শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
ভাৰতৰ বজাৰ সুস্থিৰ, ২৫৯ পইন্ট বাঢ়িছে বিএছই ছেনছেক্স

ভাৰতৰ বজাৰ সুস্থিৰ, ২৫৯ পইন্ট বাঢ়িছে বিএছই ছেনছেক্স

raj-saikia
Raj Saikia | Updated On: 02 May 2025 23:50 PM

আজি মাত্ৰ ১২ পইন্ট বাঢ়িল ভাৰতৰ বজাৰৰ বেঞ্চমাৰ্ক সূচক নিফটি ৫০ । আন এক বেঞ্চমাৰ্কসূচক বিএছই ছেনছেক্স বাঢ়িছে ২৫৯ পইন্ট । আজি সামান্য সুস্থিৰ হ'লেও যোৱা ৮ দিনত ৭ হাজাৰ পইন্ট নামিছে পাকিস্তানৰ শ্বেয়াৰ বজাৰৰ সূচক ।

আজি ২ মে’, নতুন মাহৰ আজি প্ৰথম কৰ্মদিন । আজি মাত্ৰ ১২ পইন্ট বাঢ়িল ভাৰতৰ বজাৰৰ বেঞ্চমাৰ্ক সূচক নিফটি ৫০ । আন এক বেঞ্চমাৰ্কসূচক বিএছই ছেনছেক্স বাঢ়িছে ২৫৯ পইন্ট । আজি সামান্য সুস্থিৰ হ’লেও যোৱা ৮ দিনত ৭ হাজাৰ পইন্ট নামিছে পাকিস্তানৰ শ্বেয়াৰ বজাৰৰ সূচক ।

ভাৰতৰ বজাৰ সামান্য ঊৰ্ধগামী হোৱাৰ সময়তে হুৰমূৰকৈ বাঢ়িছে চীনা আৰু জাপানী সূচক । আজি জাপানী সূচক নিক্কেই ৩৭৮ পইন্ট বৃদ্ধি পোৱাৰ বিপৰীতে চীনা সূচক হেংছেং বাঢ়িছে ৩৮৫ পইন্ট ।

শ্বেয়াৰ মার্কেটৰ এনে গৱেষণামূলক তথ্য যদি ভাল লাগে, তেন্তে অৱশ্যেই লাইক কৰক । যদি কোনো শ্বেয়াৰৰ সম্পর্কে জানিব খোজে তেন্তে কমেন্ট বক্সত জনাওক । পৰৱৰ্তী ভিডিঅ’ত আমি এই বিষয়ে আলোচনা কৰিম ।

আজি কি কি বাঢ়িল-
আজি আপাৰ চাৰ্কিট স্পৰ্শ কৰিছে জলন্ধৰ মটৰ এজেন্সী, স্প’ৰ্টকিং ইণ্ডিয়া, জোডিয়াক ক্লথিং । ইয়াৰ বাহিৰেও বাঢ়িছে ক্ৰিষ্টেল ইণ্টিগ্ৰেটেড ছাৰ্ভিচেছ আৰু ফ’ৰ্চ মটৰ্ছ লিমিটেডৰ শ্বেয়াৰৰ দাম ।

আজি কি কি কমিল-
আজি নিম্নগামী হৈছে গোডৰেজ এগ্ৰোভেট, জি-টেক জৈনক্স এডুকেশ্যন, বৈশালী ফাৰ্মা, মালু পেপাৰ মিলছ, ফনিক্স মিলছৰ শ্বেয়াৰৰ দাম ।

বজাৰৰ টুকুৰা খবৰ:
* আজি শ্বেয়াৰে প্রতি ৩৩ টকা ৫০ পইচা লভ্যাংশ দিয়ে এবিবি ইণ্ডিয়াই
* ১০ টকাকৈ লভ্যাংশ দিছে গুজৰাট ইনট্রাক্স লিমিটেডে
* আজি চতুর্থ ত্রৈমাসিকৰ ফলাফল প্রকাশ কৰিছে নিট্টা জিলেটিন, বিজয় টেক্সটাইল আৰু ছানোফি কনজিউমাৰ হেল্থকেয়াৰে
* আজি বার্ষিক ফলাফল প্রকাশ কৰিছে জিন্দাল ছ’ লিমিটেড, মাৰিকো, চিটি ইউনিয়ন বেংক, ভি মার্ট ৰিটেলে
* বার্ষিক ফলাফলৰ লগতে চতুর্থ ত্রৈমাসিকৰ ফলাফল প্রকাশ কৰিছে ইণ্ডিয়ান অ’ভাৰছিজ বেংক, ধানি ছার্ভিচেছ, গোডৰেজ প্রপার্টিজ, নিউজেন ছফ্টৱেৰ টেক, আৰআৰ কেবলে
* আজি ৫২ সপ্তাহৰ সর্বোচ্চ স্তৰ স্পৰ্শ কৰিছে একাধিক সংস্থাই । ইয়াৰ ভিতৰত আছে আইচিআইচিআই বেংক, মেক্স ফাইনেন্সিয়েল ছার্ভিচেছ, ইউপিএল, নবীন ফ্ল’ৰিণ ইন্টাৰনেশ্যনেল, ভাৰতী হেক্সাকম, মাজাগন ডক শ্বিপবিল্ডাৰ্ছ আৰু কৰমণ্ডল ইন্টাৰনেশ্যনেল ।
* আজি ৫২ সপ্তাহৰ সর্বনিম্ন স্তুৰ স্পৰ্শ কৰিছে ছুইগী, ৰামকৃষ্ণ ফ’র্জিং আৰু প্রাজ ইণ্ডাষ্ট্ৰীজে

২ মে’ত বজাৰ বন্ধ হোৱা সময়লৈকে পোৱা তথ্য

যদি কোনো শ্বেয়াৰত বিনিয়োগ কৰিব খোজে, তেন্তে সেই শ্বেয়াৰৰ বিষয়ে সবিশেষ অধ্যয়ন আৰু বিশ্লেষণ কৰক । এই প্ৰতিবেদন কেৱল শিক্ষাৰ উদ্দেশ্যে । TV9-অসমে কোনো বিনিয়োগৰ পৰামৰ্শ নিদিয়ে ।
বিঃদ্ৰঃ- যিকোনো বিনিয়োগত বজাৰৰ বিপদ জড়িত হৈ থাকে । গতিকে বিনিয়োগ সম্পৰ্কীয় সকলো নথি-পত্ৰ প্ৰথমে ভালদৰে পঢ়ি লওক । তাৰ পাছতহে বিনিয়োগৰ সিদ্ধান্ত গ্ৰহণ কৰক ।