আমেৰিকাক দেশ বিক্ৰী কৰিবলৈ সাজু পাকিস্তান! হোৱাইট হাউচত শ্বেহবাজ-মুনিৰ…
দিনক দিনে অধিক কাষ চাপি আহিছে আমেৰিকা আৰু পাকিস্তান। যোৱা ৮ ছেপ্টেম্বৰত দুই দেশে ডাঙৰ চুক্তি স্বাক্ষৰ কৰিছিল। এতিয়া পাকিস্তনে ট্ৰাম্পক এক বিশেষ বস্তু দেখুৱাইছে। ইয়াৰ ফটো ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বৈঠকৰ বাবে আমেৰিকাত আছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ আৰু সেনা প্ৰধান অসীম মুনিৰ। অৱশ্যে এই বৈঠকৰ মাজতে পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ট্ৰাম্পৰ সৈতে বৈঠকত মিলিত হৈছে। ইতিমধ্যে এই সাক্ষাতৰ ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। অনুমান কৰিব পাৰি যে শ্বেহবাজ আৰু অসীম মুনিৰে ট্ৰাম্পক সন্তুষ্ট কৰাৰ বাবে সকলো চেষ্টা কৰিছে।
ভাইৰেল হোৱা ফটোত দেখা গৈছে যে, মুনিৰে এটা সৰু বাকচত ট্ৰাম্পক কিবা দেখুৱাইছে। এই বাকচটোত আছে পাকিস্তানৰ খনিৰ ধাতু, ৰেয়াৰ আৰ্থ আৰু বহুমূলীয়া তথা বিৰল কিছুমান শিল আছে। ইয়াৰ পাছতে একাংশই অনুমান কৰিছে যে, অসীম মুনিৰে পাকিস্তানৰ সম্পদ ট্ৰাম্পক বিক্ৰী কৰিবলৈ সাজু হৈছে।
নাথাকে চীনৰ বিশেষ অধিকাৰ
হোৱাইট হাউচৰ পৰা প্ৰকাশ পোৱা এই ফটোখনে এতিয়া বহু বিতৰ্কৰ সূচনা কৰিছে। একাংশই কৈছে যে, পাকিস্তানৰ সেনা প্ৰধান অসীম মুনিৰে বেলুচিস্তান, খাইবাৰ পখতুনখোৱা আদিৰ আপুৰুগীয়া খনিজ পদাৰ্থৰ অধিকাৰ ট্ৰাম্পক গতাই দি আমেৰিকাক পাকিস্তান বিক্ৰী কৰিছে।
উল্লেখ্য যে, এতিয়ালৈকে এই ক্ষেত্ৰসমূহত কেৱল চীনৰ বিশেষ অধিকাৰ আছিল। সেই অঞ্চলসমূহ চীনে কেইবাটাও কোম্পানী স্থাপন কৰিছিল। কিন্তু এতিয়া এই অঞ্চলসমূহত আমেৰিকাইও কোম্পানী স্থাপন কৰিব বুলি আশা কৰিব পাৰি।
ট্ৰাম্প শাসনলৈ অহাৰ পাছতে পাকিস্তান আৰু আমেৰিকাৰ সম্পৰ্কৰ উন্নতি হৈছে। অৱশ্যে এটা কথা ক’বই লাগিব যে ট্ৰাম্পে আমেৰিকা ফাৰ্ষ্ট নীতি মানি চলে। গতিকে এই নীতিৰ বাবে যদি ট্ৰাম্পে পাকিস্তানৰ সৈতে বন্ধুত্ব কৰি নিজৰ মুনাফা আদায়ৰ চেষ্টা কৰে সেয়া কোনো ডাঙৰ কথা নহয়। ইয়াৰোপৰি এতিয়া ট্ৰাম্পে এক প্ৰকাৰ এই কামকেই কৰি আছে।
ছেপ্টেম্বৰত চুক্তি
এই বৈঠকৰ পূৰ্বে ৮ ছেপ্টেম্বৰত ইছলামবাদত আমেৰিকাৰ কোম্পানী ইউনাইটেড ষ্টেটেজিক মেটালছ (ইউ এছ এছ এম)ৰ সৈতে হাই-প্ৰফাইল চুক্তি স্বাক্ষৰিত হয়। এই চুক্তিত এন্টিমনি, তাম, সোণ, টাংষ্টেন, আৰু আপুৰুগীয়া মাটিৰ মৌলকে ধৰি জটিল খনিজ পদাৰ্থৰ ৰপ্তানিৰ লগতে পাকিস্তানৰ ভিতৰত খনন কেন্দ্ৰ নিৰ্মাণৰ কথাও জড়িত হৈ আছে। প্ৰথম পৰ্যায়ত আমেৰিকাই প্ৰায় ৫০ কোটি বিনিয়োগ কৰিব পাৰে।
শ্বেহবাজ আৰু মুনীৰক মহান নেতা আখ্যা
ইয়াৰ মাজতে বৃহস্পতিবাৰে অ’ভেল অফিচত ট্ৰাম্পে পাকিস্তানৰ প্ৰধানমন্ত্ৰী আৰু সেনা প্ৰধানক মহান নেতা আখ্যা দিয়ে। গতিকে এনেবোৰ দিশৰ পৰা অনুমান কৰিব পাৰি যে দুই দেশৰ সম্পৰ্ক ক্ৰমান্বয়ে উন্নতি হৈছে।
অন্য খবৰ পঢ়কঃ পাকিস্তানক আঘাত! কাশ্মীৰ বিষয়টোৰ ওপৰত আমেৰিকাৰ ডাঙৰ মন্তব্য, ক’লে- আমি আগ্ৰহী নহয়…