21 Nov 2025
TV9 ASSAM
থেলাছেমিয়া এটা জিনেটিক ৰক্তজনিত ৰোগ। যেতিয়া শৰীৰে পৰ্যাপ্ত পৰিমাণৰ হিমোগ্লবিন উৎপাদন কৰিব নোৱাৰে তেতিয়া এই ৰোগ হয়। এই ৰোগত অক্সিজেন শৰীৰত প্ৰৱেশ কৰিব পৰা ক্ষমতা কম হৈ পৰে।
থেলাছেমিয়াৰ মুখ্য কাৰণ জিনীয়। পিতৃ-মাতৃৰ পৰা এই ৰোগ সন্তানলৈ বিয়পে। জন্মৰ পূৰ্বে এই ৰোগ শৰীৰত প্ৰৱেশ কৰে। ইয়াৰ পাছত ইয়াৰ লক্ষণসমূহ দেখা দিবলৈ আৰম্ভ কৰে।
ডাঃ সুভাষ গিৰীয়ে কয় যে, এই ৰোগ হলে তেজত হিমোগ্লবিন কম উৎপাদন হয়। এনে অৱস্থাত শৰীৰে পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন লাভ নকৰে। ইয়াৰ বাবে দুৰ্বল, ভাগৰুৱা আদি সমস্যা হয়।
হিমোগ্লবিন কম হোৱাৰ বাবে ছাল হালধীয়া বা শেতা পৰিব পাৰে। বহু ৰোগীৰ চকুৰ বগা ঠাইখিনিত হালধীয়া দেখা যায়।
এই ৰোগ হলে হাড় দুৰ্বল হৈ পৰে। বোন মেৰোই বেছিকৈ কাম কৰে। যাৰ ফলত হাড় ঘনত্ব হ্ৰাস পায়। সময়ৰ লগে লগে মুখ আৰু মস্তিষ্কৰ হাড়তো পৰিৱৰ্তন দেখা যায়।
এই ৰোগত স্পলীন আৰু যকৃত বাঢ়ি যায়। ইয়াৰ ফলত পেট ফুলা যেন দেখা পায়। এনে অৱস্থাত ৰোগীয়ে পেট গধুৰ, বিষ আদি অনুভৱ কৰিব পাৰে।
এই ৰোগত আক্ৰান্ত শিশুৰ বিকাশ লাহে লাহে হয়। ওজন হ্ৰাস পাই আৰু শৰীৰৰ বিকাশ সাধাৰণ শিশুতকৈ কম হয়। গতিকে এই লক্ষণবোৰ দেখা পালে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।
পঢ়িবলৈ ক্লিক কৰক