শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

গাজাত শান্তি প্ৰতিষ্ঠাৰ প্ৰচেষ্টাক সমৰ্থন ভাৰতৰ, ট্ৰাম্পৰ পদক্ষেপক প্ৰশংসা নৰেন্দ্ৰ মোদীৰ

ড’নাল্ড ট্ৰাম্পৰ গাজা শান্তিৰ প্ৰস্তাৱ মানি লৈছে হামাছে। প্ৰধানমন্ত্ৰী মোদীয়ে হামাছ আৰু ইজৰাইলৰ মাজত শান্তি গঢ়ি তোলাৰ বাবে ট্ৰাম্পৰ প্ৰচেষ্টাক প্ৰশংসা কৰি গাজা পক্ষই পণবন্দীসকলক মুকলি কৰি দিয়াটো এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি কয়। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে শান্তিৰ প্ৰচেষ্টাক সদায় সমৰ্থন কৰিব।

গাজাত শান্তি প্ৰতিষ্ঠাৰ প্ৰচেষ্টাক সমৰ্থন ভাৰতৰ, ট্ৰাম্পৰ পদক্ষেপক প্ৰশংসা নৰেন্দ্ৰ মোদীৰ
ট্ৰাম্পক প্ৰশংসা মোদীৰImage Credit source: PTI/AP
raj-saikia
Raj Saikia | Updated On: 04 Oct 2025 12:27 PM

হামাছ আৰু ইজৰাইলৰ মাজত দীৰ্ঘদিনীয়া সংঘাত ক্ৰমাত স্থৱিৰ হৈ পৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ গাজা শান্তিৰ প্ৰস্তাৱ হামাছে মানি লৈছে। এই শান্তিৰ পদক্ষেপৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে ট্ৰাম্পক প্ৰশংসা কৰে। তেওঁ উল্লেখ কৰে যে ভাৰতে শান্তি প্ৰচেষ্টাক সদায় সমৰ্থন কৰিব।

দৰাচলতে হামাছ আৰু ইজৰাইল বহু বছৰ ধৰি গাজা ষ্ট্ৰিপক লৈ সংঘাতত লিপ্ত হৈ আছে। এই সংঘাতৰ অন্ত পেলাবলৈ ড’নাল্ড ট্ৰাম্পে গাজা শান্তি পৰিকল্পনাৰ প্ৰস্তাৱ আগবঢ়ায়। ক্ষমতা ত্যাগ আৰু পণবন্দীক মুকলি কৰি দিয়াকে ধৰি এই প্ৰস্তাৱৰ কিছুমান উপাদান হামাছে গ্ৰহণ কৰিছে।

ট্ৰাম্পৰ প্ৰশংসা মোদীৰ

হামাছ আৰু ইজৰাইলৰ শান্তি প্ৰচেষ্টাত ট্ৰাম্পৰ নেতৃত্বক প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি তেওঁ লিখিছে, ‘‘গাজাত শান্তি স্থাপনৰ প্ৰচেষ্টাৰ নিৰ্ণায়ক অগ্ৰগতি হিচাপে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ নেতৃত্বক আমি আদৰণি জনাইছো।” তেওঁ কয় যে হামাছে পণবন্দীসকলক মুকলি কৰি দিয়াৰ ইংগিত দিয়াটো এক গুৰুত্বপূৰ্ণ পদক্ষেপ। স্থায়ী আৰু ন্যায্য শান্তিৰ বাবে কৰা প্ৰচেষ্টাক ভাৰতে সদায় সমৰ্থন কৰিব।

সকলো পণবন্দীক মুকলি কৰি দিয়া হ’ব

হামাছে ট্ৰাম্পৰ পৰিকল্পনাৰ কিছুমান উপাদান মানি লৈ ক্ষমতা ত্যাগ কৰি সকলো পণবন্দীক মুকলি কৰি দিবলৈ সন্মত হৈছে। অৱশ্যে ইয়াৰ বিনিময়ত হামাছে শ শ পেলেষ্টাইনী বন্দীক মুক্তিৰ দাবী জনায়। ইয়াৰ পূৰ্বে ট্ৰাম্পে ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি কয় যে যদি হামাছে বাকী থকা পণবন্দীসকলক মুকলি কৰি দিয়ে আৰু ক্ষমতা এৰি দিয়ে তেন্তে ইজৰাইলে নিজৰ আক্ৰমণ বন্ধ কৰি সকলো পেলেষ্টাইনী বন্দীক মুকলি কৰি দিব।

ইজৰাইলে বোমা বিস্ফোৰণ বন্ধ কৰিব লাগিব

ট্ৰাম্পৰ শান্তি প্ৰস্তাৱ মানি লৈছে যদিও হামাছে কয় যে তেওঁলোকে এই বিষয়ে পেলেষ্টাইনীসকলৰ সৈতে আলোচনা কৰিব লাগিব। ট্ৰাম্পে হামাছৰ এই সিদ্ধান্তক আদৰণি জনাই ছ’চিয়েল মিডিয়াত লিখিছে যে ইজৰাইলে গাজাত বোমা বিস্ফোৰণ তৎক্ষণাত বন্ধ কৰিব লাগিব, যাতে পণবন্দীসকলক নিৰাপদে আৰু দ্ৰুতভাৱে মুকলি কৰি দিব পৰা যায়।