শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Morning News: মীৰাবাঈৰ স্বৰ্ণ জয়ৰ পৰা ট্ৰাম্পৰ ভাৰত-পাক যুদ্ধৰ দাবীলৈ, পলকতে চাওক পুৱাৰ কেইটামান প্ৰধান খবৰ

ভাৰত-পাকিস্তানৰ  যুদ্ধবিৰতি কৰোৱা বুলি পুনৰ এবাৰ দাবী কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। অন্যথা এই যুদ্ধই পাৰমাণৱিক যুদ্ধৰ ৰূপ ধাৰণ কৰিলেহেঁতেন বুলিও ট্ৰাম্পে দাবী কৰিছে।

Morning News: মীৰাবাঈৰ স্বৰ্ণ জয়ৰ পৰা ট্ৰাম্পৰ ভাৰত-পাক যুদ্ধৰ দাবীলৈ, পলকতে চাওক পুৱাৰ কেইটামান প্ৰধান খবৰ
পুৱাৰ মুখ্য খবৰ
monjit-dutta
Monjit Dutta | Updated On: 26 Aug 2025 09:12 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. অহা ১৪ ছেপ্টেম্বৰত এছিয়া কাপত মুখামুখি হ’ব ভাৰত আৰু পাকিস্তান। পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ আৰু তাৰ পিছত অপাৰেচন সেন্দূৰৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ বহু লোকে এই মেচ অনুষ্ঠিত হোৱাটো বিচৰা নাছিল যদিও ইতিমধ্যে ভাৰত চৰকাৰে এইক্ষেত্ৰত সেউজ সংকেত দিছে। এতিয়া কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে বিচিচিআইলৈ এক পত্ৰ প্ৰেৰণ কৰি এই মেচখনত অংশ নল’বলৈ আহ্বান জনাইছে। অন্যথা এয়া ৰাষ্ট্ৰীয় স্বাৰ্থৰ বিপৰীত হ’ব বুলি তেওঁ উল্লেখ কৰিছে।
  2. ভাৰত-পাকিস্তানৰ  যুদ্ধবিৰতি কৰোৱা বুলি পুনৰ এবাৰ দাবী কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। অন্যথা এই যুদ্ধই পাৰমাণৱিক যুদ্ধৰ ৰূপ ধাৰণ কৰিলেহেঁতেন বুলিও ট্ৰাম্পে দাবী কৰিছে। কেৱল সিমানেই নহয়, ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধৰ সময়ত ৭খন যুদ্ধ বিমান ভূপতিত হোৱা বুলিও দাবী কৰিছে ট্ৰাম্পে। কিন্তু এই বিমানকেইখন কোন দেশৰ, সেই বিষয়ে স্পষ্ট কৰা নাই মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে।
  3. নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে অভিযান। প্ৰশাসনৰ ধাৰাবাহিক ড্ৰাগছ বিৰোধী অভিযানৰ মাজতে সোমবাৰে পুনৰ অসম আৰক্ষীৰ জালত পৰিছে দুই ড্ৰাগছ সৰবৰাহকাৰী। সোমবাৰে অসম আৰক্ষীয়্দে কৰিমগঞ্জ জিলাৰ চুৰাইবাৰী চেক প’ষ্টত এক অভিযান চলাই ৩০,৪২০ বটল ক’ডেইন ফছফেট জব্দ কৰে। এই নিচাজাতীয় সামগ্ৰীখিনিৰ মূল্য প্ৰায় ৩ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে।
  4. কলিয়াবৰৰ জখলাবন্ধাত যোৱা নিশা সংঘটিত হৈছে গুলীচালনাৰ ঘটনা। আৰক্ষীৰ বাধা নেওচি এখন বাহনে দ্ৰুতগতিৰে আগবাঢ়িবলৈ চেষ্টা কৰাত প্ৰথমে জখলাবন্ধা আৰক্ষীয়ে ৰে’ লগেটৰ সমীপত এখন বিলাসী বাহনলৈ লক্ষ্য কৰি তিনি জাই গুলী নিক্ষেপ কৰে ৷  আৰক্ষীয়ে পিছত বাহনখন পিছ লয় যদিও বাহনত থকা যাত্ৰীসকলে আৰক্ষীক লক্ষ্য কৰি দুই জাঁই গুলীচালনা কৰে বুলি জানিব পৰা গৈছে।
  5. ৰাজ্যৰ যুৱ লেখকসকলৰ বাবে অসম চৰকাৰে আনিছে এক সুখবৰ। ৰাজ্য চৰকাৰে এই বৰ্ষটি কিতাপৰ বৰ্ষ হিচাপে উদযাপন কৰাৰ পৰিপ্ৰেক্ষিতত  ‘যুৱ লেখক সন্মান’ শীর্ষক এক কার্যসূচী গ্রহণ কৰিছে। এই কাৰ্যসূচীৰ অধীনত যোগ্য যুৱ লেখকসকলক ২৫ হাজাৰ টকাকৈ সাহায্য আগবঢ়াব অসম চৰকাৰে। ইতিমিধ্যে এই কাৰ্যসূচীৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। নিৰ্দিষ্ট অৰ্হতা অনুসাৰে যোগ্য যুৱ লেখকসকলে publicationboardassam.com ত আবেদন কৰিব পাৰিব।
  6. আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ প্ৰত্যাৱৰ্তনতে জিলিকি উঠিছে দেশৰ তাৰকা ভাৰাত্তোলক মীৰাবাঈ চানু। কমনৱেলথ চেম্পিয়নশ্বিপত সোমবাৰে মীৰাবাঈ চানুৱে  কিলোগ্ৰাম শাখাত স্বৰ্ণ জয় কৰি সফল প্ৰত্যাৱৰ্তন ঘটায়। এইক্ষেত্ৰত তাৰকা খেলুৱৈগৰাকীয়ে নতুন কমনৱেলথ চেম্পিয়নশ্বিপ অভিলেখো স্থাপন কৰিছে।
  7. আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰশাসনে  ভাৰতৰ ওপৰত ২৫% অতিৰিক্ত আমদানি শুল্ক আৰোপ কৰাৰ সন্দৰ্ভত এক অধিসূচনা জাৰি কৰিছে। এই অধিসূচনা অনুসৰি ২৭ আগষ্ট, অৰ্থাৎ কাইলৈৰ পৰা আমেৰিকাৰ এই নতুন শুল্ক নীতি কাৰ্যকৰী হ’ব। এনে পৰিস্থিতিত ভাৰতৰ ওপৰত আমদানি শুল্ক ৫০% লৈ বৃদ্ধি পাইছে, কিয়নো ইতিপূৰ্বে ৭ আগষ্টৰ পৰা ভাৰতৰ ওপৰত ২৫% আমদানি শুল্ক প্ৰযোজ্য হৈ আছিল।