শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Tejas Fighter Jet Crash: ডুবাইত এয়াৰ শ্ব’ৰ সময়তে ভয়ংকৰ ঘটনা; দুৰ্ঘটনাত পতিত তেজছ বিমান, প্ৰাণ হেৰুৱালে পাইলটে

Dubai Air Show 2025: প্ৰকাশিত খবৰ অনুসৰি আজি বিয়লি ডুবাই এয়াৰ শ্ব’ত বিমানৰ প্ৰদৰ্শনীমূলক অনুষ্ঠানৰ সময়ত দুৰ্ঘটনাগ্ৰস্ত হয় তেজছ যুঁজাৰু বিমানখন। স্থানীয় সময় অনুসৰি নিশা প্ৰায় ২:১০ বজাত বিমানখনে দৰ্শকৰ সমুখত কলা প্ৰদৰ্শন কৰি থকা সময়তে এই দুৰ্ঘটনা সংঘটিত হয়।

Tejas Fighter Jet Crash: ডুবাইত এয়াৰ শ্ব’ৰ সময়তে ভয়ংকৰ ঘটনা; দুৰ্ঘটনাত পতিত তেজছ বিমান, প্ৰাণ হেৰুৱালে পাইলটে
দুৰ্ঘটনাত পতিত তেজছ
monjit-dutta
Monjit Dutta | Updated On: 21 Nov 2025 17:08 PM

ডুবাই এয়াৰ শ্ব’ত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। এয়াৰ শ্ব’ত প্ৰদৰ্শনৰ সময়ত দুৰ্ঘটনাগ্ৰস্ত হৈছে ভাৰতৰ যুঁজাৰু বিমান তেজছ। ভাৰতীয় বায়ুসেনাই এই ঘটনা সন্দৰ্ভত এক বিবৃতি প্ৰকাশ কৰিছে। এই বিবৃতি যোগে বায়ুসেনাই ডুবাই এয়াৰ শ্ব’ত ভাৰতীয় বায়ুসেনাৰ এখন তেজছ বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱা বুলি উল্লেখ কৰে। বিমানখনে উপস্থিত লোকসকলৰ সমুখত কলা প্ৰদৰ্শন কৰি থকাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা। এই শোকাৱহ দুৰ্ঘটনাত বিমানখনৰ পাইলটৰ মৃত্যু হয়।

প্ৰকাশিত খবৰ অনুসৰি আজি বিয়লি ডুবাই এয়াৰ শ্ব’ত বিমানৰ প্ৰদৰ্শনীমূলক অনুষ্ঠানৰ সময়ত দুৰ্ঘটনাগ্ৰস্ত হয় তেজছ যুঁজাৰু বিমানখন। স্থানীয় সময় অনুসৰি নিশা প্ৰায় ২:১০ বজাত বিমানখনে দৰ্শকৰ সমুখত কলা প্ৰদৰ্শন কৰি থকা সময়তে এই দুৰ্ঘটনা সংঘটিত হয়।

সমবেত হৈছিল বৃহৎ সংখ্যক লোক

দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে ঘটনাস্থলীত জৰুৰীকালীন দল উপস্থিত হৈ উপস্থিত লোকসকলক নিৰাপদে আঁতৰাই নিয়ে। সমবেত লোকসকলৰ মাজত যথেষ্ট সংখ্যক শিশুও উপস্থিত আছিল। উদ্ধাৰকাৰী দলে তাৎক্ষণিকভাৱে এইলোকসকলক নিৰাপদে আঁতৰাই নি শংকামুক্ত কৰে।

Tejas Mk1ত তেল লিকৰ সত্যতা

লক্ষণীয়ভাৱে বৃহস্পতিবাৰে ডুবাই এয়াৰ শ্ব’ সন্দৰ্ভত এক ভিডিঅ’ ভাইৰেল হৈছিল। এই ভিডিঅ’টোত Tejas Mk1 ত তেল লিক হোৱা বুলি দাবী কৰা হৈছিল। PIB Fact Check এ অৱশ্যে এই দাবী সম্পূৰ্ণ ভুৱা বুলি ঘোষণা কৰিছিল।

একেটা পোষ্টতে PIB Fact Check এ লগতে এই একাউণ্টসমূহে ভিত্তিহীন অপপ্ৰচাৰৰ জৰিয়তে যুঁজাৰু বিমানখনৰ প্ৰমাণিত কাৰিকৰী নিৰ্ভৰযোগ্যতাক ক্ষতি কৰিবলৈ ইচ্ছাকৃতভাৱে ভুৱা খবৰ বিয়পাইছে বুলিও দাবী কৰিছিল।