এই দিনটোত গতিপথ সলনি কৰিব গ্ৰহৰ ৰাজকুমাৰ বুধে, সুখ-সমৃদ্ধিৰে জীপাল হ’ব এই ৪ ৰাশিৰ জীৱন!
বৃশ্চিক ৰাশিত বুধৰ এই উত্থান কিছুমান ৰাশিৰ বাবে অত্যন্ত শুভ বুলি প্ৰমাণিত হ’বলৈ গৈ আছে। এই সময়ত গ্ৰহটোৰ শুভ প্ৰভাৱ অধিক সক্ৰিয় হৈ পৰে আৰু জীৱনৰ ভিন্ন দিশলৈ ইতিবাচক শক্তি সঞ্চাৰিত হয়। বুধ গ্ৰহৰ এই উত্থানৰ সময়ত ৪টা ৰাশিৰ ঘটিব ভাগ্যোদয়! জানো আহক এই বিষয়ে।
জ্যোতিষ শাস্ত্ৰত বুধক গ্ৰহৰ ৰাজকুমাৰ হিচাপে বৰ্ণনা কৰা হৈছে। এই বুধ গ্ৰহক বুদ্ধি, যুক্তি, বাক্য, ব্যৱসায়, যোগাযোগৰ কাৰক বুলি কোৱা হয়। জ্যোতিষ অনুসৰি অহা ২৬ নৱেম্বৰত পুৱা ৬:০১ বজাত বৃশ্চিক ৰাশিত বুধ গ্ৰহ উদয় হ’ব। যেতিয়া বুধ এই ৰাশিত উদয় হয়, তেতিয়া ই নিজৰ সম্পূৰ্ণ শক্তি প্ৰয়োগ কৰিবলৈ আৰম্ভ কৰে। বৃশ্চিক ৰাশিত বুধৰ এই উত্থান কিছুমান ৰাশিৰ বাবে অত্যন্ত শুভ বুলি প্ৰমাণিত হ’বলৈ গৈ আছে। এই সময়ছোৱাত চাৰিটা ৰাশিৰ লোকে নিজৰ কেৰিয়াৰ, ব্যৱসায় আৰু ব্যক্তিগত জীৱনত যথেষ্ট লাভৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে।
বুধ গ্ৰহৰ উত্থান কি?
পুৱাৰ সূৰ্যৰ পোহৰত যেতিয়া বুধ গ্ৰহৰ ৰশ্মি স্পষ্টকৈ দেখা যায়, তেতিয়া বুধ গ্ৰহৰ উত্থান হোৱা বুলি কোৱা হয়। এই সময়ত গ্ৰহটোৰ শুভ প্ৰভাৱ অধিক সক্ৰিয় হৈ পৰে আৰু জীৱনৰ ভিন্ন দিশলৈ ইতিবাচক শক্তি সঞ্চাৰিত হয়। বুধ গ্ৰহৰ এই উত্থানৰ সময়ত ৪টা ৰাশিৰ ঘটিব ভাগ্যোদয়! জানো আহক এই বিষয়ে।
মেষ ৰাশি
নতুন সুযোগঃ বুধ গ্ৰহৰ উত্থানে মেষ ৰাশিৰ লোকৰ বাবে নতুন পৰিৱৰ্তন আৰু উৎকৃষ্ট সুযোগ কঢ়িয়াই আনিব। আপুনি নতুন ব্যৱসায়িক চুক্তি সম্পাদন কৰিব পাৰে।
কেৰিয়াৰৰ উন্নতিঃ কৰ্মত নিয়োজিত ব্যক্তিসকলে উৰ্ধতন বিষয়াৰ পৰা সহায় লাভ কৰিব, ইয়াৰ দ্বাৰা কেৰিয়াৰ উপকৃত হ’ব। আপোনাৰ আত্মবিশ্বাস বাঢ়িব।
সম্পৰ্কৰ উন্নতিঃ বন্ধু-বান্ধৱ আৰু আত্মীয়ৰ সৈতে চলি থকা উত্তেজনাৰ অন্ত পৰিব। সামাজিক আৰু ব্যক্তিগত সম্পৰ্ক উন্নত হ’ব।
ধন লাভঃ খৰচ কম কৰিলে আপুনি ধন সঞ্চয় কৰিবলৈ সক্ষম হ’ব। আকাংক্ষিত চাকৰিৰ সুযোগো আহিব পাৰে।
