শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Bangladesh Earthquake: ২৮ বছৰৰ পাছত বাংলাদেশত প্ৰবল ভূমিকম্প, ৰাজধানী ঢাকাত ৩ জন নিহত, আঘাতপ্ৰাপ্ত ১০০ ৰো অধিক লোক

২৮ বছৰৰ পাছত প্ৰবল ভূমিকম্পই জোকাৰি যায় চুবুৰীয়া বাংলাদেশক। এই ভূমিকম্পৰ ফলত বিস্তৰ ক্ষতিসাধন হোৱাৰ খবৰ পোৱা গৈছে।

Bangladesh Earthquake: ২৮ বছৰৰ পাছত বাংলাদেশত প্ৰবল ভূমিকম্প, ৰাজধানী ঢাকাত ৩ জন নিহত, আঘাতপ্ৰাপ্ত ১০০ ৰো অধিক লোক
manas-borah
Manas Borah | Updated On: 21 Nov 2025 15:56 PM

শুকুৰবাৰে বাংলাদেশত হোৱা ভূমিকম্পত ৩ জন লোকৰ মৃত্যু হোৱাৰ খবৰ প্ৰকাশ পাইছে। প্ৰকাশিত খবৰত কোৱা হৈছে যে, এই ভূমিকম্পত ১০০ ৰো অধিক লোক আহত হৈছে। বাংলাদেশৰ ৰাজধানী ঢাকা, নাৰ্চিংডি, গাজীপুৰত ভূমিকম্পই আটাইতকৈ বেছি ক্ষতিসাধন কৰে। ভূমিকম্পৰ পিছতে সাহায্য আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰিছে স্থানীয় কৰ্তৃপক্ষই। ঢাকাকে ধৰি কেইবাখনো চহৰত বিদ্যুৎ বিচ্ছিন্ন হোৱা বুলি জানিব পৰা গৈছে।

বাংলাদেশৰ সংবাদ মাধ্যম প্ৰথম আলোৰ মতে, ভূমিকম্পৰ ফলত ঢাকাৰ কেইবাটাও ঘৰৰ ক্ষতিসাধন হয়। কেইবাটাও স্থানত বেলকনি ভাঙি পৰিছে। লগতে চিৰিৰ ৰেলিং ভাঙি যোৱাৰ খবৰ পোৱা গৈছে। মিণ্টফোৰ্ড হাস্পতালৰ তথ্য অনুসৰি, ৰেলিং ভাঙি পৰা ফলত তিনিজন লোকৰ মৃত্যু হৈছে। তিনিওটা মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰা হৈছে।

ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল নাৰ্চিংডি

বাংলাদেশৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি শুকুৰবাৰে (২১ নৱেম্বৰ) বাংলাদেশত ভূমিকম্প অনুভূত হয়। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.৭ । কেন্দ্ৰবিন্দু আছিল নাৰ্চিংডি। উত্তৰ বংগৰ কিছুমান চহৰতো ইয়াৰ প্ৰভাৱ অনুভৱ কৰা হৈছিল। ভূমিকম্পৰ গভীৰতা ১০ কিলোমিটাৰ তলত আছিল।

বাংলাদেশী ভূতত্ত্ববিদ হুমায়ুন কবীৰৰ মতে,ভাৰত-বাৰ্মা টেকটনিক প্লেটৰ সংঘৰ্ষৰ ফলত এই ভূমিকম্প অনুভৱ কৰা হৈছিল। ইয়াৰ পূৰ্বে বাংলাদেশত ১৯৯৭ চনত চট্টগ্ৰামত ৬.১ প্ৰাবল্যৰ ভূমিকম্প হৈছিল।

আতংকৰ ফলত ১০০ৰো অধিক লোক আহত

চিকিৎসালয়ত ভৰ্তি হোৱা অধিকাংশ লোকেই ভূমিকম্প অনুভূত হোৱা নাৰ্চিংডিৰ বাসিন্দা। নাৰ্চিংডিৰ আৱাসী চিকিৎসা বিষয়া ফৰিদা গুলশানাৰা কবীয়ে কয় যে, ভূমিকম্পৰ ফলত ৰাইজৰ মাজত আতংকৰ পৰিৱেশ সৃষ্টি হয়। আহত সকলোৰে চিকিৎসা চলি আছিল। একাংশ লোক সামান্য আঘাতপ্ৰাপ্ত হয়।