শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ট্ৰাম্পৰ প্ৰচেষ্টা বিফল! ৰাছিয়া-ইউক্ৰেইন সংঘাত ৰোধৰ বাবে নৰেন্দ্ৰ মোদীৰ ওপৰত ভৰসা বিশ্বৰ

Russia Ukraine conflict: আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ব্যৰ্থতা দেখি বিশ্বই এতিয়া ইউক্ৰেইনত শান্তি প্ৰতিষ্ঠাৰ বাবে বাবে প্ৰধানমন্ত্ৰী মোদীৰ ওপৰত ভৰষা কৰিছে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কীৰ পৰা আৰম্ভ কৰি ইউৰোপীয় ইউনিয়নৰ নেতাসকলে আশাৰ দৃষ্টিৰে প্ৰধানমন্ত্ৰী মোদীৰ মুখলৈ চাই আছে। প্ৰধানমন্ত্ৰী মোদীয়ে শান্তি ঘূৰাই আনিব বুলি আশা কৰা হৈছে।

ট্ৰাম্পৰ প্ৰচেষ্টা বিফল! ৰাছিয়া-ইউক্ৰেইন সংঘাত ৰোধৰ বাবে নৰেন্দ্ৰ মোদীৰ ওপৰত ভৰসা বিশ্বৰ
নৰেন্দ্ৰ মোদীৰ ওপৰত ভৰসা বিশ্বৰImage Credit source: Tv9 Bharatvarsh
raj-saikia
Raj Saikia | Published: 05 Sep 2025 13:55 PM

ৰাছিয়া ইউক্ৰেইন যুদ্ধ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। শাসনলৈ অহাৰ পূৰ্বেই ট্ৰাম্পে দাবী কৰিছিল যে তেওঁ শান্তি ঘূৰাই আনিব। ৰাষ্ট্ৰপতিৰ আসনত দ্বিতীয়বাৰলৈ অধিষ্ঠিত হোৱাৰ পাছত ট্ৰাম্পে এই ক্ষেত্ৰত বিভিন্ন প্ৰয়াস চলোৱা দেখা গৈছে। কিন্তু এতিয়াও সফলতা লাভ কৰা নাই।

ট্ৰাম্প সফল নোহোৱাত ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ অৱসানৰ বাবে এতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখলৈ চাইছে সমগ্ৰ বিশ্বই। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কীৰ পৰা আৰম্ভ কৰি ইউৰোপীয় ইউনিয়নৰ নেতাসকললৈকে সকলোৱে আশা কৰিছে নৰেন্দ্ৰ মোদীৰ ওপৰত।

সাংহাই সহযোগিতা সংস্থাৰ শীৰ্ষ সন্মিলনৰ সময়ত যিখন ছবি সমগ্ৰ বিশ্বত চৰ্চিত হৈছিল, তাৰ পৰা এটা স্পষ্ট বাৰ্তা প্ৰকাশ পাইছে যে যদি ইউক্ৰেইনত যুদ্ধ বিৰতি আৰু শান্তি লাগে তেন্তে ভাৰত ইয়াৰ সূত্ৰধাৰ হ’ব পাৰে। প্ৰধানমন্ত্ৰী মোদী ৰাছিয়া-ইউক্ৰেইনৰ মাজত সংঘাত ওৰ পেলোৱাৰ ক্ষেত্ৰত শান্তিদূত হ’ব পাৰে।

বৃহস্পতিবাৰে পেৰিছত জেলেনস্কীৰ সৈতে ইউৰোপৰ নেতাসকলে ইউক্ৰেইনত শান্তি প্ৰতিষ্ঠাৰ বিষয়ে আলোচনা কৰে। সেই আলোচনাৰ মাজতে ইউৰোপীয় পৰিষদৰ অধ্যক্ষ এণ্টনিঅ’ কোস্টা আৰু ইউৰোপীয় আয়োগৰ অধ্যক্ষ উৰ্চুলা ভন ডেৰে নৰেন্দ্ৰ মোদীৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে।

এই বাৰ্তালাপৰ পাছত ইউৰোপীয় ইউনিয়নৰ তৰফৰ পৰা সামাজিক মাধ্যমত এটা পোষ্ট কৰা হয়। এই পোষ্টটোত কোৱা হয়, ৰাছিয়া যুদ্ধৰ অৱসান ঘটোৱা আৰু শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত ভাৰতৰ মহত্বপূৰ্ণ ভূমিকা আছে। তেওঁলোকে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কীৰ সৈতে ভাৰতৰ নিৰন্তৰ সহযোগক স্বাগতম জনায়।

ইউৰোপীয় ইউনিয়নে কয় যে ইউক্ৰেইনৰ যুদ্ধৰ পৰিণতি বিশ্বৰ নিৰাপত্তাৰ বিষয় আৰু ই অৰ্থনৈতিক স্থিতিশীলতাক ক্ষতিগ্ৰস্ত কৰিব। যাৰ ফলত সমগ্ৰ বিশ্বৰ বাবে ভাবুকি আহিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও সংঘাতৰ শান্তিপূৰ্ণ সমাধানৰ বাবে নতুন দিল্লীৰ সমৰ্থন অব্যাহত ৰখাৰ কথাও পুনৰ উল্লেখ কৰে।

ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰীৰ সৈতে আলোচনা জয়শংকৰৰ

ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰী আন্দ্ৰেই ছিবিহা বৰ্তমান ভাৰত ভ্ৰমণলৈ আহিছে। বৃহস্পতিবাৰে তেওঁ ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰক সাক্ষাৎ কৰে। আলোচনাৰ অন্তত জয়শংকৰে ছ’চিয়েল মিডিয়াত কয় যে ভাৰতে এই সংঘাত শীঘ্ৰে শেষ কৰি স্থায়ী শান্তি প্ৰতিষ্ঠা কৰাত সমৰ্থন কৰিব।

