শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ট্ৰাম্পক আঘাত! গাজা শান্তি পৰিকল্পনাৰ ক্ষেত্ৰত নতুন বন্ধু পাকিস্তানে নকৰে সমৰ্থন…

আমেৰিকাৰ প্ৰতি সুৰ সলনি হৈছে পাকিস্তানৰ। গাজা শান্তি আলোচনাৰ ওপৰত আমেৰিকাক সমৰ্থন নকৰে বুলি কয় পাকিস্তানে। দেশখনৰ এই সিদ্ধান্তৰ পাছতে এতিয়া বহু প্ৰশ্নৰ উত্থাপন হৈছে।

ট্ৰাম্পক আঘাত! গাজা শান্তি পৰিকল্পনাৰ ক্ষেত্ৰত নতুন বন্ধু পাকিস্তানে নকৰে সমৰ্থন…
শ্বেহবাজ-ট্ৰাম্পImage Credit source: X
barasha-sarma
Barasha Sarma | Published: 02 Oct 2025 14:09 PM

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ গাজাৰ শান্তি পৰিকল্পনাৰ পৰা নিজকে আঁতৰাই আনিছে পাকিস্তানে। দেশখনৰ উপ-প্ৰধানমন্ত্ৰী তথা বৈদেশিক মন্ত্ৰী ইছহাক দাৰে মঙলবাৰে কয় যে, এই পৰিকল্পনা ৮ খন মুছলিম দেশে দাখিল কৰা প্ৰস্তাৱৰ পৰা পৃথক। তেওঁৰ মতে, ট্ৰাম্পৰ পৰিকল্পনাত যুদ্ধবিৰতি, মানৱীয় সাহায্য প্ৰদান, বলপূৰ্বক স্থানচ্যুতিৰ অন্ত পেলোৱা আদিকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ কথা অন্তৰ্ভুক্ত কৰা হোৱা নাই। যাৰ বাবে এই চুক্তিত পাকিস্তানে সমৰ্থন নকৰে।

অৱশ্যে ইয়াৰ পূৰ্বে শান্তি প্ৰস্তাৱৰ কথা জনাৰ পাছত আৰু হোৱাইট হাউছত ট্ৰাম্প-নেতানিয়াহুৰ বৈঠকৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে এই প্ৰস্তাৱক আদৰণি জনাইছিল। কিন্তু এতিয়া পাকিস্তানে সমৰ্থন নকৰে বুলি কয়।

উল্লেখ্য যে, ২৯ ছেপ্টেম্বৰত হোৱাইট হাউচত সংবাদমেল সম্বোধন কৰি এই শান্তি পৰিকল্পনাৰ কথা ঘোষণা কৰিছিল ট্ৰাম্পে। সেই সময়ত তেওঁ দাবী কৰিছিল যে,পাকিস্তানৰ প্ৰধানমন্ত্ৰী আৰু অসীম মুনিৰে এই পৰিকল্পনাত ১০০ শতাংশ সমৰ্থন আগবঢ়াইছে। কিন্তু হোৱাইট হাউচৰ পৰিকল্পনাৰ সবিশেষ পোহৰলৈ অহাৰ পাছতে পাকিস্তানত উদ্বেগৰ সৃষ্টি হয় আৰু দেশখনে নিজকে ইয়াৰ পৰা আঁতৰাই ৰাখে।

পাকিস্তান কিয় আঁতৰি যায়

এতিয়া বিভিন্নজনৰ মনত প্ৰশ্ন উত্থাপন হৈছে যে পাকিস্তানৰ হঠাতে কিয় এই পৰিৱৰ্তন হ’ল? একো ভাবি নাচাই পাকিস্তানে আমেৰিকাক সমৰ্থন কৰিছিল নেকি? নে পাকিস্তানৰ অভ্যান্তৰীণ ৰাজনৈতিক হেঁচাই এনে কৰিছে?

উল্লেখ্য যে, গাজাৰ ওপৰত ট্ৰাম্পৰ পৰিকল্পনাক বহু পাকিস্তানীয়ে সমালোচনা কৰিছিল। টাইমছ অৱ ইজৰাইলত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ট্ৰাম্পৰ সৈতে হোৱা বৈঠকত নেতানিয়াহুৱে চুক্তিখনৰ কিছু পৰিৱৰ্তন কৰিছিল। এই সংশোধনীসমূহৰ অধীনত গাজাৰ পৰা ইজৰাইলৰ সেনাবাহিনীৰ প্ৰত্যাহাৰৰ ক্ষেত্ৰত এতিয়া বিশেষ চৰ্ত থাকিব। পিছত নিৰাপত্তা মণ্ডল গঠনৰ প্ৰস্তাৱো সংযোজন কৰা হয়।

এনে ক্ষেত্ৰত পাকিস্তানে কয় যে, নেতানিয়াহুৰ হস্তক্ষেপৰ পিছত আমেৰিকাৰ পৰিকল্পনা সংশোধন কৰি চৰ্ত সংযোজন কৰা হৈছে। ইয়াৰ অধীনত হামাছৰ আত্মসমৰ্পণৰ চৰ্ত ইজৰাইলৰ প্ৰত্যাহাৰৰ ওপৰত নিৰ্ভৰশীল। তেওঁ আৰু কয় যে, “মই স্পষ্টকৈ ক’ব বিচাৰো যে পাকিস্তান কোনো চুক্তিৰ অংশ হ’ব নোৱাৰে। আমাৰ নীতি একেই আছে, ইজৰাইলক যিদৰে আছে তেনেদৰেই থাকিব দিয়ক; আমি ইয়াক স্বীকৃতি নিদিওঁ। আমাৰ লক্ষ্য কেৱল মানৱীয় সাহায্য প্ৰদান কৰা, ৰক্তপাত বন্ধ কৰা আৰু পশ্চিমক ৰক্ষা কৰা।”

 

 

অন্য খবৰ পঢ়কঃ ইছলামাবাদ উচ্চ ন্যয়াালয়ৰ বিশেষ ৰায়দান! পাকিস্তানত বিতৰ্ক…