শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

পুনৰ নেপালৰ ৰাজপথত নামিল Gen-Z, উত্তপ্ত পৰিস্থিতিৰ পিছতে সান্ধ্য আইন জাৰি

আজি দিনৰ ভাগত বহু Gen-Z যুৱকৰ সমাগমৰ পিছতে আৰক্ষীয়ে বল প্ৰয়োগ কৰি তেওঁলোকক ছত্ৰভংগ দিলে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আনকি কন্দুৱা গেছো নিক্ষেপ কৰে আৰক্ষীয়ে। পৰৱৰ্তী সময়ত পৰিস্থিতি তীব্ৰতৰ নহ’বলৈ সান্ধ্য আইন জাৰি কৰে প্ৰশাসনে।

পুনৰ নেপালৰ ৰাজপথত নামিল Gen-Z, উত্তপ্ত পৰিস্থিতিৰ পিছতে সান্ধ্য আইন জাৰি
পুনৰ উত্তপ্ত নেপাল
monjit-dutta
Monjit Dutta | Updated On: 20 Nov 2025 18:10 PM

মাত্ৰ দুমাহ পূৰ্বে Gen-Zৰ প্ৰবল প্ৰতিবাদে কঁপাই তুলিছিল নেপাল। সলনি হৈছিল দেশখনৰ ৰাজনৈতিক প্ৰেক্ষাপট। এই পৰিস্থিতিয়ে শাম কটাৰ পিছতে পুনৰ এবাৰ ৰাজপথত নামিছে Gen-Z। পুনৰবাৰ নেপালত সৃষ্টি হৈছে এক উত্তপ্তময় পৰিস্থিতিৰ। বুধবাৰে দেশখনৰ বাৰা জিলাত Gen-Z আৰু CPN-UML দলৰ কৰ্মীৰ মাজত সৃষ্টি হয় সংঘৰ্ষৰ। এই উত্তেজনাৰ পিছতে আজি পুনৰ ৰাজপথলৈ ওলাই আহিল Gen-Z যুৱক-যুৱতী। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ জিলা প্ৰশাসনে দুপৰীয়া ১২:৪৫ বজাৰ পৰা নিশা ৮ বজালৈ সান্ধ্য আইন জাৰি কৰিছে।

উল্লেখ্য যে এই CPN-UML নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কেপি শৰ্মা অলিৰ দল। ইতিপূৰ্বে Gen-Zৰ প্ৰতিবাদৰ ফলস্বৰূপে ক্ষমতা হেৰুৱাইছিল দলটোৱে। আজি দিনৰ ভাগত বহু Gen-Z যুৱকৰ সমাগমৰ পিছতে আৰক্ষীয়ে বল প্ৰয়োগ কৰি তেওঁলোকক ছত্ৰভংগ দিলে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আনকি কন্দুৱা গেছো নিক্ষেপ কৰে আৰক্ষীয়ে।

পৰৱৰ্তী সময়ত পৰিস্থিতি তীব্ৰতৰ নহ’বলৈ সান্ধ্য আইন জাৰি কৰে প্ৰশাসনে। ইফালে বুধবাৰে সংঘৰ্ষত লিপ্ত হোৱা CPN-UML দলৰ কৰ্মীসকলক আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰাৰ অভিযোগ উত্থাপন কৰিছে Gen-Z যুৱকে। তাৰ পিছতে আৰক্ষীয়ে এই বিষয়ত ব্যৱস্থা গ্ৰহণ কৰিছে।

দুজন অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ

এই অভিযোগৰ পিছতে আৰক্ষীয়ে দুজন লোকক গ্ৰেপ্তাৰ কৰে। ইফালে বুধবাৰৰ সংঘৰ্ষত ৬জন Gen-Z যুৱক আহত হয়। এই ঘটনাৰ পিছতে Gen-Z সকলে ছয়জন CPN-UML কৰ্মীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। একাংশ অভিযুক্তক গ্ৰেপ্তাৰ নকৰাৰ বাবে Gen-Z সকলে পুনৰ প্ৰতিবাদত নামিছে বুলি মন্তব্য কৰিছে এগৰাকী যুৱকে।

বুধবাৰে উত্তেজনা বৃদ্ধি পোৱাৰ পিছতে আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আনকি ছিমৰা বিমানবন্দৰৰ বিমান সেৱা বন্ধ কৰিবলগীয়া হয়। সমান্তৰালকৈ বৰা জিলাৰ প্ৰধান স্থানসমূহ তথা স্পৰ্শকাতৰ অঞ্চলসমূহত নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে। জিলাখনৰ সকলো পৰিস্থিতিৰ প্ৰতি প্ৰশাসনে তীক্ষ্ণ দৃষ্টি ৰাখিছে।

শেহতীয়া সংঘৰ্ষৰ কাৰণ কি?

শেহতীয়াকৈ CPN-UML দলে এক যুৱ জাগৰণ অভিযান আৰম্ভ কৰিবলৈ সাজু হৈছে। এক চৰকাৰ বিৰোধী সভাৰ বাবে কাঠমাণ্ডুৰ পৰা ছিমৰাত উপস্থিত হোৱাৰ কথা আছিল দলৰ সাধাৰণ সম্পাদক শংকৰ পোখাৰেল আৰু পলিটব্যুৰোৰ সদস্য মহেশ বাছনেট। কিন্তু Gen-Zৰ যুৱক-যুৱতীসকলে এই খবৰ পোৱাৰ লগে লগে ছিমৰা বিমানবন্দৰ ঘেৰাও কৰে। ইয়াৰ পিছতে সৃষ্টি হয় সংঘৰ্ষৰ।