মোক সম্পত্তিৰ এটা অংশ দিয়ক…অমিতাভক জনপ্ৰিয় ইউটিউবাৰৰ দাবী!
শেহতীয়াকৈ কৌন বনেগা কৰোড়পতিত দেখা গৈছিল জনপ্ৰিয় ইউটিউবাৰ সময় ৰাইনা আৰু তন্ময় ভটক। কৰোড়পতিৰ হট চিটত বহি সময় আৰু তন্ময়ে অমিতাভক শ্বেহেনশ্বাহ ছবিৰ জনপ্ৰিয় সংলাপ ‘ৰিস্তে মে তো হম তুমহাৰে বাপ লাগতে হে’ ক’বলৈ অনুৰোধ জনায়।
ইতিমধ্যে পুত্ৰ আৰু বোৱাৰীক লৈ বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে অমিতাভ বচ্চন। সমালোচকসকলৰ মতে, ঐশ্বৰ্য আৰু অভিষেকৰ বৈবাহিক বিবাদৰ আঁৰত আছে বচ্চন পৰিয়ালৰ সম্পত্তি। অমিতাভে কন্যা শ্বেতা বচ্চনক মুম্বাইত এটা বাংলো দিয়াৰ পিছৰে পৰা ফাঁট মেলিছে বিগ বি ঐশ্বৰ্যৰ সম্পৰ্ক।
অৱশ্যে এইবোৰ কেৱল মুখৰ কথাহে । কাৰণ, অভিষেক আৰু ঐশ্বৰ্যৰ বৈবাহিক বিবাদক লৈ কোনেও এতিয়ালৈ মুখ খোলা নাই। আনকি অমিতাভো এই বিষয়ত নিমাত হৈ আছে। এইবোৰৰ মাজতে হঠাৎ আবিৰ্ভাৱ হ’ল জনপ্ৰিয় ইউটিউবাৰ সময় ৰাইনা আৰু তন্ময় ভাট। আৰু লগে লগে বিগ বিৰ সন্মুখত ঘটিল এটা ডাঙৰ বিস্ফোৰণ । তেওঁলোকে অমিতাভৰ পৰা দাবী কৰিলে সম্পত্তিৰ অংশ!
Latest Videos
বিয়াৰ জাকজমকতাৰ চখ সমস্যা হ’ব পাৰে নেকি! কিদৰে পৰে ঋণৰ প্ৰভাৱ
মোক সম্পত্তিৰ এটা অংশ দিয়ক...অমিতাভক জনপ্ৰিয় ইউটিউবাৰৰ দাবী!
কিয় ৰবিৰ পত্নী হোৱাৰ সুখ ল'ব নোৰাৰিলে অভিনেত্ৰী অমৃতাই?
লালকিল্লাৰ বিস্ফোৰণত সন্দৰ্ভত POK ৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী...
