বিশ্বনাথৰ উচ্ছেদ অভিযানৰ পৰা ট্ৰাম্পৰ বিৰুদ্ধে প্ৰতিবাদলৈ, আজিৰ দিনটোৰ খবৰ…
আজিৰ দিনটোত বিশ্বনাথত প্ৰশাসনৰ উচ্ছেদ অভিযান চলে। ইয়াৰ বিপৰীতে আমেৰিকাত ট্ৰাম্পৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত হয়। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ কেইটামান উল্লেখ কৰা হ'ল।

আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ তলত উল্লেখ কৰা হল-
১) বিশ্বনাথ জিলাৰ ননকে জাপৰিগুৰিত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান। চাৰিটা জ’নত ভাগ কৰা হৈছে অভিযান। এই সময়চোৱাত ৩০৯ টা পৰিয়ালে বেদখল কৰি ৰখা প্ৰায় ১৭৫ বিঘা ভূমি মুক্ত কৰা হ’ব। ইতিমধ্যে বেদখলকাৰীয়ে নিজৰ ঘৰ দুৱাৰ ভাঙি, সা-সামগ্ৰী সমূহ নিৰাপদ স্থানলৈ লৈ গৈছে।
২)আজি বিজেপিৰ ৰাজ্যিক সাংগঠনিক কৰ্মশালা। এই অনুষ্ঠানৰ উদ্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অৰুণ সিং , বিজেপি ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, মধ্যপ্ৰদেশ আৰু ছত্তিশগড়ৰ ক্ষেত্ৰীয় সাংগঠনিক সম্পাদক অজয় জামৱাল , ৰাজ্যিক প্ৰভাৰী হৰিশ দ্বিবেদীৰ লগতে সংগঠনটোৰ নেতা-কৰ্মী, বিষয়-ববীয়া উপস্থিত থাকে।
৩)ৰাজ্যৰ ৯টা শিক্ষক সংগঠনৰে সদৌ অসম ছাত্ৰ সন্থাৰ বিশেষ বৈঠক। ৰাজ্যৰ আদৰ্শ মহাবিদ্যালয়সমূহত অৱসৰী শিক্ষক নিযুক্তি দিয়াৰ বিৰোধিতা বৈঠকত। এই বৈঠকত সৰ্বসন্মতি ক্ৰমে কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা হয়। চৰকাৰে অবসৰী শিক্ষক নিযুক্তিৰ সিদ্ধান্ত বাতিল কৰাৰ লগতে আদৰ্শ মহাবিদ্যালয়ত সহযোগী অধ্যাপক পদ সৃষ্টিকে ধৰি বিভিন্ন দাবী জনায়।
৪)শিক্ষাবৰ্ষ সন্দৰ্ভত প্ৰতিক্ৰিয়া সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাৰ। তেওঁ কয় যে, আমি পূৰ্বৰ পৰাই কৈ আহিছো অসমৰ শিক্ষাবৰ্ষ সলনি হ’ব লাগে। পূৰ্বৰ দৰেই জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ হ’ব লাগে শিক্ষাবৰ্ষ। কাৰণ অসমৰ ভৌগোলিক পৰিবেশ আন ৰাজ্যৰ দৰে নহয়।
৫))কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ভোট চুৰিৰ অভিযোগ সন্দৰ্ভত ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ সংবাদমেল। কংগ্ৰেছৰ অভিযোগ নাকচ কৰি তেওঁ কয় যে, নিৰ্বাচন আয়োগৰ বাবে সকলো ৰাজনৈতিক দল সমান। নিৰ্বাচন আয়োগে কাকো বৈষম্য নকৰে। নিৰ্বাচন আয়োগে নিৰ্ভয়ে সকলো শ্ৰেণীৰ ভোটাৰৰ সৈতে থিয় দিছিল আৰু ভৱিষ্যতেও ধনী,দুখীয়া, বৃদ্ধ, মহিলা, যুৱক-যুৱতীকে ধৰি সকলো ধৰ্মকে কোনো ধৰণৰ বৈষম্য নোহোৱাকৈ থিয় হৈ থাকিব।
৬)দিল্লী-এনচিআৰক ডাঙৰ উপহাৰ দিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দিল্লীত দ্বাৰকা এক্সপ্ৰেছৱেৰ দিল্লীৰ অংশ আৰু ইউইআৰ-II প্ৰকল্প অংশ উদ্বোধন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। ভাষণ প্ৰদান কৰি তেওঁ কয় যে,এই প্ৰকল্পসমূহে যান-জঁট হ্ৰাস কৰাৰ লগতে যাত্ৰীসকলক সুবিধা প্ৰদান কৰিব আৰু সংযোগৰ উন্নতি সাধন কৰিব।
৭)এছিয়া কাপ ২০২৫ আৰু ট্ৰাই ছিৰিজৰ বাবে ঘোষণা কৰা হৈছে পাকিস্তানৰ ১৭ জনীয়া দল। পাকিস্তানৰ বেটছমেন বাবৰ আজম আৰু মহম্মদ ৰিজৱানে স্থান নাপালে এই তালিকাত। যোৱা ৮ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে বাবৰ আজমে এছিয়া কাপত অংশগ্ৰহণ নকৰে। ৯ ছেপ্টেম্বৰৰ পৰা ২৮ ছেপ্টেম্বৰলৈ ডুবাই আৰু আবুধাবিত অনুষ্ঠিত হ’ব এছিয়া কাপ।
৮)হাৰিয়ানাৰ ইউটিউবাৰ এলভিছ যাদৱৰ ঘৰত সংঘটিত গুলীচালনাৰ ঘটনা সন্দৰ্ভত এক নতুন প্ৰকাশ। দেওবাৰে পুৱা এলভিছ যাদৱৰ ঘৰত সংঘটিত গুলীচালনাৰ দায়িত্ব গ্ৰহণ ভাউ গেঙৰ গেংষ্টাৰ নীৰজ ফৰিদপুৰ আৰু ভাউ ৰিতোলিয়াৰ। সামাজিক মাধ্যমত এই তথ্য প্ৰদান কৰে গেঙটোয়ে।
৯)ৱাশ্বিংটন ডিচিত নেশ্যনেল গাৰ্ড মোতায়েনৰ বিৰুদ্ধে হাজাৰ হাজাৰ লোকে প্ৰতিবাদ সাব্যস্ত কৰে। হোৱাইট হাউছলৈ সমদল কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে শ্ল’গান উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে। উল্লেখ্য যে, যোৱা ১২ আগষ্টত ৱাশ্বিংটনত ৮০০ নেশ্যনেল গাৰ্ড নিয়োগ কৰাৰ নিৰ্দেশ দিছিল ট্ৰাম্পে। ৰাজধানীখনত অৱনতি ঘটা আইন-শৃংখলাৰ পৰিস্থিতি উন্নত কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি কৈছিল তেওঁ।