মাজ সমুদ্ৰত ভাৰতীয় নৌসেনাৰ ট্ৰেইলাৰ, চিনেমা আৰম্ভ হ’লেই উত্তৰ দিব পাকিস্তানক!
শনিবাৰে ভাৰতীয় নৌসেনাই পোষ্ট কৰিছে এখন বিশেষ ফটো । ছবিখনত দেখা গৈছে সাগৰৰ মাজত আই এন এছ কলকাতা, সন্মুখত এখন স্কৰ্পিন শ্ৰেণীৰ চাবমেৰিন । আকাশত উৰি আছে ধ্ৰুৱ এডভান্সড লাইট হেলিকপ্টাৰ । নৌসেনাই এই অনুশীলনক ত্ৰিশক্তি বুলি অভিহিত কৰিছে । তেওঁলোকে পানীত ওপৰৰ পৰা আৰু তলৰ পৰা উত্তৰ দিবলৈ সাজু, এইটোৱেই বাৰ্তা দিয়া হৈছে ।

পাকিস্তানৰ ওপৰত যিকোনো সময়তে আক্ৰমণ কৰিব পাৰে ভাৰতে । অব্যাহত আছে যুদ্ধৰ আখৰা । এইবাৰ ভাৰতীয় নৌসেনাই বাৰ্তা প্ৰেৰণ কৰিছে পাকিস্তানলৈ । ভাৰতীয় নৌসেনাই এখন যুদ্ধ জাহাজ, চাবমেৰিন, হেলিকপ্টাৰ একেলগে দেখুৱাই পাকিস্তানক নিজৰ নৌসেনাৰ শক্তিৰ উমান দিয়ে ।
এই ফটোখন শনিবাৰে ভাৰতীয় নৌসেনাই পোষ্ট কৰিছে । ছবিখনত দেখা গৈছে সাগৰৰ মাজত আই এন এছ কলকাতা, সন্মুখত এখন স্কৰ্পিন শ্ৰেণীৰ চাবমেৰিন । আকাশত উৰি আছে ধ্ৰুৱ এডভান্সড লাইট হেলিকপ্টাৰ । নৌসেনাই এই অনুশীলনক ত্ৰিশক্তি বুলি অভিহিত কৰিছে । তেওঁলোকে পানীত ওপৰৰ পৰা আৰু তলৰ পৰা উত্তৰ দিবলৈ সাজু, এইটোৱেই বাৰ্তা দিয়া হৈছে ।
The trident of Naval Power – Above, below and across the waves #FromSeaToSky #AnytimeAnywhereAnyhow pic.twitter.com/HE3Dbdatrz
— IN (@IndiannavyMedia) May 3, 2025
ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধিৰ সময়ত ভাৰতীয় নৌসেনাৰ এই পোষ্টটো অতি তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে । যোৱা সপ্তাহত নৌসেনাই আৰব সাগৰতো অনুশীলন চলাইছিল। দীৰ্ঘ দূৰত্বৰ ব্ৰাহ্মছ এণ্টি শ্বিপ আৰু এণ্টি ছাৰ্ফেচ ক্ৰুজ মিছাইল নিক্ষেপ কৰা হৈছিল ।
পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতি সঁহাৰি জনাই ভাৰতে পাকিস্তানৰ সৈতে কৰা সিন্ধু জল চুক্তি ইতিমধ্যে স্থগিত ৰাখিছে । আটৰী-ৱাঘা সীমান্তও বন্ধ কৰি দিয়া হৈছে । পাকিস্তানীক আৰু দিয়া নহ’ব ভিছা । ভাৰতত থকা সকলো পাকিস্তানী নাগৰিকক পাকিস্তানলৈ উভতি যাবলৈও নিৰ্দেশ দিয়া হৈছে ।
বিগত সপ্তাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উচ্চ পৰ্যায়ৰ সামৰিক বৈঠকৰ অন্তত সেনাবাহিনীক স্বাধীনতা প্ৰদান কৰিছিল । সন্ত্রাসবাদী আক্রমণৰ প্রতিশোধ লোৱাৰ লগতে মন কী বাত কার্যসূচীত ভুক্তভোগীক ন্যায় প্রদান কৰাৰ প্রতিশ্রুতিও দিয়ে প্ৰধানমন্ত্ৰীয়ে । ভাৰতীয় বায়ুসেনাই কালি গংগা এক্সপ্ৰেছৱেত ৰাফেল আৰু ছুখৈ মিগ বিমান অৱতৰণ কৰি যুদ্ধাভ্যাস কৰা দেখা গৈছে ।