TV9 ASSAM
বহু লোকে ভ্ৰমণৰ সময়ত বমি ভাব বা বমিৰ সমস্যাৰ সন্মুখীন হয়। যদি আপুনিও প্ৰায়ে এই সমস্যাৰ সন্মুখীন হয়, তেন্তে আপোনাক কিছুমান ঘৰুৱা উপায়ৰ বিষয়ে কম যিবোৰ আপোনাৰ বাবে সহায়ক হ’ব পাৰে।
বমি ভাব বা বমিৰ সমস্যাত নেমু অতি উপকাৰী হিচাপে বিবেচিত হয়। নেমু কাটি তাৰ ওপৰত ক’লা নিমখ দি তাৰ ৰস লাহে লাহে চুহি খাব।
এই ক্ষেত্ৰত আদাও অতি উপকাৰী বুলি বিবেচিত হয়। নেমু আৰু ক’লা নিমখ লগাই আদা এটুকুৰা মুখত দি লাহে লাহে তাৰ ৰস চুহি লওক। ইয়াৰ উপৰিও আদাৰ পানী প্ৰস্তুত কৰি লগত লৈ যাব পাৰে।
হজম শক্তিৰ বাবে চফ অতি উত্তম বুলি গণ্য কৰা হয়। চফ খালে মুখৰ সোৱাদ ভাল হয় আৰু বমিৰ সমস্যা নিয়ন্ত্ৰিত হয়।
ভ্ৰমণৰ সময়ত আপোনাৰ লগত তুলসীৰ পাত নিশ্চয়কৈ ৰাখিব। বমি ভাব হ'লে ৪-৫টা তুলসীৰ পাত চোবাই খাব। লগত মৌ খাব পাৰে।
ভ্ৰমণৰ যাওতে সদায় লগত সেউজীয়া ইলাচি লগত ৰাখক। বমি অনুভৱ হ’লে টফিৰ দৰে সেউজীয়া ইলাচি মুখত ৰাখি তাৰ ৰস খাব লাগে।
এটা দীঘলীয় উশাহ লৈ ভ্ৰমণ আৰম্ভ কৰক। লগতে বিভিন্ন উপায়েৰে নিজক ব্যস্ত ৰাখক। আপুনি গান শুনিব, চিনেমা উপভোগ কৰিব পাৰে। নহ'লে চকু মুদি আৰাম ল'ব পাৰে।
চাবলৈ ক্লিক কৰক