শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Morning News: চাহ জনগোষ্ঠীয় শিক্ষাৰ্থীৰ বাবে সংৰক্ষণৰ পৰা চীনৰ নতুন প্ৰজেক্টলৈ, পুৱাৰ খবৰসমূহ…

Morning News: দিল্লীত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে প্ৰদূষণৰ ঘটনা। এনে পৰিস্থিতি বন্ধ কৰি দিয়া হৈছে দিল্লীৰ বহু বিদ্যালয়, অফিচ আদি। ইয়াৰ মাজতে বিচিচিআইয়ে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ দিশে আগবাঢ়িছে।

Morning News: চাহ জনগোষ্ঠীয় শিক্ষাৰ্থীৰ বাবে সংৰক্ষণৰ পৰা চীনৰ নতুন প্ৰজেক্টলৈ, পুৱাৰ খবৰসমূহ…
পুৱাৰ খবৰ
barasha-sarma
Barasha Sarma | Updated On: 21 Nov 2025 07:37 AM

আজি ২১ নৱেম্বৰ, ২০২৫। যোৱা কেইটামান সময়ৰ ভিতৰত ৰাজ্যৰ পৰা বিশ্বৰ বিভিন্ন প্ৰান্তলৈ বহু ঘটনা পৰিঘটনা সংঘটিত হৈছে। গতিকে তেনে কেইটামান ঘটনা তলত উল্লেখ কৰা হ’ল-

  1. পুনৰ মিঞাৰ বিৰুদ্ধে সৰৱ হৈ পৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তেওঁ কয় যে, মই মুখ্যমন্ত্ৰী হৈ থকালৈকে অসমত মিঞাই শান্তিত থাকিব নোৱাৰে। যিসকল মিঞা সন্দেহযুক্ত নাগৰিক, তেওঁলোকক কষ্ট দিয়াই মোৰ কাম। মিঞাই শান্তি পাবলৈ হ’লে মোক মুখ্যমন্ত্ৰী ভাঙিব লাগিব।
  2. বৃহস্পতিবাৰে চাহ জনজাতি আৰু আদিবাসী সম্প্ৰদায়ৰ ৩৭৭ গৰাকী শিক্ষকক নিযুক্তি পত্ৰ বিতৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এই সময়চোৱাত তেওঁ কয় যে, চাহ জনগোষ্ঠীয় শিক্ষাৰ্থীৰ বাবে বাগিচাৰ কলেজত আসন সংৰক্ষণ কৰা হৈছে। তৃতীয়-চতুৰ্থ শ্ৰেণীৰ পদো ৩ শতাংশকৈ সংৰক্ষণ কৰা হৈথে। অভিযান্ত্ৰিক পদতো থাকিব ৩ শতাংশ সংৰক্ষণ।
  3. জুবিন গাৰ্গ হত্যা সন্দৰ্ভত গঠিত সৌমিত্ৰ শইকীয়া আয়োগত নলবাৰীৰ পৰা চাৰিগৰাকীৰ সাক্ষ্যদান। জ্ঞানেন চক্ৰৱৰ্তী,দিব্যজ্যোতি হালৈ,ব্ৰজেন বৰ্মন,বিশ্বজিৎ চৌধুৰীয়ে দাখিল কৰে সাক্ষ্য দান।৩৬টা তথ্য নথি,বহু যুক্তি আৰু এটা পেনড্ৰাইভ যোগান ধৰে আয়োগক।
  4. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতি বৃহস্পতিবাৰে নীতিশ কুমাৰে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। নতুন কেবিনেটত ২৬ জন মন্ত্ৰী অন্তৰ্ভুক্ত। সম্ৰাট চৌধুৰী আৰু বিজয় সিনহা উপ-মুখ্যমন্ত্ৰী হয়।
  5. ব্ৰেণ্ড নাম বা লেবেলত ORS শব্দটো ব্যৱহাৰ কৰাসকল সাৱধান। FSSAI য়ে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ খাদ্য সুৰক্ষা আয়ুক্তক শীঘ্ৰে বিভ্ৰান্তিকৰ ইলেক্ট্ৰলাইট পানীয় আৰু অ’ আৰ এছ আঁতৰাবলৈ নিৰ্দেশ জাৰি কৰিছে।
  6. দিল্লীত প্ৰদূষণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ইয়াৰ মাজতে বিচিচিআইয়ে ২৩ বছৰ অনুৰ্ধৰ এদিনীয়া টুৰ্ণামেন্টৰ নকআউট ৰাউণ্ডৰ মেচসমূহ দিল্লী সলনি মুম্বাইত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
  7. চীনে নিৰ্মাণ কৰি আছে ৭৮ হাজাৰ টন ওজনৰ বিশ্বৰ প্ৰথমটো কৃত্ৰিম দ্বীপ। এই প্লেটফৰ্মে পাৰমাণৱিক বিস্ফোৰণো সহ্য কৰিব পাৰে। কোনো যোগান অবিহনে ইয়াত ৪ মাহৰ বাবে ২৩৮ জন লোক থাকিব পাৰিব। ২০২৮ চনত ইয়াক মুকলি কৰা হ’ব।

 

অন্য খবৰ পঢ়কঃ ৯ বছৰীয়া শিশুৰ সৈতে মহানগৰীত ভয়ংকৰ কাণ্ড! পলাতক ৬০ বছৰীয়া বৃদ্ধ…