November 21, 2025
TV9 ASSAM
ই-পাছপ'ৰ্ট হৈছে ইলেক্ট্ৰনিক চিপ থকা নতুন ডিজিটেল নিৰাপদ পাছপ'ৰ্ট। এই চিপে আপোনাৰ নাম, ফটো, আঙুলিৰ ছাপ আৰু অন্যান্য বায়'মেট্ৰিক তথ্য সংৰক্ষণ কৰে, যাৰ ফলত আপোনাৰ পাছপ'ৰ্ট অধিক সুৰক্ষিত হয়।
ই-পাছপ'ৰ্টৰ বাবে অফিচিয়েল ৱেবছাইট চাওক আৰু নতুন পাছপ'ৰ্ট আবেদন নিৰ্বাচন কৰি পঞ্জীয়ন কৰক। অনলাইন পঞ্জীয়ন কৰাৰ পিছত সৱাধানে আবেদন পত্ৰ পূৰণ কৰক। ইয়াৰ পাছত নিৰ্ধাৰিত পাছপ'ৰ্ট মাচুল অনলাইনযোগে পৰিশোধ কৰক।
মাচুল পৰিশোধ কৰাৰ পিছত পাছপ'ৰ্ট সেৱা বা ডাকঘৰৰ পাছপ'ৰ্ট সেৱা কেন্দ্ৰত এপইণ্টমেণ্ট বুকিং কৰক। আপোনাৰ বায়'মেট্ৰিক আৰু ফটো ভেৰিফিকেচন তাতেই কৰা হ'ব।
আপোনাৰ এপইণ্টমেণ্টৰ দিনা প্ৰয়োজনীয় নথি-পত্ৰ লৈ পাছপ'ৰ্ট অফিচলৈ যাওক। তাত বিষয়াসকলে আপোনাৰ আঙুলিৰ ছাপ, ফটো আৰু অন্যান্য তথ্য ৰেকৰ্ড কৰিব। তাৰ পিছত আৰম্ভ হ'ব পৰীক্ষণ পক্ৰিয়া।
পাছপ'ৰ্ট কাৰ্যালয়ে আপোনাৰ নথি-পত্ৰসমূহ পৰ্যালোচনা কৰে আৰু আৰক্ষীৰ পৰীক্ষণৰ পিছত আপোনাৰ আবেদন অনুমোদন কৰে। এই প্ৰক্ৰিয়া সম্পূৰ্ণ হ'লে আপোনাৰ ই-পাছপ'ৰ্ট সৃষ্টি কৰা হয়।
ভেৰিফিকেচনৰ পিছত আপোনাৰ পাছপ'ৰ্ট আপোনাৰ ঠিকনালৈ মেইল কৰা হয়। ইলেক্ট্ৰনিক চিপ আৰু সোণালী স্বাক্ষৰে ইয়াক পুৰণি পাছপ'ৰ্টৰ পৰা পৃথক কৰি তুলিছে।
ই-পাছপ'ৰ্টৰ চিপটোত থকা তথ্যৰ সহায়ত বিষয়াসকলে আপোনাৰ সবিশেষ চাব পাৰে।
পঢ়িবলৈ ক্লিক কৰক