জলৰ পৰা এইবাৰ ভেদ হ’ব আকাশঃ বাচনিৰ পিছত নৌসেনাত ২৬ শক্তিধৰ যুঁজাৰু
ন শক্তিৰে সজ্জিত হৈছে ভাৰতীয় নৌসেনা। ভাৰতে এতিয়া নৌসেনাৰ বাবে ক্ৰয় কৰিছে ‘আকাশভেদী’ শক্তি। যোৱা সোমবাৰে নতুন দিল্লীয়ে ফ্ৰান্সৰ সৈতে মুঠ ৬৩ হাজাৰ কোটি টকাৰ চুক্তি স্বাক্ষৰ কৰি অপেক্ষাৰ অন্ত পেলায়। এই চুক্তিৰ ফলস্বৰূপে এতিয়া ভাৰতীয় নৌসেনা হৈ উঠিব অত্যন্ত শক্তিশালী।

চুবুৰীয়া পাকিস্তানৰ সৈতে ক্ৰমবৰ্ধমান সংঘাতময় পৰিস্থিতিয়ে শেহতীয়া সময়ছোৱাত যথেষ্ট উদ্বেগৰ সৃষ্টি কৰিছে। এনে পৰিস্থিতিয়ে দেশবাসীৰ মনত যুদ্ধৰ আশংকাও ঘণীভূত হৈছে। তাৰ মাজতে এতিয়া ন শক্তিৰে সজ্জিত হৈছে ভাৰতীয় নৌসেনা। ভাৰতে এতিয়া নৌসেনাৰ বাবে ক্ৰয় কৰিছে ‘আকাশভেদী’ শক্তি। যোৱা সোমবাৰে নতুন দিল্লীয়ে ফ্ৰান্সৰ সৈতে মুঠ ৬৩ হাজাৰ কোটি টকাৰ চুক্তি স্বাক্ষৰ কৰি অপেক্ষাৰ অন্ত পেলায়। এই চুক্তিৰ ফলস্বৰূপে এতিয়া ভাৰতীয় নৌসেনা হৈ উঠিব অত্যন্ত শক্তিশালী।
চলিত মাহৰ আৰম্ভণিতে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন মন্ত্ৰীসভাই প্ৰতিৰক্ষা চুক্তিত অনুমোদন জনাইছিল। তাৰ পিছতে সোমবাৰে অৱশেষত ৰাফেলৰ চুক্তি চূড়ান্ত হ’ল। জানিব পৰা মতে ভাৰত চৰকাৰে এইবাৰ বায়ুসেনাৰ বাবে নহয়, নৌসেনাৰ বাবে ইমান বৃহৎ পৰিমাণৰ টকা খৰচ কৰিছে। প্ৰশাসনিক সূত্ৰৰ মতে, যদিও সোমবাৰে ৰাফেল চুক্তি স্বাক্ষৰিত হয়, ২০২৮ চনতহে ফ্ৰান্সে প্ৰথমটো বেচ ডেলিভাৰী কৰিব।
ইয়াৰ পিছত ২০৩১ চনৰ ভিতৰত ৰাফেলৰ ডেলিভাৰী সম্পূৰ্ণ হ’ব বুলি জানিব পৰা গৈছে। এই সময়ছোৱাত ফ্ৰান্সে মুঠ ২৬খন ৰাফেল প্ৰেৰণ কৰিব। ইয়াৰে ২২খন একক আসনৰ আৰু ৪খন দুখন আসনৰ প্ৰশিক্ষণ যুঁজাৰু বিমান। এই ৰাফেলসমূহ নৌসেনাৰ অন্যতম ‘নিৰ্ভৰযোগ্য’ জাহাজ আই এন এছ বিক্ৰান্ত আৰু আই এন এছ বিক্ৰমাদিত্যত ৰখা হ’ব। এক সূত্ৰ অনুসৰি ভাৰতৰ নৌসেনাই প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ পৰা মুঠ ৫৭খন ৰাফেল যুদ্ধ বিমান বিচাৰিছিল।
কিন্তু একেলগে ইমানসংখ্যক ৰাফেল ক্ৰয়ত বৃহৎ পৰিমাণৰ ধনৰ প্ৰয়োজন হোৱাৰ প্ৰতি লক্ষ্য ৰাখি এতিয়াৰ বাবে ২৬ খন ৰাফেল ক্ৰয়ৰ বাবে কেন্দ্ৰই অনুমোদন জনাইছে। ফ্ৰান্সৰ ডাছল্ট কোম্পানীয়ে এই শক্তিশালী ৰাফেল যুদ্ধ বিমান নিৰ্মাণ কৰে। ইয়াৰ পূৰ্বে ২০১৫ চনত ভাৰতে কোম্পানীটোৰ পৰা মুঠ ৩৬ খন ৰাফেল ক্ৰয়ৰ চুক্তিত স্বাক্ষৰ কৰিছিল। এই ৰাফেলকেইখন ভাৰতীয় বায়ুসেনাৰ বাবে ক্ৰয় কৰা হৈছিল।
বিশেষজ্ঞসকলৰ মতে সমগ্ৰ বিশ্বতে ৰাফেল নিজৰ মাল্টি-ৰোলিং ক্ষমতাৰে শত্ৰুৰ ওপৰত আধিপত্য বিস্তাৰ কৰাত সিদ্ধহস্ত। শত্ৰু যিমানেই দূৰত নাথাকক কিয়, ৰাফেলৰ SCALP ক্ৰুজ মিছাইলে নিমিষতে ধ্বংস কৰিবলৈ সক্ষম। ইয়াৰ উপৰিও ৰাফেলে ইউৰোপীয় SCALP মিছাইল কঢ়িয়াই নিব পাৰে। এই ক্ষেপণাস্ত্ৰ ২৫০ কিলোমিটাৰ দূৰত থাকিলেও শত্ৰুক ধ্বংস কৰিবলৈ সক্ষম। ইৰাক আৰু লিবিয়াকে ধৰি বিশ্বৰ কিছুমান ভয়াৱহ যুদ্ধত SCALP ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰা হৈছে।
আনকি ৰাফেল এম বিমানে এয়াৰ টু এয়াৰ মিছাইল কঢ়িয়াই নিব পাৰে। এই ক্ষেপণাস্ত্ৰই আকাশৰ পৰা শত্ৰুক নিৰ্মূল কৰে। তদুপৰি ৰাফেলে ঘণ্টাত ২২২২ কিলোমিটাৰ বেগত আকাশৰ মাজেৰে গতি কৰিব পাৰেও বুলিও বিশেষজ্ঞসকলে উল্লেখ কৰিছে। এনে মহাশক্তিধৰ ৰাফেলে আগন্তুক সময়ত নৌসেনাৰ শক্তি বহুলাংশে বৃদ্ধি কৰিব বুলি বিশেষজ্ঞসকলে প্ৰকাশ কৰিছে।