যোৱা কেইটামান সপ্তাহত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু জেলেনস্কীয়ে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ফোনযোগে কথা পাতি সংঘাতৰ অন্ত পেলোৱাৰ প্ৰচেষ্টাৰ বিষয়ে আলোচনা কৰিছিল। এই সপ্তাহত চীনত অনুষ্ঠিত সাংহাই সহযোগিতা সংস্থাৰ বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰী মোদী আৰু পুটিনৰ মাজত হোৱা বৈঠকতো এই বিষয়টো উত্থাপন কৰা হৈছিল।

ভাৰতৰ সুষম পন্থা

২০২২ চনত ৰাছিয়াই ইউক্ৰেইনত আক্ৰমণ কৰা কাৰ্যক ভাৰতে ৰাজহুৱাভাৱে গৰিহণা দিয়া নাই। সংঘাতৰ স্থায়ী সমাধানৰ বাবে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত প্ৰত্যক্ষ আলোচনাৰ বাবে দিল্লীয়ে বাৰে বাৰে আহ্বান জনাইছে। প্ৰধানমন্ত্ৰী মোদীয়ে পুটিন আৰু জেলেনস্কীক কয় যে যুদ্ধক্ষেত্ৰত কোনো সমাধান বিচাৰি পোৱা নাযায় আৰু বন্দুকৰ আঁৰত আলোচনা সফল নহয়।

পশ্চিমীয়া হেঁচাৰ সত্ত্বেও ভাৰতে ৰাছিয়াৰ সৈতে সম্পৰ্ক অক্ষুণ্ণ ৰাখিছে। প্ৰধানমন্ত্ৰী মোদীয়ে কেতিয়াবা ভ্লাদিমিৰ পুটিনৰ যুদ্ধক সমালোচনা কৰিছে যদিও তেওঁ আক্ৰমণাত্মক সুৰ এৰাই চলিছে। ভাৰতে ৰাছিয়াৰ সৈতে নিজৰ বিশেষ সুবিধাজনক কৌশলগত অংশীদাৰিত্ব সযতনে সংৰক্ষণ কৰি ৰাখিছে।

প্ৰধানমন্ত্ৰী মোদীয়ে শান্তিৰক্ষাৰ প্ৰচেষ্টাত আগ্ৰহ প্ৰকাশ কৰি আহিছে আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিক কেইবাবাৰো সাক্ষাৎ কৰিছে। সংঘাত আৰম্ভ হোৱাৰ পৰাই ভাৰতে কম মূল্যত ৰাছিয়াৰ তেল আমদানি বৃদ্ধি কৰাৰ লগতে মানৱীয় সাহায্যৰ অংশ হিচাপে ইউক্ৰেইনলৈ চিকিৎসা সামগ্ৰী, সঁজুলি আৰু সাহায্য সামগ্ৰী প্ৰেৰণ কৰিছে। ইউক্ৰেইনক সহায় কৰাৰ বাবে ভাৰতে অন্যান্য সুনিৰ্দিষ্ট প্ৰচেষ্টাও আগবঢ়াইছে।

প্ৰধানমন্ত্ৰী মোদীৰ ওপৰত ভৰসা কিয়?

  • সমগ্ৰ বিশ্বৰ দৃষ্টি ভাৰতৰ ওপৰত কেন্দ্ৰীভূত
  • বিশ্ব শান্তিৰ বাবে গুৰুত্বপূৰ্ণ বাহক
  • প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এয়া যুদ্ধৰ সময় নহয়
  • প্ৰধানমন্ত্ৰী মোদীয়ে বহু মঞ্চৰ পৰা শান্তিৰ কথা কৈছে
  • পুটিন-জেলেনস্কীয়েও মোদীক গুৰুত্বপূৰ্ণ বুলি গণ্য কৰিছে
  • পুটিন-জেলেনস্কীৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ সম্পৰ্ক ভাল
  • বিশ্বই মোদীৰ কথা শুনিছে
  • ইউক্ৰেইনৰ যুদ্ধ বন্ধ নোহোৱাৰ বাবে লাজত পৰিছে ট্ৰাম্প
  • ভাৰত-ৰাছিয়া-চীন একত্ৰিত হোৱাৰ বাবে উদ্বেগ

আলোচনাৰ জৰিয়তে চীনৰ সৈতে হোৱা বিবাদৰ সমাধান

প্ৰধানমন্ত্ৰী মোদীয়ে যেতিয়া আলোচনাৰ জৰিয়তে সমস্যা সমাধানৰ কথা কয়, নিশ্চয় তাৰ কাৰণ আছে। ভাৰত-চীন সীমা বিবাদ তেওঁ নিজেই আলোচনাৰ জৰিয়তে সমাধান কৰিছিল। গালৱান সংঘৰ্ষৰ পিছত ভাৰত আৰু চীনৰ সম্পৰ্ক অৱনতি ঘটিছিল যদিও প্ৰধানমন্ত্ৰী মোদীয়ে সংযম ৰক্ষা কৰি চীনৰ সৈতে আলোচনা অব্যাহত ৰাখিছিল। দুয়োখন দেশৰ মাজত সামৰিক পৰ্যায়ৰ আলোচনা অব্যাহত আছে। কেইবাখনো বৈঠকৰ অন্তত দুয়োখন দেশে বিচ্ছিন্নতা আৰু ডি-এস্কেলেচনৰ বিষয়ত সহমতত উপনীত হয়।