকাংশ মৃতদেহ বেগত ভৰাই পেলাই দিয়া হৈছে

বাংলাদেশৰ মাজমিন কাকতে এই সন্দৰ্ভত বিতং প্ৰতিবেদন প্ৰকাশ কৰিছে। বাতৰি কাকতখনৰ মতে, এই পৰ্যন্ত আৰক্ষীয়ে উদ্ধাৰ কৰা অধিকাংশ মৃতদেহ বেগত পেলাই দিয়া হৈছে। কিছুমান মৃতদেহক ডিঙিত ইটা আৰু শিল বান্ধি দলিয়াই দিয়া হৈছিল।

আৰক্ষীয়ে একাংশ মৃতদেহ চিনাক্ত কৰাৰ বিপৰীতে কিছুমানক চিনাক্ত নকৰাকৈয়ে সমাধিস্থ কৰিছে। আৰক্ষীয়ে কয় যে এই সকলোবোৰ নিৰুদ্দেশ হোৱা লোকৰ মৃতদেহ। কেতিয়া নিৰুদ্দেশ হৈছিল সেই সন্দৰ্ভত কোনো তথ্য দিয়া হোৱা নাই। স্থানীয় কেৰাণীগঞ্জ আৰক্ষীৰ তথ্য অনুসৰি প্ৰতিদিনে ২-৩ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। আৱামী লীগ চৰকাৰৰ সময়ত এই সংখ্যা আছিল ৫ জনতকৈ অধিক।

নদীৰ পৰা অবিৰতভাৱে ওলাই অহা মৃতদেহ সন্দৰ্ভত ঢাকাত ২টা তত্ত্ব চলি আছে। ইয়াত এই ২ টা তত্ত্বৰ বিষয়ে বিতংভাৱে বুজা যাওক-

১)  পুলিচে কয় যে গুণ্ডা আৰু অপৰাধীয়ে মানুহক অপহৰণ কৰি হত্যা কৰিছে। শৰীৰটো লুকুৱাবলৈ নদীত পেলাই দিছে। যেতিয়া মৃতদেহবোৰ ফুলি উঠি ওলাই আহে, তেতিয়া আৰক্ষীয়ে তাৰ খবৰ পায়। চিজিএছৰ তথ্য অনুসৰি বাংলাদেশত প্ৰতিমাহে প্ৰায় ৮৭ জন লোকক অপহৰণ কৰা হৈছে। ২০২৪ চনৰ তুলনাত এই সংখ্যা ৬১ শতাংশ বেছি।

অপহৰণ আৰু পৰৱৰ্তী হত্যাকাণ্ড বন্ধ কৰাত ব্যৰ্থ হৈছে বাংলাদেশ চৰকাৰ। চৰকাৰৰ গৃহ পৰিক্ৰমা উপদেষ্টাগৰাকীয়েও এই কথা মানি লৈছে।

২)  আন এটা তত্ত্ব হ’ল শ্বেখ হাছিনাৰ শাসনকালত বেছিভাগ মৃতদেহ নদীত পেলাই দিয়া হৈছিল। হিউমেন ৰাইটছৰ তথ্য অনুসৰি হাছিনা চৰকাৰৰ দিনত প্ৰায় ৭০০ লোক নিৰুদ্দেশ হৈছিল। এই লোকসকলক ক’ত কেনেদৰে হত্যা কৰা হ’ল সেই সন্দৰ্ভত এতিয়াও ইউনুছৰ চৰকাৰে তথ্য লাভ কৰিব পৰা নাই।

একে সময়তে আৰক্ষী বিষয়াসকলে গোচৰটো যিদৰে স্বাভাৱিকভাৱে লৈছে, এই প্ৰশ্ন অধিক প্ৰবল হৈ পৰিছে। ২০০৮ চনৰ পৰা ২০২৪ চনলৈ বাংলাদেশত শ্বেখ হাছিনাৰ চৰকাৰ আছিল।