শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

৫২ গৰাকী ভাই-ভনী, ১৪ টি সন্তান, ৬ গৰাকী পত্নী…বিশ্বত্ৰাস ওছামা বিন লাডেনৰ পৰিয়ালটো কিমান ডাঙৰ আছিল?

ওছামা বিন লাডেনৰ সম্পূৰ্ণ নাম আছিল ওছামা বিন মহম্মদ বিন আৱাদ বিন লাডেন । ১৯৫৭ চনৰ ১০ মাৰ্চত জন্মগ্ৰহণ কৰা লাডেন মূলতঃ ছৌদি আৰৱৰ । তেওঁৰ ৫২ গৰাকী ভাই-ভনী আছিল । ২ মে'ত আমেৰিকা ছিল সেনাই পাকিস্তানত হত্যা কৰিছিল লাডেনক ।

৫২ গৰাকী ভাই-ভনী, ১৪ টি সন্তান, ৬ গৰাকী পত্নী…বিশ্বত্ৰাস ওছামা বিন লাডেনৰ পৰিয়ালটো কিমান ডাঙৰ আছিল?
ওছামা বিন লাডেন (ফাইল ফটো)Image Credit source: Getty Images
raj-saikia
Raj Saikia | Published: 02 May 2025 13:12 PM

এসময়ত সমগ্ৰ বিশ্বৰ বাবে সন্ত্ৰাসৰ নাম আছিল ওছামা বিন লাডেন । আমেৰিকাত ৯/১১ৰ আক্ৰমণ চলাই সকলোকে আতংকিত কৰি তুলিছিল লাডেনে । আমেৰিকাৰ ৱৰ্ল্ড ট্ৰেড চেণ্টাৰৰ টুইন টাৱাৰত এই আক্ৰমণৰ পিছত আক্ৰমণকাৰী বিচাৰি উলিওৱা আৰু নিৰ্মূল কৰাটো আমেৰিকাৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছিল । শেষত আমেৰিকাই তেওঁক পাকিস্তানৰ এবটাবাদত হত্যা কৰে । তাৰিখটো আছিল ২০১১ চনৰ ২ মে’ । লাডেনৰ মৃত্যুৰ দিনটোত জানো আহক তেওঁৰ পৰিয়ালটো কিমান ডাঙৰ আৰু আমেৰিকাই তেওঁক হত্যা কৰাৰ পৰিকল্পনা কেনেকৈ কৰিছিল?

ওছামা বিন লাডেনৰ সম্পূৰ্ণ নাম আছিল ওছামা বিন মহম্মদ বিন আৱাদ বিন লাডেন । ১৯৫৭ চনৰ ১০ মাৰ্চত জন্মগ্ৰহণ কৰা লাডেন মূলতঃ ছৌদি আৰৱৰ । তেওঁৰ ৫২ গৰাকী ভাই-ভনী আছিল । লাডেন আছিল তেওঁৰ পিতৃ-মাতৃৰ ১৭ সংখ্যক সন্তান । তেওঁৰ পিতৃৰ চৌদি আৰৱত নিৰ্মাণৰ ব্যৱসায় আছিল আৰু সেই সময়ত তেওঁ আছিল চৌদি আৰৱৰ আটাইতকৈ ডাঙৰ নিৰ্মাণ ব্যৱসায়ী । লাডেনৰ পিতৃ ইমানেই ধনী আছিল যে সেই সময়ত তেওঁ ৮ কোটি ডলাৰ অৰ্থাৎ প্ৰায় সাত বিলিয়ন টকাৰ সম্পত্তিৰ গৰাকী আছিল ।

Osama Bin Laden File Photos

ওছামা বিন লাডেন(ফাইল ফটো)

