ভৰিৰ দুৰ্গন্ধ দূৰ কৰাৰ উপায়, জানক...

21  Nov 2025

TV9 ASSAM

বেয়া মোজা, ঘাম, লেতেৰা ভৰিৰ পৰা দুৰ্গন্ধ ওলায়। অৱশ্যে কেতিয়াবা ই স্বাস্থ্যজনিত সমস্যাৰো লক্ষণ হ'ব পাৰে। কিন্তু কিছুমান সহজ পদ্ধতিৰে এই দুৰ্গন্ধ দূৰ কৰিব পাৰে।

ভৰিৰ দুৰ্গন্ধ

বেয়া মৌজা, ঘাম, লেতেৰা ভৰিৰ পৰা দুৰ্গন্ধ ওলায়। অৱশ্যে কেতিয়াবা ই স্বাস্থ্যজনিত সমস্যাৰো লক্ষণ হ'ব পাৰে। কিন্তু কিছুমান সহজ পদ্ধতিৰে এই দুৰ্গন্ধ দূৰ কৰিব পাৰে।

কাৰণ

প্ৰতিদিনে ভৰি দুখন কুহুমীয়া পানীৰে ধুব। লগতে অলপ চাবোন ব্যৱহাৰ কৰিব। গৰম পানী আৰু চাবোনে দুৰ্গন্ধ দূৰ কৰাত সহায় কৰে।

কুহুমীয়া পানী

 ভৰি দুখন কিছু সময়ৰ বাবে গৰম পানীত তিয়াই ৰাখিব। সেই পানীখিনিত সামান্য নিমখ ঢালি দিব। এনে কৰিলে ভৰিৰ বেক্টেৰিয়া নষ্ট হয়, আৰু দুৰ্গন্ধ কম হয়।

নিমখ পানী

সদায় শুকান মোজা পিন্ধিব লাগে। এনে কৰিলে ভৰিৰ পৰা দুৰ্গন্ধ নোলায়। শুকান মোজাই ভৰিক আৰাম প্ৰদান কৰে আৰু আৰ্দ্ৰতাৰ পৰা দূৰ ৰাখে।

মোজা

ইয়াৰোপৰি জোতা মাজে মাজে ধুৱা দৰকাৰ। ইয়াৰোপি মাজে মাজে জোতাত সামান্য পৰিমাণৰ বেকিং চোডা চটিয়াই দিব পাৰে। ই জোতাযোৰ সতেজ কৰি ৰাখে।

জোতা

ইয়াৰোপৰি ভৰিত মইশ্বৰাইজাৰ ব্যৱহাৰ কৰিব পাৰে। যদি বহুত বেছি দুৰ্গন্ধ ওলাই তেতিয়া এন্টি ফাংগল ক্ৰীম ব্যৱহাৰ কৰিব লাগে। মনত ৰাখিব ভৰি সদায় পৰিষ্কাৰ কৰি ৰখা প্ৰয়োজন।

মইশ্বৰাইজাৰ

পঢ়িবলৈ  ক্লিক কৰক 

থেলাছেমিয়াৰ লক্ষণ