আল্লাহে ৰক্ষা কৰক….পাকিস্তানৰ সংসদত চলি থকা বিতৰ্কৰ মাজতে কান্দিবলৈ ধৰিলে সাংসদে
ভাৰতৰ ‘সেন্দূৰ ষ্ট্ৰাইক’ৰ পিছত পাকিস্তানৰ সংসদত এক স্পষ্টকৈ দেখা গ’ল ভয়ৰ পৰিৱেশ। সংসদত বিতৰ্কৰ সময়ত প্ৰাক্তন সামৰিক বিষয়া তথা সাংসদ তাহিৰ ইকবালে কান্দি কান্দি কয় যে আল্লাহে তেওঁলোকক ৰক্ষা কৰক। ইকবালৰ এই বক্তব্যই স্পষ্টকৈ ক’ব ধৰিছে যে অপাৰেশ্যন সেন্দূৰৰ পিছত পাকিস্তান চৰকাৰ ভয় খাইছে।

প্ৰাক্তন সামৰিক বিষয়া তথা সাংসদ তাহিৰ ইকবালে হঠাতে আৱেগিক হৈ কান্দিবলৈ আৰম্ভ কৰাত পাকিস্তানৰ সংসদত নিস্তব্ধতা সৃষ্টি হয়। শেহতীয়াকৈ ভাৰতে PoJK (Pakistan Occupied Kashmir) ৰ ওপৰত কৰা অপাৰেশ্যন সেন্দূৰৰ পিছত পাকিস্তানত এক শংকিত পৰিবেশ। সংসদত যেতিয়া নিৰাপত্তাক লৈ বিতৰ্ক চলি আছিল, তেতিয়া তাহিৰ ইকবালে কয়, ‘মই দোৱা কৰিছোঁ যাতে আল্লাহে তেওঁলোকক ৰক্ষা কৰে।’
তাহিৰ ইকবালৰ এই বক্তব্যই পাকিস্তানৰ গভীৰ নিৰাপত্তাহীনতা আৰু ৰাজনৈতিক অস্থিৰতাৰ প্ৰতিফলন ঘটাইছে। ভাৰতীয় সেনাৰ সেন্দূৰ আক্ৰমণে জোকাৰি গৈছে পাকিস্তানী শক্তি প্ৰতিষ্ঠান। এই আক্ৰমণটো আছিল নিখুঁত, সীমিত যদিও নিৰ্ণায়ক, য’ত সন্ত্ৰাসবাদী ঘাটিক লক্ষ্য কৰি লোৱা হৈছিল। সংসদত এই বিষয়ে চৰ্চা চলি থকাৰ সময়ত ইকবালে নিজৰ কথা কৈ কান্দিবলৈ ধৰিলে। তেওঁৰ এই বক্তব্য পাকিস্তানৰ পৰা ভাৰতলৈ ভাইৰেল পৰিছে।
উল্লেখ্য যে তাহিৰ ইকবালে পাকিস্তান সেনাবাহিনীত মেজৰ হিচাপে কাম কৰি আহিছে আৰু পিছলৈ ৰাজনীতিত প্ৰৱেশ কৰি বহু গুৰুত্বপূৰ্ণ পদবীত অধিষ্ঠিত হয়। তেওঁ পৰিৱেশ মন্ত্ৰী, কাশ্মীৰ পৰিক্ৰমা মন্ত্ৰী আৰু তাৰ পিছত সাংসদ হিচাপে পিএমএল-এন দলৰ সৈতে জড়িত হৈ আছে। ২০০২ আৰু ২০১৩ চনত তেওঁ চকৱালৰ পৰা নিৰ্বাচনত বিপুল ব্যৱধানত জয়লাভ কৰিছিল। অভিজ্ঞ ৰাজনীতিবিদ হোৱাৰ পিছতো তেওঁৰ এনে কান্দোনৰ পৰা বুজা যায় যে যুদ্ধৰ ভয় এতিয়া মুকলিকৈ পাকিস্তানৰ সংসদত অনুভৱ কৰা হৈছে।
অপাৰেশ্যন সেন্দূৰৰ পিছত পাকিস্তানত নিৰাপত্তা সম্পৰ্কীয় কৌশলগত বিভ্ৰান্তি আৰু উদ্বেগ বিয়পি পৰিছে। হাই এলাৰ্ট কৰি ৰখা হৈছে সেনাবাহিনীক। ইফালে ভাৰতক প্ৰত্যুত্তৰ জনাবলৈ চৰকাৰক হেঁচা প্ৰয়োগ কৰিছে বিৰোধীয়ে। কিন্তু অৰ্থনৈতিক সংকট, আভ্যন্তৰীণ অস্থিৰতা আৰু বিশ্ব বিচ্ছিন্নতাৰ বাবে পাকিস্তান চৰকাৰ সীমিত বিকল্পৰ মাজত আৱদ্ধ হৈ পৰিছে। এনে পৰিস্থিতিত তাহিৰ ইকবালৰ দৰে লোকৰ আৱেগ সংসদত ৰাজহুৱা হৈ পৰিছে।
বিশ্লেষকসকলৰ মতে ভাৰতৰ এই কৌশলে কেৱল সন্ত্ৰাসবাদী গাঁথনিতে নহয়, পাকিস্তানৰ ৰাজনৈতিক চিন্তাধাৰাৰ ওপৰতো প্ৰভাৱ পেলাইছে। এফালে চৰকাৰে নিজৰ বক্তব্যত শক্তি দেখুৱাইছে যদিও আভ্যন্তৰীণভাৱে ব্যৱস্থাটো ভয় আৰু হেঁচাৰ মাজত সোমাই পৰিছে। তাহিৰ ইকবালৰ প্ৰতিক্ৰিয়াই স্পষ্টকৈ দেখুৱাইছে যে অপাৰেশ্যন সেন্দূৰৰ পিছত শংকাত ভুগিছে পাকিস্তান চৰকাৰ।