পাকিস্তানত শ্বেহবাজ চৰকাৰ নহয়, শ্বৰীয়ত চলিব! উচ্চ ন্যায়ালয়ৰ এক ৰায়দানৰ পাছতে বিতৰ্ক…
পুনৰ চৰ্চালৈ আহিছে পাকিস্তান। ইছলামাবাদৰ আদালতে দিয়া এক সিদ্ধান্তৰ পাছতে এতিয়া বহু প্ৰশ্নৰ উত্থাপন হৈছে। বহুতে প্ৰশ্ন কৰিছে যে, পাকিস্তানত শ্বেহবাজ চৰকাৰৰ নহয়, শ্বৰীয়ত আইন চলে।

পাকিস্তানৰ অৱস্থাৰ বিষয়ে প্ৰায় সকলোৱে জ্ঞাত। কিন্তু শেহতীয়াকৈ পাকিস্তানৰ ৰাজধানী ইছলামাবাদ উচ্চ ন্যায়ালয়ে এনে এক ৰায়দান কৰিছে যিয়ে সমগ্ৰ দেশখনত বিতৰ্কৰ সৃষ্টি কৰিছে। এগৰাকী ১৫ বছৰীয়া কিশোৰীক স্বামীৰ সৈতে থাকিবলৈ অনুমতি প্ৰদান কৰিছে ন্যায়াধীশ মহম্মদ আজম খানে। এই গোচৰটো এগৰাকী কিশোৰীৰ বিবাহৰ সৈতে জড়িত আছিল। এনে ক্ষেত্ৰত ধৰ্মীয় আৰু চৰকাৰী আইনৰ মাজেদি আদালতে এই মত প্ৰকাশ কৰে।
১৫ বছৰীয়া কিশোৰীৰ বিবাহ
এই বিবাদ আৰম্ভ হৈছিল মাদিহা বিবি নামৰ এগৰাকী ১৫ বছৰীয়া কিশোৰীক লৈ। পাকিস্তানৰ নেচনেল ডাটাবেছ অথৰিটি (নাড্ৰা)ৰ ৰেকৰ্ড অনুসৰি তেওঁৰ বয়স ১৫ বছৰ। কিন্তু বিবাহৰ সময়ত তেওঁৰ বয়স ১৮ দেখুওৱা হৈছে।যেতিয়া বিষয়টো আদালত গৈ পাই তেতিয়া কিশোৰীগৰাকীয়ে আদালতত নিজেই কৈছিল যে তেওঁ কোনো কাৰণতে স্বামীৰ পৰা পৃথক হ’ব নিবিচাৰে। যেতিয়া তেওঁক ক্ৰাইছিচ চেন্টাৰলৈ প্ৰেৰণ কৰা হৈছিল তেতিয়াও তেওঁ স্বামীৰ লগত থাকিব বুলি কৈছিল।
ইছলামিক শ্বৰীয়ত মতে, যেতিয়া এগৰাকী কিশোৰীয়ে নিজৰ ইচ্ছা মতে নিকাহ কৰে তেন্তে সেই নিকাহ বৈধ বুলি ধৰা হয়। কিন্তু ইছলামাবাদ শিশু বিবাহ সংযম আইন ২০২৫ ত স্পষ্টকৈ উল্লেখ আছে যে ১৮ বছৰৰ তলত বিয়া হোৱা অপৰাধ। এক কথাত, ধৰ্মই কিশোৰীৰ বিবাহ শুদ্ধ বুলি ক’লেও আইনে কোৱা নাই। কিন্তু এতিয়া আদালতে এই আইনৰ বিপৰীতে গৈ সিদ্ধান্ত গ্ৰহণ কৰিছে।
আদালতৰ ২৪ পৃষ্ঠাৰ সিদ্ধান্ত
ন্যায়াধীশ খানে ২৪ পৃষ্ঠাত ৰায়দান কৰি কৈছে যে, শ্বৰীয়ত আইন অনুসৰি বিবাহ বৈধ, কিন্তু চৰকাৰী আইনে ইয়াক অপৰাধ বুলি গণ্য কৰে। এই বিষয়ত ধৰ্ম আৰু আইনৰ মাজত যথেষ্ট পাৰ্থক্য থকা বুলিও আদালতে স্বীকাৰ কৰে। আদালতে কয় যে, গতিকে এতিয়া সময় আহি পৰিছে যে বিবাহ, নাবালক, অপৰাধৰ সৈতে জড়িত সকলো আইনৰ সমান কৰিব লাগে। ইয়াৰোপৰি নিকাহৰ পঞ্জীয়কসকলক কোনো কাৰণতে ১৮ বছৰৰ তলৰ ল’ৰা বা ছোৱালীৰ বিবাহ পঞ্জীয়ন নকৰাটো নিশ্চিয়তা প্ৰদান কৰিব লাগে।
চৰকাৰলৈ পৰামৰ্শ
আদালতে চৰকাৰলৈ পৰামৰ্শ আগবঢ়াই কয় যে,
- বাল্য বিবাহৰ ক্ষতি আৰু প্ৰভাৱৰ বিষয়ে সজাগতা সৃষ্টিৰ কৰিব লাগে।
- NADRA ব্যৱস্থাক শক্তিশালী কৰিব লাগে।
- এই সিদ্ধান্ত আইন আৰু ন্যায় আয়োগ, ইছলামিক মতাদৰ্শ পৰিষদ, আৰু কেইবাটাও গুৰুত্বপূৰ্ণ চৰকাৰী কাৰ্যালয়লৈ প্ৰেৰণ কৰিব লাগে।
অন্য খবৰ পঢ়কঃ কঁপি উঠিল সমগ্ৰ ইউক্ৰেইন! ৰাছিয়াই নিক্ষেপ কৰিলে ৫০০ টা ড্ৰ’ন, ৪০ টা মিছাইল…