TV9 ASSAM
পেটৰ কোষবোৰ অস্বাভাৱিকভাৱে বৃদ্ধি হ’লে পেটৰ কেঞ্চাৰ বা গেষ্ট্ৰিক কেঞ্চাৰ হয়। এই কোষবোৰে টিউমাৰ গঠন কৰে আৰু সময়ৰ লগে লগে কেঞ্চাৰলৈ পৰিণত হ’ব পাৰে।
পেটৰ কৰ্কট ৰোগত বহুতো লক্ষণে দেখা দিব পাৰে। গতিকে সেই লক্ষণসমূহক আওকাণ কৰা উচিত নহয়। জানো আহক এই বিষয়ে।
বিশেষজ্ঞ চিকিৎসক ডাঃ সুভাষ গিৰীৰ মতে পেট জ্বলা-পোৰা কৰা বা বদহজম দীৰ্ঘদিন ধৰি থাকিলে আওকাণ কৰা উচিত নহয়। এয়া পেটৰ কৰ্কট ৰোগৰ লক্ষণ হ’ব পাৰে।
যদি মাত্ৰ সামান্য পৰিমাণৰ খাদ্য খোৱাৰ পিছতে পেট ভৰি পৰা যেন অনুভৱ হয়, তেতিয়া সেয়াও পেটৰ কৰ্কট ৰোগৰ লক্ষণ হ’ব পাৰে।
কোনো কাৰণ নোহোৱাকৈ ওজন কমি যোৱা আৰু ভোকহীনতাও পেটৰ কৰ্কট ৰোগৰ লক্ষণ হ’ব পাৰে।
পেটৰ ওপৰৰ অংশত বিষ হোৱাটোও পেটৰ কৰ্কট ৰোগৰ লক্ষণ হ’ব পাৰে। খাদ্য খোৱাৰ পিছত এই বিষ বেছি হ’ব পাৰে।
বিশেষকৈ খাদ্য খোৱাৰ পিছত বমি হোৱাটো পেটৰ কৰ্কট ৰোগৰ লক্ষণ হ’ব পাৰে। বমিৰ লগত তেজো ওলাব পাৰে।
পঢ়িবলৈ ক্লিক কৰক
ছালৰ এনে সমস্যা হ'ব পাৰে হৃদৰোগৰ ইঙ্গিত