চিভিল ইঞ্জিনীয়াৰিঙৰ ছাত্ৰ আছিল লাডেন

ওছামা বিন লাডেন আৰম্ভণিৰে পৰা পঢ়া-শুনাত অত্যন্ত মেধাবী আছিল । ১৯৭৯ চনত জেদ্দাৰ কিং আব্দুল আজিজ বিশ্ববিদ্যালয়ৰ পৰা চিভিল ইঞ্জিনিয়াৰিঙৰ অধ্যয়ন সম্পূৰ্ণ কৰে । তেতিয়ালৈকে তেওঁ স্বাভাৱিক জীৱন কটায় । দেউতাকৰ ধন-সম্পত্তিৰ নিচা তেওঁৰ ওপৰতো বিয়পি পৰে । মদ খাই নাইট ক্লাবলৈ গৈ অশ্লীলতাত লিপ্ত হৈছিল । কিন্তু বিশ্ববিদ্যালয়ত পঢ়াৰ সময়ত তেওঁ উগ্ৰ মুছলমানসকলৰ লগত সম্পৰ্ক স্থাপন কৰিবলৈ আৰম্ভ কৰে । এনে পৰিস্থিতিত চিভিল ইঞ্জিনিয়াৰিঙৰ অধ্যয়ন সম্পূৰ্ণ কৰাৰ পিছত পিতৃৰ নিৰ্মাণ ব্যৱসায়ত নামিবলৈ সাজু হোৱা লাডেনৰ মন তেতিয়াৰ ছোভিয়েট ইউনিয়ন, আমেৰিকা আৰু ইউৰোপীয় দেশৰ বিৰুদ্ধে থিয় দিয়া এনে সংগঠনৰ ফালে ঢাল খাবলৈ আৰম্ভ কৰে ।

১৭ বছৰ বয়সতে প্ৰথম বিবাহ

১৯৭৪ চনত ওছামা বিন লাডেনে ১৭ বছৰ বয়সত প্ৰথমবাৰৰ বাবে বিবাহপাশত আবদ্ধ হয় । পৰিয়ালটোৱে বিয়াখনৰ বিৰোধিতা কৰিছিল যদিও নেজৱাই সকলোকে এৰি লাডেনৰ সৈতে বিয়াত বহিছিল । তেওঁলোকৰ কেইবাটাও সন্তান আছিল, যাৰ নাম আব্দুল্লা, আব্দুল ৰহমান, সাদ, ওমৰ, উছমান, মহম্মদ, ফাতিমা, ইমান, লাদিন বাকিৰ, ৰুকায়া আৰু নূৰ । ৯/১১ৰ আক্ৰমণৰ ঠিক আগতেই লাডেন আৰু নেজৱা পৃথক হৈছিল । লাডেনে ১৯৮৩ চনত খাদিজাক বিয়া কৰাইছিল আৰু ১৯৯৫ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হৈছিল । তেওঁৰ সন্তানৰ নাম আছিল আলী, আমেৰ আৰু আলিছা ।

কেবাগৰাকীকো কৰালে বিয়া

১৯৮৫ চনত লাডেনে খাইৰিয়াৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু ২০১১ চনত তেওঁৰ মৃত্যু হয় । তেওঁৰ হামজা নামৰ এটা সন্তান জন্ম হয় । ১৯৮৭ চনত বিন লাডেনে ছিহামৰ সৈতে বিবাহপাশত আবদ্ধ হয়, তেওঁৰ তিনিটা সন্তান জন্ম হয় । ১৯৯৬ চনত তেওঁ আন এগৰাকী মহিলাক বিয়া কৰাইছিল । ২০০০ চনত লাডেনে অমলৰ সৈতে বিবাহপাশত আবদ্ধ হয় । তেওঁৰ সন্তান ছাইফিয়া, আছিয়া, ইব্ৰাহিম, জৈনাব আৰু হুছেইন ।

Al Qaida Recruitment Video Stills

ওছামা বিন লাডেন (ফাইল ফটো)

আফগানিস্তানলৈ যাত্ৰা

শিক্ষাগ্ৰহণৰ সময়ত মৌলবাদীৰ সংস্পৰ্শলৈ অহা লাডেনে ১৯৭৯ চনত আফগানিস্তানলৈ গৈছিল ছোভিয়েট ইউনিয়নৰ বিৰুদ্ধে জেহাদৰ অংশ হ’বলৈ । তেওঁ তাত এটা দশক থাকি নিজৰ নিৰ্মাণ ব্যৱসায়ৰ জৰিয়তে মুছলমান গেৰিলা যোদ্ধাসকলক সহায় কৰি থাকিল । এই সময়ছোৱাত তেওঁ আশ্ৰয় শিবিৰ, সুৰংগ আৰু পথ নিৰ্মাণ কৰিছিল । ১৯৮৮ চনত লাডেনে আল কায়দাত যোগদান কৰে । তেওঁ নিজেই বিশ্বজুৰি ধন সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিছিল আৰু এদিন সংগঠনটোৰ মুৰব্বী হৈছিল ।