বৃশ্চিক ৰাশি
আত্মবিশ্বাস বৃদ্ধিঃ আপোনাৰ আত্মবিশ্বাস আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা যথেষ্ট বৃদ্ধি পাব।
বাকী থকা কাম সম্পূৰ্ণ হ’বঃ দীৰ্ঘদিন ধৰি অসম্পূৰ্ণ হৈ থকা কামসমূহ দ্ৰুতভাৱে সম্পূৰ্ণ হ’ব। প্ৰতিটো পৰিস্থিতিত উন্নত সিদ্ধান্ত লোৱাৰ ক্ষমতা লাভ কৰিব।
আৰ্থিক লাভঃ হঠাতে আৰ্থিক লাভ হ’ব পাৰে। পাবলৈ থকা ধন লাভ কৰিব, বিনিয়োগৰ পৰা লাভৰ সম্ভাৱনা প্ৰবল। আয়ৰ নতুন পথো মুকলি হ’ব পাৰে।
পেছাদাৰী সফলতাঃ কৰ্মক্ষেত্ৰত দৰমহা বৃদ্ধি বা নতুন দায়িত্ব লাভ কৰাৰ সম্ভাৱনা আছে। ব্যৱসায় সম্প্ৰসাৰণৰ সুযোগ বিচাৰি পাব পাৰে।
মকৰ ৰাশি
মানসিক চাপৰ পৰা সকাহঃ বুধৰ এই উত্থান মকৰ ৰাশিৰ বাবে এক আশীৰ্বাদ। আপোনাৰ পুৰণি সমস্যা দূৰ হ’ব।
সফলতাৰ সম্ভাৱনাঃ আপুনি বহুদিনৰ পৰা চেষ্টা কৰি থকা কামসমূহত এতিয়া সফলতা লাভ কৰিব।
আৰ্থিক লাভঃ আৰ্থিক লাভৰ সুযোগ পাব। বিনিয়োগ সম্পৰ্কীয় প্ৰচেষ্টাত সফলতাৰ সম্ভাৱনা অত্যন্ত বেছি।
সামাজিক লাভঃ আপোনাৰ সামাজিক প্ৰতিপত্তি বৃদ্ধি পাব। আপুনি কোনো বৃহৎ দল বা সংস্থাত যোগদান কৰি লাভ অৰ্জন কৰিব পাৰিব।
কুম্ভ ৰাশি
কেৰিয়াৰত উন্নতিঃ কুম্ভ ৰাশিৰ ব্যক্তিসকলে এই সময়ছোৱাত কেৰিয়াৰত যথেষ্ট লাভৰ মুখ দেখিব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ শলাগ লোৱা হ’ব, আপুনি উৰ্ধতন বিষয়াৰ পৰা সমৰ্থন লাভ কৰিব।
আৰ্থিক শক্তিঃ আপোনাৰ আয় বৃদ্ধিৰ নতুন পথ মুকলি হ’ব, আৰু আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী হ’ব।
ব্যৱসায়ত লাভঃ এই সময় ব্যৱসায়ৰ সৈতে জড়িতসকলৰ বাবে বিশেষভাৱে লাভজনক হ’ব। আপোনাৰ পৰিকল্পনা সফল হ’ব আৰু লাভ বৃদ্ধি পাব।
ইতিবাচক শক্তিঃ আপুনি অধিক উৎসাহী হ’ব আৰু আপোনাৰ কাম তথা প্ৰগতিৰ ওপৰত মনোনিৱেশ কৰিব, যাৰ ফলত জীৱনত সফলতা লাভ কৰিব।
বিশেষ দ্ৰষ্টব্যঃ এই লেখাত উল্লেখ কৰা তথ্যসমূহ ধৰ্মীয় বিশ্বাসৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে। TV9 Assam-এ এয়া নিশ্চিত কৰা নাই।