শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Assam News,Akhil Gogoi: গুৱাহাটীত টেষ্ট মেচৰ পৰা চলমান খানৰ বিপদলৈ... চাওক দিনটোৰ শীৰ্ষ খবৰ

Assam News,Akhil Gogoi: গুৱাহাটীত টেষ্ট মেচৰ পৰা চলমান খানৰ বিপদলৈ… চাওক দিনটোৰ শীৰ্ষ খবৰ

barasha-misra
Barasha Misra | Updated On: 20 Nov 2025 22:36 PM

প্ৰথমবাৰলৈ গুৱাহাটীত অনুষ্ঠিত হ'ব টেষ্ট ক্ৰিকেট। ইতিমধ্যে গুৱাহাটীত উপস্থিত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ খেলুৱৈ। বৰ্ষাপাৰাত দুই দলৰ খেলুৱৈৰ অনুশীলন আৰম্ভ। অহা ২২ নৱেম্বৰৰ পৰা দল দুটাৰ মাজত এই টেষ্ট খন আৰম্ভ হ’ব।

1. প্ৰথমবাৰলৈ গুৱাহাটীত অনুষ্ঠিত হ’ব টেষ্ট ক্ৰিকেট। ইতিমধ্যে গুৱাহাটীত উপস্থিত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ খেলুৱৈ। বৰ্ষাপাৰাত দুই দলৰ খেলুৱৈৰ অনুশীলন আৰম্ভ। অহা ২২ নৱেম্বৰৰ পৰা দল দুটাৰ মাজত এই টেষ্ট খন আৰম্ভ হ’ব।

2. দশমবাৰলৈ বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে নীতিশ কুমাৰে। নীতিশ কুমাৰৰ নতুন চৰকাৰৰ উপ-মুখ্যমন্ত্ৰী বিজেপি নেতা সম্ৰাট চৌধুৰী আৰু বিজয় সিনহা। ৰাজ্যপাল আৰিফ মহম্মদ খানে শপত বাক্য পাঠ কৰাই নীতিশ কুমাৰক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অমিত শ্বাহৰ  লগতে শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

3. তৃতীয় মৰ্চা গঠন কৰিব নেকি অখিল গগৈ? এই সন্দৰ্ভত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই কয়, অখিল গগৈৰ কংগ্ৰেছৰ ওপৰত ভৰষা নাই। বিৰোধীৰ মিত্ৰতাত অখিল গগৈ বিষ ঢালিব।
Header- তৃতীয় মৰ্চা গঠন কৰিব নেকি অখিলে?

4. কামাখ্যা মন্দিৰত গৌতম গম্ভীৰ। মাৰ চৰণত বিশেষ পূজা-অৰ্চনা আগবঢ়াই ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষকগৰাকীয়ে। ২২ নৱেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ’ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ দ্বিতীয়খন টেষ্ট। এই টেষ্টৰ পূৰ্বে ল’লে মাৰ আশীৰ্বাদ।

5. ঐতিহাসিক টেষ্টৰ সাক্ষী হ’ব সৰ্থেবাৰীৰ কাঁহ শিল্প! ২২ নৱেম্বৰত বৰ্ষাাপাৰা টেষ্টত ধ্বনিত হ’ব সৰ্থেবাৰীত নিৰ্মিত বেল। ৩৫ কেজি ওজনৰ বেল বাজি উঠাৰ লগে লগে আৰম্ভ হ’ব টেষ্ট মেচখন। ষ্টেডিয়ামত প্ৰতিদিনে খেলৰ পূৰ্বে এই ঘণ্টা বজোৱা হ’ব।