কুৱেইটত আক্ৰমণৰ সময়ত লক্ষ্য কৰি লোৱা হৈছিল আমেৰিকান বাহিনীক । ১৯৮৯ চনত যেতিয়া ছোভিয়েট ইউনিয়নে আফগানিস্তান এৰি থৈ যায় তেতিয়া লাডেনেও চৌদি আৰৱলৈ উভতি আহি নিজৰ পৰিয়ালৰ নিৰ্মাণ ব্যৱসায় পৰিচালনা কৰিবলৈ আৰম্ভ কৰে । ১৯৯০ চনৰ আগষ্ট মাহত যেতিয়া ইৰাকে কুৱেইটক আক্ৰমণ কৰিছিল তেতিয়া আমেৰিকাৰ বাহিনী চৌদি আৰৱত উপস্থিত হৈছিল । ইয়াৰ ফলত লাডেন অতিশয় ক্ষুব্ধ হৈ পৰে আৰু তেওঁ মক্কা-মদিনাৰ ওচৰত নিয়োজিত আমেৰিকান বাহিনীক লক্ষ্য কৰি ল’বলৈ আৰম্ভ কৰে । তেওঁৰ কুকৰ্মত বিৰক্ত হৈ ছৌদি আৰবে ১৯৯১ চনত লাডেনক বহিষ্কাৰ কৰে, তাৰ পিছত তেওঁ সমৰ্থকসকলৰ সৈতে চুডানলৈ যায়, য’ৰ পৰা ১৯৯৬ চনত তেওঁক বহিষ্কাৰ কৰা হয় ।

লাডেনৰ মৃত্যুৰ অপপ্ৰচাৰ

ইয়াৰ পিছত লাডেনে আকৌ এবাৰ আফগানিস্তানলৈ যায় আৰু তাতেই তেওঁক তালিবানে আদৰণি জনায় । ইয়াৰ পিছত তেওঁ সমগ্ৰ বিশ্বতে আতংক বিয়পাবলৈ ধৰে । ২০০১ চনত ৯/১১ৰ আক্ৰমণৰ পিছত আমেৰিকাই লাডেনক আটাইতকৈ ডাঙৰ মাষ্টাৰমাইণ্ড বুলি গণ্য কৰি তেওঁৰ সন্ধানত অভিযান আৰম্ভ কৰে । ইফালে ২০০১ চনৰ ডিচেম্বৰ মাহত পাকিস্তানৰ এখন বাতৰি কাকতে লাডেনৰ অন্ত্যেষ্টিক্ৰিয়াৰ খবৰ প্ৰকাশ কৰা বুলি অভিযোগ উঠে । কিন্তু ২০০২ চনত ছৌদি আৰু ৰাছিয়াৰ বাতৰি কাকতসমূহে তালিবান নেতা মোল্লা মহম্মদ ওমৰৰ উদ্ধৃতি দি লাডেন এতিয়াও জীয়াই আছে বুলি প্ৰকাশ কৰিছিল ।

Suspected Terrorist Osama Bin Laden

ওছামা বিন লাডেন (ফাইল ফটো)

পাক ভূমিত লাডেনক হত্যা

অৱশেষত আমেৰিকাই বিন লাডেনৰ স্থান নিৰ্ণয় কৰে আৰু ২০১১ চনৰ ২ মে’ৰ পুৱাৰ ভাগত নেভি ছিলৰ সৈতে আমেৰিকাৰ নিৰাপত্তা বাহিনীৰ এটা সৰু দলে পাকিস্তানৰ এবটাবাদৰ এটা দুৰ্গম চৌহদত অভিযান চলায় । এই গুলীচালনাত লাডেনৰ লগতে আৰু তিনিজন লোক নিহত হয় । তেওঁলোকৰ মাজত এগৰাকী মহিলাও আছিল । কোৱা হৈছে যে মূৰত গুলীৰ আঘাতৰ বাবেই লাডেনৰ মৃত্যু হয় । সাগৰত অন্ত্যেষ্টিক্ৰিয়া কৰাৰ পূৰ্বে তেওঁৰ মৃতদেহৰ ডি এন এৰ নমুনাও লোৱা হয় ।

যেতিয়া আমেৰিকান বাহিনীয়ে লাডেনক আক্ৰমণ কৰিছিল তেতিয়া তেওঁ পত্নী অমল সৈতে শোৱা কোঠাত আছিল । লাডেনৰ পত্নী দুগৰাকী তলৰ মহলাত শুই আছিল । আমেৰিকাৰ এই আক্ৰমণত নিহত হয় লাডেনৰ তিনি পুত্ৰ । তেওঁ ডাঙৰ পুতেকৰ সৈতে সম্পৰ্ক ইতিমধ্যে বিচ্ছেদ হৈছিল । লাডেনৰ তিনিগৰাকী পত্নীক পাকিস্তানৰ পৰা বন্দী কৰাৰ বিপৰীতে এগৰাকী পত্নী আৰু ৭টা সন্তানক ইৰাণত বন্দী কৰি ৰখা হৈছে ।