বন্দে ভাৰত বা শতাব্দী ৰে'লৰ পৰা চৰকাৰে কিমান উপাৰ্জন কৰে?

3 May 2025

TV9 ASSAM

Photos Credit:Getty Images

ভাৰতীয় ৰে'লৱেই নিজৰ সেৱা আধুনিকীকৰণ আৰু ত্বৰান্বিত কৰাৰ বাবে যোৱা কেইবছৰমানৰ পৰা কেইবাটাও ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে।

আধুনিকীকৰণ

কিন্তু আপুনি কেতিয়াবা ভাবিছেনে বন্দে ভাৰত এক্সপ্ৰেছ আৰু শতাব্দী এক্সপ্ৰেছৰ দৰে বিলাসী ৰে’লৰ পৰা চৰকাৰে কিমান উপাৰ্জন কৰে?

উপাৰ্জন

মধ্যপ্ৰদেশৰ চন্দ্ৰশেখৰ গৌৰ এজন ব্যক্তিৰ আৰ টি আই উত্তৰত ৰে’ল মন্ত্ৰালয়ে এই ৰে’লসমূহৰ পৰা পোৱা উপাৰ্জনৰ কোনো সুকীয়া ৰেকৰ্ড ৰখা নাই বুলি উল্লেখ কৰিছে।

আৰ টি আই উত্তৰ

বৰ্তমান দেশৰ ২৪খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ২৮৪খন জিলাত ১০০টা পথত ১০২খন বন্দে ভাৰত ৰে’ল চলাচল কৰি আছে।

বন্দে ভাৰত ৰে’ল

আশ্চৰ্য্য প্ৰকাশ কৰি গৌৰে কয় যে, ৰে’লৱেই বন্দে ভাৰত ৰে’লে যাত্ৰা কৰা লোকৰ সংখ্যা আৰু অতিক্ৰম কৰা দূৰত্বৰ ৰেকৰ্ড ৰাখে, কিন্তু ৰাজহৰ কোনো তথ্য নাৰাখে।

ৰাজহৰ তথ্য

ৰে'লৱেই ১৬ শতাংশ বৃদ্ধিৰে ২০২৫-২৬ বিত্তীয় বৰ্ষত যাত্ৰীৰ ৰাজহ ৯২,৮০০ কোটি টকা হ’ব বুলি অনুমান কৰিছে।

অনুমান

ৰে’লৱে আশাবাদী যে বন্দে ভাৰতকে ধৰি এচি ৩ ক্লাছ আৰু প্ৰিমিয়াম ৰে’লৰ চাহিদা বৃদ্ধিৰ ফলত যাত্ৰীৰ ৰাজহ বৃদ্ধি পাইছে।

ৰাজহ বৃদ্ধি

পঢ়িবলৈ ক্লিক কৰক

গৰমত মূৰ্ছা যোৱা ব্য়ক্তিক পানী দিয়া উচিত নে ?