শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Assam News: মাদানী-হামিদৰ মন্তব্যক লৈ গৰম ৰাজ্যৰ ৰাজনীতি, চাওক দিনটোৰ শীৰ্ষ খবৰ

Assam News: মাদানী-হামিদৰ মন্তব্যক লৈ গৰম ৰাজ্যৰ ৰাজনীতি, চাওক দিনটোৰ শীৰ্ষ খবৰ

Manas Borah
Manas Borah | Published: 25 Aug 2025 21:49 PM

আজি ২৫ আগষ্ট, সোমবাৰ। আজিৰ বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। ৰাজ্যৰ ৰাজনীতি পৰা ক্ৰীড়া ক্ষেত্ৰলৈকে চাওক দিনটোৰ শীৰ্ষ খবৰ...।

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৭ সংখ্যক তিৰোভাৱ তিথি। পুৱাৰে পৰা গুৰু বন্দনা-হৰি নামৰ ধ্বনিৰে মুখৰিত ৰাজ্যৰ সত্ৰ-নামঘৰ। ঐতিহ্যমণ্ডিত আঠখেলীয়া, ঢেকীয়াখোৱা নামঘৰতো পালন হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি ৷ নাম-কীৰ্তন, হৰিনামেৰে মুখৰিত গুৰুজনাৰ জন্মস্থান বৰদোৱা। পুৱাৰ পৰাই হৰি নামৰে মুখৰিত মাজুলী।

অসমত বাংলাদেশী নাগৰিকক লৈ বিস্ফোৰক মন্তব্য পৰিকল্পনা আয়োগৰ প্ৰাক্তন সদস্যা ছৈয়দা হামিদৰ। তেওঁ কয়, “মই দিল্লীত থাকো, কিন্তু মোৰ অন্তৰ ইয়াৰ মুছলমানসকলৰ সৈতে আছে। ইয়াত মুছলমানসকলৰ যি অৱস্থা সেয়া অতি দুখজনক। বাংলাদেশী হোৱাত সমস্যা ক’ত? বাংলাদেশীও মানুহ। বাংলাদেশীয়ে কাৰো অধিকাৰ কাঢ়ি লোৱা নাই।”

চাওক দিনটোৰ শীৰ্ষ খবৰ